ধাৰাবাহিক ক্ষেত্ৰখনত শেহতীয়াকৈ জনপ্ৰিয় হৈছিল এখন ধাৰাবাহিক “তোমাৰ মৰমে মোক”। ধাৰাবাহিকখনৰ কাহিনীভাগৰ লগতে প্ৰত্যেকটো চৰিত্ৰৰ অভিনয়ৰ পুংখানুপুংখতাই আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল দৰ্শকক। ধাৰাবাহিকখনৰ এনে সফলতাৰ আঁৰত থকা ব্যক্তি গৰাকীয়েই হৈছে পৰিচালক অমিতাভ বৰা। পৰিচালক গৰাকীৰ নামটো অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনৰ বাবে এক চিনাকী নাম; তেওঁ কেৱল ধাৰাবাহিক অথবা ছবিৰ লগতেই নহয় তেওঁ সংগীত ক্ষেত্ৰখনৰ সৈতেও ওতঃপ্ৰোত ভাৱে জড়িত। কিছুদিন পূৰ্বে সংবাদ মাধ্যমত বহুল ৰূপত চৰ্চিত হৈছিল পৰিচালক অমিতাভ বৰা। আগন্তুক অসমীয়া ছবি “জনকনন্দিনী” ৰ পৰা অমিতাভ বৰাৰ নাম আঁতৰাই দিয়াৰ ফলত খলকনিৰ সৃষ্টি হৈছিল সচেতন মহলত। পৰিচালক গৰাকীৰ সৈতে হোৱা এনে ঘটনাৰ পিছতো তেওঁ অকলশৰীয়া যুঁজত অৱতীৰ্ণ হৈছিল।
ৰূপালীপৰ্দাৰ দেওঁবৰীয়া বিশেষত আজি আমাৰ সৈতে আছে পৰিচালক অমিতাভ বৰা; পাতিছিলো তেওঁৰ সৈতে কিছু কথা। চাওঁচোন আহকঃ
প্ৰশ্নঃ আপুনি পৰিচালনাৰ সৈতে কেতিয়াৰ পৰা জড়িত?
অমিতাভ বৰাঃ পৰিচালনাৰ ক্ষেত্ৰ খনলৈ মই অকণমান দেৰিকৈ আহিছো যদিও মোৰ প্ৰথম প্ৰেম “সংগীত”। সৰুৰ পৰা সংগীতৰ সৈতে জড়িত থকা উপৰিও স্কুল, কলেজ আদিত মই সাংস্কৃতিক ক্ষেত্ৰত সক্ৰিয় হৈ কাম কৰিছিলো। সেয়া লাগিলে তবলা বজোৱাই হওঁক অথবা গান গোঁৱাই হওঁক। সদায় গান এটা শুনিলে মোৰ কাল্পনিক পৃথিৱীখনত গীতটিৰ ভিডিঅ’টো ঘূৰি থাকে। এইবোৰৰ বাবেই দিল্লীত মই দুবছৰৰ পৰিচালনাৰ শিক্ষা গ্ৰহণ কৰিলো আৰু মুম্বাইলৈ গৈ এবছৰ মান সময় সহঃ পৰিচালকৰ দায়িত্বত থাকিলো। ইয়াৰ পিছতেই মই উভতি আহিলো অসমলৈ আৰু নিজৰ শিক্ষানুযায়ী তথা সৃজনীশিল কাম সমূহ কৰিবলৈ আৰম্ভ কৰিলো; এনেকৈয়ে আৰম্ভ হ’ল মোৰ পৰিচালনাৰ যাত্ৰা। কিন্তু, এতিয়াও মোৰ বাবে প্ৰথম প্ৰেম সংগীত। মই যদি এতিয়াও কিবা এটা দৃশ্য চিন্তা কৰিবলগীয়া হয় তেতিয়াও মই গান শুনো। Music is my Inspiration, My source of Everything”। পৰিচালনাৰ আগত মোক গায়ক হিচাপেই চিনি পাইছিল লোকবোৰে; “দিচাং ৰাঙলী” গীতটি জনপ্ৰিয়ও হৈছিল মোৰ।
প্ৰশ্নঃ সদ্যসমাপ্ত “তোমাৰ মৰমে মোক” ধাৰাবাহিকখনে বহুল দৰ্শকৰ সহাঁৰি লাভ কৰিছিল; এজন পঅৰিচালক ৰূপে আপুনি কি ক’ব?
অমিতাভ বৰাঃ “তোমাৰ মৰমে মোক” বৰ ধুনীয়া অভিজ্ঞতা; যদিও গোটেই যাত্ৰাটোত সংগ্ৰাম আছিল তথাপিও ইয়াৰ দ্বাৰা বহু কথা শিকিলো আৰু বুজিলো। বহু সুন্দৰ সম্পৰ্ক কিছুমানো গঢ়ি উঠিল; আমি আচলতে প্ৰত্যেকজনেই এটা ডাঙৰ পৰিয়ালৰ দৰেই আছিলো। হাঁহি- স্ফূৰ্তি, ধেমালিৰ মাজেৰে কামবোৰ কৰো। লগতে, ধাৰাবাহিকখনৰ প্ৰতিটো চৰিত্ৰ মোৰ বৰ মৰমৰ; সেয়া লাগিলে পাৰিজাতে হওঁক অথবা জয়, মল্লিকা নাইবা ধ্ৰুৱই নহওঁক কিয়! ইয়াত অন্তৰ্ভূক্ত প্ৰতিটো চৰিত্ৰকে মৰমেৰে সঁজাইছিলো; সেইবাবেই হয়টো ৰাইজেও আমাক ইমান বেছিকৈ মৰম দিলে। এতিয়াও ধাৰাবাহিকখনৰ কথা পাতে বহুতে, শুনি ভাল লাগে। আমি বোৰ প্ৰায় লগ হ’লেই কথা পাতো যে “TMM” ৰ পাৰ্ট ২ বনাব পৰা যায় নেকি বুলি!!
প্ৰশ্নঃ শেহতীয়াকৈ আপোনাৰ লগত সংগতি থকা এক বিষয়বস্তুয়ে চৰ্চা লাভ কৰিছিল সংবাদ জগতত; “জনকনন্দিনী” ৰ বিষয় লৈ। কি ক’ব বিচাৰিব?
অমিতাভ বৰাঃ “জনকনন্দিনী” বিষয়ে আৰু কি ক’ম; ইমান কষ্ট কৰি যেতিয়া কাম এটা কৰা হয় আৰু তাৰ যেতিয়া প্ৰতিদান পোৱা নাযায় তেতিয়া মনত আঘাত লাগে। ছবিখনৰ একো একোটা বস্তু মই নিজ হাতেৰে সজাইছিলো তথাপিও শেষত ফল একো নোলালে। ধ্বংস কৰি পেলোৱা দৰেই হ’ল ছবিখন; বৰ ভাল এখন চিনেমা দৰ্শকে উপভোগ কৰিব পালেহেঁতেন কিন্তু এই আটাইবোৰ হ’ল কেৱল মাত্ৰ অহংকাৰৰ বাবে। এতিয়া মই আৰু কাৰো বিষয়ে একো ক’ব নিবিচাৰো। তাত জড়িত থকা শিল্পী, কলা-কুশলীয়ে ছবিখনক লৈ বহুত কষ্ট কৰিছে বাবেই মই আজি নিজৰ মুখ বন্ধ কৰি পেলালো। ছবিখন মুক্তি পালেই হ’ব; সমাজে কিবা এটা ভাল বস্তু পাব বুলিয়ে মই আৰু বাধা নহওঁ ছবিখন মুক্তিৰ ক্ষেত্ৰত।
জীৱনত প্ৰতিটো বস্তুই কিবা নহয় কিবা এটা শিকাই যাব; “জনকনন্দিনী” ৰ পৰাও মই বহুখিনি অভিজ্ঞতা গোটাইছো। কিন্তু এইখিনিতে, নতুন প্ৰজন্মৰ যিখিনি পৰিচালক; তেওঁলোকক এটা কথা ক’ব বিচাৰিম যে কেতিয়াও কাৰো ওপৰত সম্পূৰ্ণ ভৰষা কৰি প্ৰকল্প এটা আৰম্ভ নকৰিব কিয়নো কোনে কোনটো মূহুৰ্তত আঘাত দিব পাৰে সেয়া বহুতেই বুজিব নোৱাৰে। কাৰো ওপৰত বিশ্বাস কৰিব নালাগে মানে সকলো বস্তু পুংখানুপংখভাৱে লিখা হ’ব লাগিব। টকা-পইচাৰ শুদ্ধ উল্লেখ কৰি চুক্তি হ’ব লাগিব; নহ’লে এতিয়া মুখেৰে কোৱা কথাৰ মূল্য নাই।
আমাৰ ছবিক্ষেত্ৰৰ এটা ডাঙৰ অসুবিধা হৈছে যে ইয়াত ছবিখনৰ ফাইনেঞ্চাৰ এজনেই ছবিখনৰ প্ৰযোজক হৈ যায়। প্ৰযোজক গৰাকীৰ যেতিয়া ছবি বিষয়ে কোনোধৰণৰ শিক্ষা নথকাকৈ আহি শ্বুটিং ছেটত দপদপাই ফুৰে তেতিয়া বৰ বেয়া লাগে; সকলোৱে হাঁহে। বাকী ভগৱান আছে; মই বিশ্বাস কৰো তেওঁৰ ওপৰত। তেওঁ সকলো চাই আছে, মই সেইকাৰণে নিশ্চিন্ত।
প্ৰশ্নঃ “লক-ডাউন” য়ে অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনত কেনে প্ৰভাৱ পেলাব বুলি আপুনি ভাবে?
অমিতাভ বৰাঃ “লক-ডাউন” ৰ প্ৰভাৱ বৰ বেয়া। আমাৰ ক্ষেত্ৰখন এনেও বৰ বেছি ভাল নহয়; শিল্পী; কলা-কুশলীকে ধৰি প্ৰায় সকলোবোৰ অৰ্থনৈতিকভাৱে ইমান বেছি সক্ষম নহয়। এতিয়া আকৌ “লক-ডাউন”; ইয়াৰ বাবেই বহুখিনি কাম ৰৈ গৈছে। আমি প্ৰায়বোৰেই ভাড়াঘৰত থাকো; গোটেই মাহটো চলাটো এনে সময়ত অসুবিধা হৈ পৰে। মই মাত্ৰ বিচাৰো চৰকাৰৰ ফালৰ পৰা কোনো এটা ব্যৱস্থা হাতত লোৱাটো নহ’লে আমিও যদি উপাৰ্জনৰ অইন ৰাষ্টা বিচাৰিব নোৱাৰো তেনেহ’লে অসুবিধা হ’ব আমাৰ। কেৱল চৰকাৰৰ ওপৰত ভৰষা কৰি বহি থকাটোও আচলতে ভাল কথা নহয়।
প্ৰশ্নঃ আগন্তুক প্ৰজেক্ট বিষয়ে জানিব খুজিম।
অমিতাভ বৰাঃ আগন্তুক প্ৰজেক্ট বুলি ক’বলৈ বৰ্তমান একো ক’ব নোৱাৰো। পৰিস্থিতি কি হয়; একেবাৰে সকলো অনিশ্চিত হৈ পৰিছে। কিন্তু ইচ্ছা বহুত আছে; অসমীয়া ক্ষেত্ৰখন আগুৱাই লৈ যোৱা ইচ্ছা আছে । বাহিৰৰ মানুহখিনিক দেখুৱাব মন আছে। এয়া ইচ্ছাহে… সপোন। জুবিন দাই গাইছে যে “মন যায়” ; মাত্ৰ এই সকলোবোৰ মন যায়। বাকী আগন্তুক সময়লৈ চাওঁ, ভগৱানে কি ৰাষ্টা দেখুৱায়।
… ধন্যবাদ দাদা। আপোনাৰ আগন্তুক সকলো সপোন সাৰ্থক হওঁক।
অমিতাভ বৰাঃ ধন্যবাদ।
Add comment