Rupaliparda.com
ডানিশৰ কথা; বিকি কলিতাৰ কন্ঠৰে "নহ'বা উদাস"- 1

ডানিশৰ কথা; বিকি কলিতাৰ কন্ঠৰে “নহ’বা উদাস”-

“লক-ডাউন” য়ে মাধমাৰ সোধালেও কিন্তু এটা কথা নুই কৰিব পৰা নাযায়। এই দুটা মাহত যিমান ন-বিষয়বস্তুৱে মুক্তি লাভ কৰিছে এই আটাইবোৰ সৃষ্টিকেই প্ৰশংসা কৰা দেখিবলৈ পোৱা গৈছে দৰ্শকক। আগন্তুক সময়ত মনোৰঞ্জন ক্ষেত্ৰখন পৰিপক্ক হাতলৈ গৈ আছে বুলিও ইতিমধ্যে বহুতে প্ৰকাশ কৰিছে। সংগীত ক্ষেত্ৰখনত লাহেকৈ নিজৰ খুঁপনি পুতি লোৱা ডানিশৰ কথাৰে ৰচিত গীত সমূহত বৰ্তমান জনপ্ৰিয়তাৰ মোহৰ লগা দেখিবলৈ পোৱা গৈছে। নীল আকাশ, তৰালী শৰ্মা ও অংগৰাগ মহন্তকে ধৰি বিভিন্ন জন কন্ঠশিল্পীৰ গীতত ডানিশে কথা দিছে। “নয়না”, জিন্দ মাহী”, সঁফুৰা, “এতিয়া সময়”, “ধূলিকণা”, “কাহিনী” আদি কেইবাটাও জনপ্ৰিয় গীতত ডানিশে কথা দিছে।


শেহতীয়াকৈ “লক-ডাউন” ত মুক্তিপ্ৰাপ্ত ৰোমান্টিক গীত “নহ’বা উদাস” য়ে আকৌ এবাৰ শ্ৰোতাক আমোদ দিবলৈ সক্ষম হৈছে। গীতটিত কন্ঠদান কৰা বিকি কলিতাও সম্প্ৰতি সময়ৰ এগৰাকী উদীয়মান কন্ঠশিল্পী। তেওঁৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত কেইবাটাও গীতত ভিউৱাৰচৰ লেখত ল’বলগীয়া সংখ্যা আছে। উক্ত “নহ’বা উদাস” শীৰ্ষক গীতটিত কন্ঠদান কৰাৰ লগতে ইয়াৰ পৰিচালনা কৰিছে বিকি কলিতাই আৰথ সংগীত প্ৰযোজনা Firesense ৰ। শব্দ মিশ্ৰণ ৰিকু দাস আৰু মাষ্টাৰিং RedAv Studio ৰ পিংকু দাসৰ।

ডানিশৰ কথা; বিকি কলিতাৰ কন্ঠৰে "নহ'বা উদাস"- 2


ইজনৰ পিছত সিজনকৈ অহা নতুন কন্ঠশিল্পীৰ আগমনে উৎসাহিত কৰিছে ৰাইজকো। বিজ্ঞানভিত্তিক কৃত্ৰিমতা এৰি কিছু সময়ৰ জিৰণিৰ বাবে মনোৰঞ্জন প্ৰয়োজন হয়। এনেক্ষেত্ৰত, সংস্কৃতিৰ প্ৰতি বাঢ়ি অহা নৱপ্ৰজন্মৰ আকৰ্ষণত বৰ্তমান সকলোৰে উৎকন্ঠা।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.