Rupaliparda.com
"নিউ নৰ্মেল" মাস্ক পৰিধান কৰি বাহিৰলৈ ওলাইছে নিশিতা গোস্বামীঃ 1

“নিউ নৰ্মেল” মাস্ক পৰিধান কৰি বাহিৰলৈ ওলাইছে নিশিতা গোস্বামীঃ

“আনলক ১.০” য়ে বৰ্তমান সমগ্ৰ জনসাধাৰণক সাধাৰণ জীৱন যাপন কৰিবলৈ সক্ষম কৰি তুলিছে। অফিচ-কাছাৰী আদিৰ সমান্তৰালকৈ কিছু নিয়ম-নীতিৰ মাজেৰে খোলা হৈছে ৰেষ্টুৰা সমূহো। ইতিমধ্যে সামাজিক দূৰত্ব তথা নিয়মৰ মাজেৰে শ্বুটিং কৰাৰো অনুমতি প্ৰদান কৰিছে চৰকাৰে। গতিকে পৰ্যায়ক্ৰমে এক স্বাভাৱিক জীৱন-যাত্ৰালৈ ঘূৰি যাবলৈ সক্ষম হৈছে সকলো।

https://www.instagram.com/p/CA7MkY7JAH3/?utm_source=ig_web_copy_link

সাধাৰণজনৰ লগতে নিজ নিজ বাসগৃহতেই বিগত বহু দিন ধৰি আৱদ্ধ হৈ আছিল শিল্পী সকলো। চচিয়েল মিডিয়াত সক্ৰিয় হৈ ভিন্ন “লক-ডাউন” আপডেট ও অনুৰাগীক সকলক নীতি-নিয়ম পালনৰ আহ্বান জনাইছিল যদিও সম্প্ৰতি সাধাৰণ জীৱনলৈ ঘূৰি আহিছে চিলেব্ৰেটী সকলো। অভিনেত্ৰী নিশিতা গোস্বামীও ওলাই আহিছে নিজ কৰ্মদিশে; কিন্তু বৰ্তমানৰ “New Normal” হপৰা মাস্ক পৰিধান কৰিহে।

"নিউ নৰ্মেল" মাস্ক পৰিধান কৰি বাহিৰলৈ ওলাইছে নিশিতা গোস্বামীঃ 2


কিছুদিন পূৰ্বে অভিনেতা উদয়ন দুৱৰাৰ এটি শ্ব’ “UD Talks” ত দেখিবলৈ পোৱা গৈছিল নিশিতা গোস্বামী আৰু তেওঁৰ স্বামী শয়ন চক্ৰৱৰ্তীক। উদয়ন দুৱৰাই শ্ব’যোগে বিভিন্ন মনোৰঞ্জনধৰ্মী খেল খেলাৰ লগতে দৰ্শকে অভিনেত্ৰী নিশিতা গোস্বামীৰ “অভিনেতা ক্ৰাছ” কাৰ্তিক আৰিয়নৰ বিষয়েও জানিবলৈ পায়। উক্ত শ্ব’টোতেই তেওঁৰ স্বামী ও সাংসাৰিক জীৱনৰ বিভিন্ন কথা জানিব পাৰে অভিনেত্ৰী গৰাকীৰ অনুৰাগীয়ে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.