Rupaliparda.com
ত্ৰিদিব লাহনৰ কাহিনী; ৰাজেশ ভূঞাৰ পৰিচালনাৰে পূৰণি "জানমণি" ক ন-ৰূপত ৰাইজৰ মাজলৈঃ 1

ত্ৰিদিব লাহনৰ কাহিনী; ৰাজেশ ভূঞাৰ পৰিচালনাৰে পূৰণি “জানমণি” ক ন-ৰূপত ৰাইজৰ মাজলৈঃ

বিগত বহু দিনৰ পৰা চৰ্চা লাভ কৰা এটা খবৰেই হৈছে এন.কে প্ৰডাকচনৰ। নতুন ছবি মুক্তি লাভৰ পৰা আৰম্ভ কৰি নতুনকৈ OTT প্লেটফৰ্ম মুকলি কৰালৈ প্ৰত্যেকটো ক্ষেত্ৰতেই অগ্ৰণী ভূমিকা লোৱা দেখিবলৈ পোৱা গৈছে এন.কে প্ৰডাকচনক। ইতিমধ্যে উক্ত প্ৰডাকচন হাউচটোৰ বেনাৰত দুখনকৈ নতুন ছবি মুক্তি লাভ কৰা কথা আপোনালোকে শুনিবলৈ পাইছে। কিন্তু আজি আমি আপোনালোকক যিখন ছবিৰ কথা ক’ম সেইখনৰ কথা হয়টো বৰ্তমানলৈ আপোনালোকে ভবা নাই। এন.কে.প্ৰডাকচনৰ সৈতে জড়িত কেইবাগৰাকীও পূৰণি শিল্পীক লগ লৈ মুক্তি লাভ কৰিব অসমীয়া ছবি “জানমণি ৱেব ফিল্ম”। ইতিমধ্যে ছবিখনৰ প্ৰায় কামেই সম্পূৰ্ণ হৈ উঠিছে। “জানমণি” নামেৰে যথেষ্ট জনপ্ৰিয়তা ও সমাদৰ লাভ কৰা অভিনেত্ৰী শ্যামন্তিকাক পুনৰ বাৰ দৰ্শকে দেখিবলৈ পাব “জানমণি” চৰিত্ৰত। বিগত ৬ বছৰৰ অন্তত এন.কে প্ৰডাকচন আৰু জানমণি শ্যামন্তিকাৰ ঘূৰি অহা কথাটোৱেই নিশ্চয়কৈ উৎসাহিত কৰি তুলিব অসমীয়া চলচিত্ৰ প্ৰেমী দৰ্শকক। আচলতে, এই ছবিখন উপভোগৰ বাবে দৰ্শক যাবলগীয়াও নহ’ব চিত্ৰগৃহলৈ। NK Bigstar নামৰ এপটোতেই উপলদ্ধ হ’ব এই ছবিখন।

ত্ৰিদিব লাহনৰ কাহিনী; ৰাজেশ ভূঞাৰ পৰিচালনাৰে পূৰণি "জানমণি" ক ন-ৰূপত ৰাইজৰ মাজলৈঃ 2
ত্ৰিদিব লাহনৰ কাহিনী; ৰাজেশ ভূঞাৰ পৰিচালনাৰে পূৰণি "জানমণি" ক ন-ৰূপত ৰাইজৰ মাজলৈঃ 3


ৰাজেশ ভূঞাৰ পৰিচালনাৰে ছবিখনৰ কাহিনী ত্ৰিদিব লাহনৰ। উল্লেখ্য যে, ত্ৰিদিব লাহনক পুনৰ বাৰ দৰ্শকে দেখিবলৈ পাব খলনায়কৰ চৰিত্ৰত। প্ৰেম-বিষাদক কেন্দ্ৰ কৰি নিৰ্মিত হোৱা এই “জানমণি ৱেব ফিল্ম” খনত শ্যামন্তিকা শৰ্মাৰ নতুন ৰূপ দেখিবলৈ পাব দৰ্শকে; পূৰণি “জানমণি” ক কেতিয়াকৈ লগ পাবলৈ সক্ষম হ’ব দৰ্শক সেয়া আচলতে এতিয়াও জানিব পৰা হোৱা নাই। ছবিখনৰ আন আন গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে জ্যােতি ভূঞা, মিনু বণিয়া, নিৰূপম শইকীয়া, ৰেবা ফুকন, মিহিৰ জ্যোতি বৰুৱা, বাৰবি ৰাজখোৱা, উদয় শংকৰ, হিমাংশু গগৈ, দেৱজিৎ ডেকা।

ত্ৰিদিব লাহনৰ কাহিনী; ৰাজেশ ভূঞাৰ পৰিচালনাৰে পূৰণি "জানমণি" ক ন-ৰূপত ৰাইজৰ মাজলৈঃ 4


জ্ঞান গৌতমৰ দৃশ্যগ্ৰহণেৰে ছবিখনত কৰিঅ’গ্ৰাফাৰৰ দায়িত্বত আছিল উদয় শংকৰ। বেকগ্ৰাউণ্ড স্কৰ পলাশ সূৰ্য্য গগৈৰ আৰু সম্পাদনা গগণ ৰাজৰ। আনহাতে, ডি.আই কালাৰিষ্ট সুজিৎ কাৰ্মাকাৰৰ আৰু সংগীত বিমান বৰুৱাৰ। এন.কে.প্ৰডাকচনৰ বেনাৰত নিৰ্মিত ছবিখনৰ প্ৰমো’ সম্পাদনা মনুজিৎ শৰ্মাৰ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform