Rupaliparda.com
নেইলপলিচৰ পৰা লিপষ্টিক লগোৱালৈ জীয়ৰীৰ আলপৈচান ধৰিছে আঙুৰলতা ডেকাইঃ 1

নেইলপলিচৰ পৰা লিপষ্টিক লগোৱালৈ জীয়ৰীৰ আলপৈচান ধৰিছে আঙুৰলতা ডেকাইঃ

এসময়ৰ অভিনেত্ৰী ও বৰ্তমান সময়ৰ বিধায়িকা আঙুৰলতা ডেকাই বিগত কেইবাদিনো ধৰি দৰ্শকক ঘৰতেই থাকি সুস্থ থকাৰ বাৰ্তা প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে। এগৰাকী বিধায়িকা ৰূপে প্ৰত্যেকদিনাই ব্যস্ততাৰ মাজেৰে সমাজ সেৱা কৰা আঙুৰলতাই বৰ্তমান কোৱাৰেন্টাইন সময় পাৰ কৰিছে নিজ জীয়ৰীৰ সৈতে। কিছুদিন পূৰ্বে “লক-ডাউন” ৰ সময়ছোৱাত নিজ অঞ্চলৰে কিছু অসহায় জনক সহায় আগবঢ়াই বাতৰিৰ শিৰোনামো দখল কৰিছিল এই অভিনেত্ৰী গৰাকীয়ে। বৰ্তমান নিজ জীয়ৰীৰ সৈতে গছপুলি ৰোৱাৰ পৰা আৰম্ভ কৰি খাদ্য বনোৱালৈ প্ৰত্যেকটো কামতেই আগভাগ লৈছে অভিনেত্ৰী গৰাকীয়ে।

নেইলপলিচৰ পৰা লিপষ্টিক লগোৱালৈ জীয়ৰীৰ আলপৈচান ধৰিছে আঙুৰলতা ডেকাইঃ 2


নলবাৰীত জন্মগ্ৰহণ কৰা এই গৰাকী অভিনেত্ৰীয়ে ২০০৬ চনত “আমি অসমীয়া” ছবিখনৰ পৰা অসমীয়া চলচিত্ৰ জগতত খোজ পেলায়। উক্ত চিনেমাখনকে ধৰি প্ৰায় ৫ খন ছবি আৰু কেইবাখনো চুটি ছবিত অভিনীত আঙুৰলতাই ভ্ৰাম্যমাণৰ মঞ্চতো অভিনয় কৰিছিল। তেওঁৰ অভিনয়ৰ সমান্তৰালকৈ এগৰাকী বিধায়িকা হিচাপে তেওঁ কৰা কামৰ অনুৰাগীও হৈছে যথেষ্ট জনসাধাৰণ। নগাঁওৰ বৰদোৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই প্ৰায়ে সমাজৰ হৈ বিভিন্ন কামত আগ-ভাগ লোৱা দেখিবলৈ পোৱা যায়।

নেইলপলিচৰ পৰা লিপষ্টিক লগোৱালৈ জীয়ৰীৰ আলপৈচান ধৰিছে আঙুৰলতা ডেকাইঃ 3


আঙুলতাৰ স্বামী আকাশদ্বীপো অসমীয়া অভিনয় ক্ষেত্ৰৰ এক জনপ্ৰিয় নাম। ভিচিডি তথা ছবি, থিয়েটাৰত অভিনীত আকাশদ্বীপে প্ৰায়ে নিজ পত্নীৰ কাম সমূহত সহায় কৰা দেখিবলৈ পোৱা যায়।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform