Rupaliparda.com
"লক-ডাউন" সময়ৰ ৫ খন উল্লেখনীয় চুটি ছবিঃ 1

“লক-ডাউন” সময়ৰ ৫ খন উল্লেখনীয় চুটি ছবিঃ

মাৰ্চ মাহত শেষৰ পিনে প্ৰধানমন্ত্ৰীয়ে হঠাৎ ঘোষণা কৰা “লক-ডাউন” ৰ পিছত স্তব্ধ হৈ পৰিছিল সমগ্ৰ দেশ।অভিনেতা-অভিনেত্ৰী সকল চচিয়েল মিডিয়াত সক্ৰিয় হৈ উঠাৰ পৰিৱৰ্তে মনোৰঞ্জনৰ ক্ষেত্ৰখনৰো শ্বুটিঙত বিৰাম লাগি গৈছিল। কিন্তু এই সময়ছোৱাতে একাংশ চুটি ছবিৰ মুক্তিয়ে দৰ্শকক মনোৰঞ্জন প্ৰদান কৰাত সহায় কৰিছিল। ভিন্ন নতুন ও ব্যতিক্ৰমী বস্তুৰে মুক্তিপ্ৰাপ্ত এই চুটি ছবিসমূহে দৰ্শকৰো বহুল সঁহাৰি লাভ কৰিছিল। নেটফ্লিক্স, এমেজন প্ৰাইম আৰু হটষ্টাৰৰ দৰে এপ সমূহৰ জনপ্ৰিয়তাৰ পিছতো কিন্তু একাংশ অসমীয়া নৱপ্ৰজন্মৰ পৰিচালক, অভিনেতাৰ তৎপৰতাত মুক্তিপ্ৰাপ্ত এই চুটি ছবিসমূহত ভিউৱাৰচৰ সংখ্যাও আছিল উল্লেখনীয়। আপোনালোকে যদি বৰ্তমানলৈও কোনো চুটি ছবি উপভোগ কৰা নাই তেতিয়াহ’লে “লক-ডাউন” সময়ৰ চাওঁক এই ৫ খন উল্লেখনীয় চুটি ছবিঃ

১. Peace Of Meat: উদীয়মান পৰিচালক অৰিন্দম বৰুৱাৰ দ্বাৰা পৰিচালিত এই চুটি ছবিখনত “Mob Lynching” ৰ বিষয়টোক উপস্থাপন কৰা হৈছে; য’ত এটা মানুহৰ দলে আহি এজন লোকৰ ওপৰত প্ৰহাৰ কৰে কিয়নো এই দলটোৱে সেই লোকজনক কোনো কাৰণত নিজ ইচ্ছানুসাৰে দোষী বুলি ভাৱে। এই কথাখিনিকেই কেন্দ্ৰ কৰি নিৰ্মিত চুটি ছবিখনে জনসাধাৰণলৈ এক সুন্দৰ বাৰ্তা এৰাৰ প্ৰয়াস কৰিছে। সম্প্ৰতি ভিন্ন জাতি-জনজাতিক উদ্দেশ্যি চলা কিছু অপ্ৰীতিকৰ ঘটনাই সমাজ খন ব্যতিব্যস্ত কৰি তুলিছে; গতিকে এনেক্ষেত্ৰত এনে কিছু চুটি ছবিয়ে জনসাধাৰণক সৎ দিহা দিবলৈ চেষ্টা কৰিব বুলি আশা কৰিব পৰা যায়।

২. Breathe Of Vision:
১০ মিনিট দৈৰ্ঘ্যৰ চুটি ছবি “Breathe of Vision” ত মায়ানগৰীত নিজৰ সপোনক আকাৰ দিবলৈ যোৱা এগৰাকী পৰিচালকৰ মানসিক অৱস্থাক দেখুওৱা হৈছে। জ্ঞান গৌতমৰ কাহিনী,চিত্ৰনাট্য তথা চিনেমেটো’গ্ৰাফীৰে নিৰ্মিত চুটি ছবিখনৰ পৰিচালনাৰ দায়িত্বত আছিল প্ৰাঞ্জল গৈয়াৰী আৰু ইয়াৰ প্ৰযোজনা মনোজ বৰকটকী আৰু জ্ঞান গৌতমৰ।কেইবাখনো ছবি সমাৰোহত মনোনয়ন প্ৰাপ্ত উক্ত চুটি ছবিখনত মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছিল মনোজ বৰকটকীয়ে।

৩. কাণফুচফুচত ফুচফুচনি (Poetry Of Whispers): কলকাতাস্থিত সত্যজিৎ ৰায় ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটত অধ্যয়নৰত মহৰ্ষি তুহিন কাশ্যপৰ দ্বাৰা পৰিচালিত এই চুটি ছবিখনে মুক্তিৰ পিছতেই দৰ্শকৰ বহুল প্ৰশংসা লাভ কৰা উপৰিও ছবিখনৰ চিত্ৰগ্ৰহণ ও নেপথ্যত বাজি ৰোৱা শব্দ সমূহৰ পুংখানুপুংখতাই উক্ত চুটি ছবিখন অধিক গ্ৰহণযোগ্য কৰি তুলিছিল । লগতে, ছবিখনৰ দুটা তৰপ অৰ্থাৎ এফালে মহানগৰীৰ একেটা ৰূমতে আৱদ্ধ হৈ থকা এটা জনজীৱনৰ সৈতে এখন গাঁৱৰ দৃশ্যক উপস্থাপন কৰাত পৰিচালক গৰাকী একাষাৰেই সফল বুলি কৈছিল দৰ্শকে।

৪. ঘৰমুৱাঃ মুকুল হালৈৰ কাহিনী, চিত্ৰনাট্য ও পৰিচালনাৰে নিৰ্মিত “ঘৰমুৱা” চুটি ছবিখনে সাঙুৰি লৈছে অসমৰ এটা সময়ৰ কিছু নিৰ্মম কাহিনীক। উক্ত চুটি ছবিখনত নায়ক “ৰাহুল” য়ে নিজৰ জন্মভূমিৰ ওপৰত কেন্দ্ৰ কৰি এখন কিতাপ লিখিব খোজে যদিও কিতাপখনৰ কাহিনীটোৰ বিষয়বস্তুক লৈ তেওঁৰ কিছু খেল-মেলিৰ সৃষ্টি হয়। নায়ক গৰাকীৰ মাতৃৰ লগতে ৯০ দশকৰ একাংশ গাঁৱৰ বাসিন্দাই বৰ্তমান স্বাভাৱিক আৰু শান্তিৰ জীৱন নিৰ্বাহ কৰিলেও উক্ত দশকটোৰ পৰিস্থিতি সমূহ অৰ্থাৎ সন্ত্ৰাস আৰু মৃত্যুৰ কিৰীলিয়ে এতিয়াও তেওঁলোকক কেতিয়াবা হতাশ কৰে নাইবা কেতিয়াবা তিঁতা সপোন হৈ দেখা দিয়ে। ২৫ মিনিট দৈৰ্ঘ্যৰ এই চুটি ছবিখনে Cinema Experimenta Signs Film Festival, Kerela আৰু Calvin Cinema Festival Of Films, Shillong ত ক্ৰমে বেষ্ট ফিল্ম আৰু বেষ্ট চাউণ্ডৰ বঁটা লাভ কৰাৰ উপৰিও International Competition – 27th Curtas Vila do Conde, Portugal কে ধৰি অইন কেইবাখনো ছবি সমাৰোহত মনোনয়ন লাভ কৰিছিল।

"লক-ডাউন" সময়ৰ ৫ খন উল্লেখনীয় চুটি ছবিঃ 2

৫. 48: “লক-ডাউন” চলি থকা অৱস্থাত মুক্তিপ্ৰাপ্ত এখন পৰীক্ষামূলক চুটি ছবিয়ে দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। প্ৰত্যেকজন জনসাধাৰণৰ জীৱনত কিছু অপৰিকল্পনীয় ঘটনা ঘটে; যিটো অবৈধ যদিও বৈধ ৰূপত প্ৰতিফলিত হয় অইনৰ সমুখত; এনে এক বিষয়বস্তুক লৈয়ে নিৰ্মাণ কৰা হৈছিল “48”। প্ৰাঞ্জল গৈয়াৰীৰ পৰিচালনাৰে ইয়াত অভিনয় কৰিছে জুবিন দাস, অভিজিৎ শৰ্মা আৰু ত্ৰৈলোক্য কাশ্যপে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform