Rupaliparda.com
"প্ৰশংসা আৰু সমালোচনা দুইটাই গ্ৰহণ কৰিবলৈ শিকা"- উৎপল দাস 1

“প্ৰশংসা আৰু সমালোচনা দুইটাই গ্ৰহণ কৰিবলৈ শিকা”- উৎপল দাস

এগৰাকী ব্যক্তি নিয়মিত জীৱন-যাপন কৰিবলৈ হ’লে ভাল-বেয়াৰ সৈতে সমানে চলিব লাগিব। ক’ৰবাত যদি ভালৰ সংগ লৈ আগবাঢ়িব পৰা যায় তাতেই আকৌ পৰৱৰ্তী সময়ত বেয়াৰ পৰা হাত এৰুৱাই আগৰ বাটছোৱাত খোজ পেলাবলগীয়া হয়; মুঠতে কেওঁদিশে থকা প্ৰত্যেকটো বস্তুক সামৰি ব্যক্তিবিশেষ আগবাঢ়িবলগীয়া হয় নিজ জীৱনত। এনে এক পজিটিভ মেছেজৰ জৰিয়তে অনুৰাগীৰ কাষ চাপিলে অভিনেতা উৎপল দাস। তেওঁ ইনষ্টাগ্ৰামত কৰা এটি পোষ্টৰ দ্বাৰা কয় যে, “জীৱনত প্ৰশংসা আৰু সমালোচনা দুইটাই গ্ৰহণ কৰিবলৈ শিকা। এপাহ ফুল ফুলিবলৈ সদায় সূৰুযৰ পোহৰ আৰু বৰষুণৰ প্ৰয়োজন”।

অসমীয়া ভিচিডি “ৰিঙা ৰিঙা মন” ৰ দ্বাৰা অভিনয় জীৱনৰ পাতনি মেলা উৎপল দাস বৰ্তমান সময়ৰ এগৰাকী উল্লেখনীয় অসমীয়া অভিনেতা। কেইবাখনো অসমীয়া ভিচিডিত একেলেথাৰিয়ে অভিনয় কৰা উৎপল দাসে কোৱাৰেন্টাইনৰ সময়ছোৱাতো বিভিন্ন ধনাত্মক বাৰ্তা প্ৰদানেৰে অনুৰাগীৰ কাষ চাপিছিল।

"প্ৰশংসা আৰু সমালোচনা দুইটাই গ্ৰহণ কৰিবলৈ শিকা"- উৎপল দাস 2


উৎপল দাসৰ অসমীয়া প্ৰথমখন ছবি আছিল “ধন কুবেৰৰৰ ধন”; ইয়াৰ পিছতেই তেওঁ জনপ্ৰিয় পৰিচালক মুনীন বৰুৱাৰ সৈতেও কাম কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও, একাংশ ভিচিডি আৰু অসমীয়া ছবিত অভিনীত উৎপল দাসে কেইবাখনো অসমীয়া ধাৰাবাহিকতো অভিনয় কৰিছে। বৰ্তমানেও ৰঙত প্ৰচাৰিত “আঁউসীৰ জোনাক” ত অভিনেত্ৰী স্নিগ্ধাৰ সৈতে দেখিবলৈ পোৱা যায় অভিনেতা গৰাকীক। “বৃন্দাবন থিয়েটাৰ” ৰ সৈতেও ওতঃপ্ৰোত ভাৱে জড়িত হৈছিল অভিনেতা উৎপল দাস।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform