Rupaliparda.com
"এন.কে প্ৰডাকচনে প্ৰায়ে ব্যতিক্ৰমী বস্তুক উদ্গনি অথবা অৰিহণা যোগাইছে"- দেৱ বৰকটকী 1

“এন.কে প্ৰডাকচনে প্ৰায়ে ব্যতিক্ৰমী বস্তুক উদ্গনি অথবা অৰিহণা যোগাইছে”- দেৱ বৰকটকী

এন.কে প্ৰডাকচন ঘূৰি অহা কথাটোৱে প্ৰডাকচন হাউচটোৰ সৈতে জড়িত ব্যক্তি সকলৰ লগতে উৎসাহিত কৰি তুলিছে অসমীয়া জনসাধাৰণ সমূহকো। উভতি অহাৰ সমান্তৰালকৈ এই প্ৰডাকচন হাউচটোৰ বেনাৰত নিৰ্মিত ছবি সমূহো বৰ্তমান মুক্তিৰ মাজমজিয়াত। সম্প্ৰতি পৰিস্থিতি সমূহৰ বাবে “জানমণি ২০২০” মুক্তি কিছুদিন পিছ পৰি ৰ’ল যদিও ইয়াৰ মুক্তিৰ ব্যতিক্ৰমী চিন্তাত সঁহাৰি জনাইছে এতিয়া প্ৰত্যেকেই। এন.কে প্ৰডাকচনৰ বেনাৰত নিৰ্মিত আগন্তুক দুয়োখন ছবি ক্ৰমে “জানমণি ২০২০” আৰু “দ্য শ্লেম বুক” ৰ প্ৰযোজনাৰ দায়িত্বত আছে দেৱ বৰকটকী। উক্ত দুয়োখন ছবিতেই আচলতে অন্তৰ্ভূক্ত কৰা হৈছে নৱপ্ৰজন্মৰ একাংশ উদীয়মান শিল্পী, কলা-কুশলীক।

"এন.কে প্ৰডাকচনে প্ৰায়ে ব্যতিক্ৰমী বস্তুক উদ্গনি অথবা অৰিহণা যোগাইছে"- দেৱ বৰকটকী 2

ইটোৰ পিছত সিটোকৈ নৱপ্ৰজন্মৰ ন-ন বিষয়বস্তুয়ে ইতিমধ্যে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে এন.কে প্ৰডাকচনকো।উল্লেখ্য যে, ১৯৮৯ চনৰ পৰা এন.কে প্ৰডাকচনৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত দেৱ বৰকটকীৰ সৈতে ৰূপালীপৰ্দাৰ হোৱা কথা বতৰাত তেওঁক যেতিয়া এন.কে প্ৰডাকচনৰ বিভিন্ন নতুন প্ৰকল্পত নৱপ্ৰজন্মৰ অন্তৰ্ভূক্তিৰ বিষয়ে সোধা হৈছিল তেতিয়া তেওঁ কৈছিল যে,

"এন.কে প্ৰডাকচনে প্ৰায়ে ব্যতিক্ৰমী বস্তুক উদ্গনি অথবা অৰিহণা যোগাইছে"- দেৱ বৰকটকী 3


“আচলতে সময় অনুযায়ী আমি সকলোবোৰ সলনি হ’ব লাগিব। আমাৰ মানৱ জাতিটোৰ লগতে সংগীত ও ছবি এই সকলোবোৰ ক্ষেত্ৰই এটা সময়ত সলনি হোৱাটো জৰুৰী হৈ পৰে। বৰ্তমান নেটফ্লিক্স, এমেজন প্ৰাইম টাইম অথবা ভিন্ন OTT প্লেটফৰ্মৰ যুগ; সকলো ল’ৰা-ছোৱালীয়ে ইয়াক গ্ৰহণো কৰিছে গতিকে এনেবোৰ ক্ষেত্ৰত আমি সকলো সলনি হ’ব লাগিব। ইয়াৰ লগতে, এন.কে প্ৰডাকচনে প্ৰায়ে ব্যতিক্ৰমী বস্তুক উদ্গনি অথবা অৰিহণা যোগাইছে; এয়া অকল বিষ্ণুজ্যোতি সন্দিকৈ অথবা প্ৰাঞ্জল গৈয়াৰী বুলিয়ে নহয় এন.কে প্ৰথমৰ পৰাই নতুনক গ্ৰহণ কৰি আগবাঢ়িছে।”

"এন.কে প্ৰডাকচনে প্ৰায়ে ব্যতিক্ৰমী বস্তুক উদ্গনি অথবা অৰিহণা যোগাইছে"- দেৱ বৰকটকী 4


ইয়াৰ উপৰিও প্ৰযোজক দেৱ বৰকটকীয়ে “জানমণি ২০২০” ৰ মুক্তিৰ ক্ষেত্ৰতো মন্তব্য কৰে। তেওঁ কয় যে, “NK Bigstar” এপটোৰ মুক্তিৰ কাৰ্যকলাপ ইতিমধ্যে সম্পূৰ্ণ হৈ পৰিছে। বহু সোনকালেই দৰ্শকে “জানমণি ২০২০” উপভোগ কৰিবলৈ সক্ষম হ’ব।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform