হীনমান্যতা অথবা হতাশগ্ৰস্ততাই কেতিয়াবা বিপথে পৰিচালিত কৰে একোজন ব্যক্তি বিশেষক। অন্য লোকৰ ককৰ্থনা অথবা উপলুঙাই কেতিয়াবা নিৰ্দ্দিষ্ট এজন ব্যক্তিক মানসিকভাৱে ভাঙি পেলায়। এই আটাইবোৰ বস্তুই কেতিয়াবা এজন লোকৰ ব্যক্তিগত জীৱনতো প্ৰভাৱ বিস্তাৰ কৰে। প্ৰত্যেকজন জনসাধাৰণে জীৱনত এনে এক পৰিস্থিতিৰ সন্মুখীন নোহোৱাকৈ থকা নাই; কোনোৱে যদি এনে পৰিস্থিতিত নিজক সংযম কৰি ৰাখিব পাৰিছে তাতেই আকৌ কাৰোবাক এই হীনমন্যতাই আন্ধাৰলৈ ঠেলি দিছে। সম্প্ৰতি ঘটা এনে কিছু ঘটনা সুলভ হৈ পৰিছে সকলোৰে বাবে। উল্লেখ্য যে, এনে সময়ত সকলোৰে আপোন হৈ পৰা চচিয়েল মিডিয়াই কিছু ভিত্তিহীন বাতৰি প্ৰচাৰ কৰিছে যদিও ইয়াৰ দ্বাৰা ভিন্ন ন-প্ৰতিভাও দেখিবলৈ পাইছে দৰ্শকে। দৈনন্দিন হিচাপত মুক্তিপ্ৰাপ্ত একোখন চুটি ছবি আপোনালোকে নিশ্চয় সকলোৱে উপভোগ কৰিছে; এনেক্ষেত্ৰতে আকৌ এবাৰ আন এখন চুটি ছবিৰ দ্বাৰা বহিঃপ্ৰকাশ ঘটিছে একাংশ নৱপ্ৰজন্মৰ শিল্পীৰ প্ৰতিভা।
মনোৰঞ্জন ক্ষেত্ৰৰ প্ৰতি ক্ৰমান্বয়ে আকৰ্ষিত একোজন উদীয়মান যুৱকৰ প্ৰচেষ্টাৰে নিৰ্মিত “KITE” শীৰ্ষক এখন চুটি ছবিয়ে ইতিমধ্যে লাভ কৰিছে মুক্তি। “লক-ডাউন” ত জনসাধাৰণে দেখিবলৈ পোৱা একাংশ প্ৰতিভাৰ মাজৰ উক্ত চুটি ছবিখনেও দৰ্শকৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। নিহাৰ জে. দাসৰ পৰিচালনা আৰু সম্পাদনাৰে নিৰ্মিত এই চুটি ছবিখনত নৱপ্ৰজন্মৰ এটি জীঁয়া কাহিনীক উপস্থাপন কৰা হৈছে। পৰিচালক গৰাকীৰ প্ৰথম প্ৰচেষ্টা ৰূপে ছবিখনত কিছু খুঁটি-নাতি ৰৈ গৈছে যদিও ছবিখনৰ দৃশ্যগ্ৰহণ তথা কাৰিকৰী ক্ষেত্ৰত ই নিখুঁত।

ছবিখনৰ কাহিনী ৰিয়া বৈশ্যৰ লগতে ইয়াৰ দৃশ্যগ্ৰহণ ৰিয়ান দ্বীপেন নাথ লগতে জয়চি কাশ্যপৰ। শব্দ ব্যৱস্থাপনা ও শব্দ সংমিশ্ৰণ ধ্ৰুৱ হাজৰিকাৰ। ভইচ অভাৰ আছিল অভিজিৎ শৰ্মা আৰু জুবিন দাসৰ। ছবিখনত অভিনয় কৰিছে দেৱাশীষ কাশ্যপ, ৰিয়া বৈশ্য, হংসৰাজ তালুকদাৰ, মানস পি বৈশ্য, জিতুমণি চৌধুৰী আৰু জিত কলিতাই।
Add comment