Rupaliparda.com
কোৱাৰেন্টাইনত "লোকেল উৎপাত" ক লৈ ব্যস্ত কেনী বসুমতাৰীঃ 1

কোৱাৰেন্টাইনত “লোকেল উৎপাত” ক লৈ ব্যস্ত কেনী বসুমতাৰীঃ

“লক-ডাউন” ৰ সময়ছোৱাত বিভিন্ন জন অসমীয়া শিল্পী বিভিন্নটা কামত ব্যস্ত হৈ আছে। কোনোৱে নতুনকৈ প্ৰকল্প আৰম্ভ কৰিছে; আনহাতে কোনোৱে আকৌ তেওঁৰ আহিবলগীয়া প্ৰকল্পটোৰ সৈতেই ব্যস্ত হৈ আছে। মুঠতে, আৱদ্ধ হৈ থকা সময়ছোৱাতো “মনোৰঞ্জন” ৰ স্বাৰ্থত শিল্পী সকলে কোনো ধৰণৰ নিজক জিৰণি প্ৰদান কৰা নাই। এনেসময়তে, নিজ আগন্তুক ছবিখনক লৈ ব্যস্ত হৈ থকা পৰিচালক গৰাকী হৈছে কেনী বসুমতাৰী। “লোকেল কুংফু” ৰ দ্বাৰা পৰিচালনাৰ কাম আৰম্ভ কৰা কেনী বসুমতাৰী অসমীয়া চলচিত্ৰ প্ৰেমীৰ বাবে এক জনপ্ৰিয় নাম। ৯৫ হাজাৰ টকাৰ বাজেটেৰে নিৰ্মিত কেনী বসুমতাৰীৰ প্ৰথমখন ছবিয়ে মুক্তি লাভৰ পিছতেই বহুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। শেহতীয়াকৈ ৰূপালীপৰ্দাৰ সৈতে হোৱা কথা-বতৰাত তেওঁক যেতিয়া “লক-ডাউনে” ছবিক্ষেত্ৰত কি প্ৰভাৱ পেলাব বুলি সোধা হৈছিল তেতিয়া তেওঁ কৈছিল যে,

কোৱাৰেন্টাইনত "লোকেল উৎপাত" ক লৈ ব্যস্ত কেনী বসুমতাৰীঃ 2


“লক-ডাউনে” ছবিক্ষেত্ৰত প্ৰভাৱ পেলোৱাটো নিশ্চিত যদিও ই কিমান হাৰত ঋণাত্মক প্ৰভাৱ বিস্তাৰ কৰিব সেয়া এতিয়ালৈ ক’ব পৰা নাই। কিয়নো যদিহে সম্প্ৰতি বলীউড ছবিসমূহ মুক্তি দিয়া নহয় তেতিয়াহ’লে কেৱলমাত্ৰ অসমীয়া ছবিৰ বাবেই যে চিনেমাহ’ল সমূহ খুলি দিব সেয়া নিশ্চিতকৈ ক’ব পৰা নাযায়। গতিকে, বৰ্তমান সময়ত কোনো কথাই স্পষ্টকৈ ক’ব পৰা হোৱা নাই।” ইয়াৰ উপৰিও, কেনী বসুমতাৰীক তেওঁৰ আগন্তুক ছবিখন মুক্তিৰ বিকল্প উপায় কিবা ভাবিছে নেকি বুলি সোধাত তেওঁ কয় যে, “এতিয়ালৈ সেই বিষয়ে তেওঁৰ কোনো ধৰণৰ পৰিকল্পনা নাই।” উল্লেখ্য যে, “লক-ডাউন” ৰ সময়ছোৱাত কেনী বসুমতাৰী ব্যস্ত হৈ আছে তেওঁৰ আহিবলগীয়া ছবি “লোকেল উৎপাত” ৰ ডাবিং আৰু সম্পাদনাক লৈহে।

কোৱাৰেন্টাইনত "লোকেল উৎপাত" ক লৈ ব্যস্ত কেনী বসুমতাৰীঃ 3


“লোকেল উৎপাত” ছবিখন পৰিচালনাৰ লগতে ইয়াৰ চিত্ৰনাট্য আৰু সংলাপ হৈছে কেনী বসুমতাৰীৰ। ইয়াৰ লগতে, ছবিখনৰ এটা মূখ্য চৰিত্ৰতো অভিনয় কৰিছে কেনীয়ে। বনী দেউৰী, পুনম গুৰুঙৰ লগতে হিমাংশু গগৈ আৰু কৌশিক নাথকো দেখিবলৈ পোৱা যাব উক্ত ছবিখনত। চলিত বৰ্ষৰ ৪ ছেপ্তেম্বৰ তাৰিখে ছবিগৃহত মুক্তি লাভ কৰিব “লোকেল উৎপাত”।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform