Rupaliparda.com
ফটুৱা ক্ৰিয়েটিভৰ নিবেদন "ম্যাদ" য়ে এতিয়া আজুৰিছে শ্ৰোতাঃ 1

ফটুৱা ক্ৰিয়েটিভৰ নিবেদন “ম্যাদ” য়ে এতিয়া আজুৰিছে শ্ৰোতাঃ

“লক-ডাউন” সময়ছোৱাত বহু ন-ন প্ৰতিভাৰ সৈতে আগবঢ়া দেখিবলৈ পোৱা গৈছে নৱপ্ৰজন্মক। প্ৰত্যেকদিনাই কিছু ন-ন বিষয়বস্তুক সামৰি দৰ্শকৰ মাজত এৰি দিছে এওঁলোকে। সেয়া পৰিচালনাই হওঁক অথবা কোনোৱে নিজাববীয়াকৈ লিখি উলিওৱা এটা কাহিনীয়ে নহওঁক কিয়; সকলোতেই নতুনত্বৰ সোঁৱাদ দিছে এওঁলোকে। এইকেইদিনত সঘনাই শুনি থকা দুটা নাম হৈছে ঝুনাকংকন ভূঞা আৰু পাপলু চেতিয়া। এওঁলোকৰ যুঁটীয়া প্ৰচেষ্টাৰে সদ্যমুক্তিপ্ৰাপ্ত “ম্যাদ” য়ে বৰ্তমান হৃদয় জুৰ পেলাইছে জনসাধাৰণৰ। ৪ মিনিট দৈৰ্ঘ্যৰ এটি অডিঅ’ ৰ দ্বাৰা শ্ৰোতাক পূৰণি দিনলৈ ঘূৰি যাবলৈ বাধ্য কৰি পেলাইছে নৱপ্ৰজন্মৰ উদীয়মান যুৱক দুগৰাকীয়ে। বৰ্তমান সময়ছোৱাৰ শিল্পী সকলৰ মাজত ঝুনাকংকন ভূঞাৰ কন্ঠটো সকলোৰে পৰিচিত কিন্তু এইবাৰ ঝুনাকংকনে কলমৰ পিয়লাৰে নিগৰাইছে শব্দ আৰু ইয়াত নিজ কন্ঠৰ মাদকতাৰে পৰিপূৰ্ণ কৰি তুলিছে পাপলু চেতিয়াই।


বিশ্ববিদ্যালয় খনত পঢ়ি থকা অথবা হোষ্টেল খনত থকা সময়খিনি সকলোৰে বাবেই যথেষ্ট আপোন হৈ পৰে। আচলতে, বিশ্ববিদ্যালয় তথা হোষ্টেলৰ জীৱনটো যিয়ে জীয়াব নোৱাৰে তাৰ জীৱনটোত সি ৰস নাপালেই বুলিয়ে বহুতেই কয়। উক্ত পঢ়ি থকা সময়খিনিৰ যি অনুভৱ; সেই অনুভৱে প্ৰতিটো পলত, প্ৰতিটো ক্ষণত ব্যক্তিবিশেষক ৰোমাঞ্চিত কৰি ৰাখিব পাৰে। সৰুতকৈ সৰু কাহিনীয়েও তেওঁলোকৰ আগন্তুক জীৱনৰ সময়ছোৱাত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। এই আটাইবোৰ প্ৰাপ্তি- অপ্ৰাপ্তিৰ সমীকৰণক লৈ নিৰ্মাণ কৰি উলিওৱা হৈছে “ম্যাদ”।

ফটুৱা ক্ৰিয়েটিভৰ নিবেদন "ম্যাদ" য়ে এতিয়া আজুৰিছে শ্ৰোতাঃ 2


“ম্যাদ” ৰ কাহিনীভাগৰ প্ৰতিটো খণ্ডক দুদিনৰ মূৰত মুকলি কৰা হ’ব ইউটিউবত। ইয়াৰ সম্পাদনা কৰিছে ৰুবুল কাঠ হাজৰিকা আৰু কভাৰ ডিজাইন কৰিছে হিৰকজ্যোতি নেওঁগ আৰু ভাৰ্গৱ বৰাই। ফটুৱা ক্ৰিয়েটিভৰ নিবেদন “ম্যাদ” এতিয়া সকলোৰে উৎকন্ঠা।

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.