Rupaliparda.com
সোণাক্ষী সিনহাৰ জন্মদিনঃ "ডবংগ" ত অভিনয়ৰ বাবে ছলমানে ৰাখিছিল চৰ্ত- 1

সোণাক্ষী সিনহাৰ জন্মদিনঃ “ডবংগ” ত অভিনয়ৰ বাবে ছলমানে ৰাখিছিল চৰ্ত-

বলীউড অভিনেত্ৰী সোণাক্ষী সিনহাই আজিৰ দিনটোতেই জন্মগ্ৰহণ কৰিছিল। শত্ৰুঘ্ন সিনহা আৰু পুনম সিনহাৰ জীয়ৰী সোণাক্ষী সিনহাই ১০ বছৰ কাল এই ক্ষেত্ৰখনত অতিবাহিত কৰিলে। তেওঁৰ প্ৰথমখন ছবি “ডবংগ” য়ে মুক্তি লাভ কৰিছিল ২০১০ চনত। অভিনেত্ৰী গৰাকীৰ ছবিত অন্তৰ্ভূক্তি হোৱা সময়ছোৱাত তেওঁৰ ওজন ইমানেই বেছি আছিল যে তেওঁক সেইটো সময়ত কোনো পৰিচালক, কাষ্টিংগ ডাইৰেক্ট, অভিনেতা আদিয়ে ছবিত ল’বলৈ অমান্ত হৈছিল।

সোণাক্ষী সিনহাৰ জন্মদিনঃ "ডবংগ" ত অভিনয়ৰ বাবে ছলমানে ৰাখিছিল চৰ্ত- 2

সোণক্ষী সিনহা যেতিয়া নিজৰ কেৰিয়াৰক লৈ চিন্তিত হৈ পৰিছিল সেইটো সময়তে তেওঁক অভিনেতা ছলমান খানে মাতে আৰু অভিনেত্ৰী গৰাকীক ছবিত ল’ম বুলি প্ৰস্তাৱ দিয়ে যদিও সেই প্ৰস্তাৱৰ সমান্তৰালকৈ ছলমানে সোণাক্ষীৰ সমুখত এক চৰ্তও ৰাখে। ছলমান খানে তেওঁৰ আগন্তুক ছবিখনত অভিনেত্ৰী গৰাকীক ল’ম বুলি কয় যদিও তেওঁক ওজন কমাবলৈ কয়। সোণাক্ষীয়ে কয় যে সেই সময়ছোৱাত তেওঁ ইমানেই বেছি খাইছিল যে খোৱাত প্ৰতিবন্ধকতা লগোৱাটো তেওঁৰ বাবে একেবাৰেই টান হৈ পৰিছিল।

সোণাক্ষী সিনহাৰ জন্মদিনঃ "ডবংগ" ত অভিনয়ৰ বাবে ছলমানে ৰাখিছিল চৰ্ত- 3


ছলমান খানৰ এনে বিশ্বাসৰ বাবেই সোণাক্ষী সিনহাই দিন-ৰাতিয়ে কষ্ট কৰিবলৈ লয় আৰু যেতিয়া তেওঁৰ নিজ ওজন কমাই ছলমানৰ ওচৰ চাপে; তেতিয়া তেওঁক “ডবংগ” ছবিখন দি দিয়া হয়। “ডবংগ” ছবিখন দিয়াৰ সলনি আকৌ আন এক চৰ্ত ৰাখে অভিনেতা ছলমান খানে। সোণাক্ষীয়ে “ট্ৰীট” দিয়া চৰ্ত ৰাখে ছলমানে। কিন্তু দূৰ্ভাগ্যৱশতঃ অভিনেত্ৰী গৰাকীৰ ওচৰত সেইটো সময়ত টকাৰ অভাৱ হোৱা বাবেই তেওঁ ছলমান খানক “ট্ৰীট” দিব নোৱাৰিলে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.