Rupaliparda.com
"বিশ্ব পৰিৱেশ দিৱস" বিশেষ শশাংক সমীৰৰ কথাৰে "শালিকা এহালি"- 1

“বিশ্ব পৰিৱেশ দিৱস” বিশেষ শশাংক সমীৰৰ কথাৰে “শালিকা এহালি”-

বিশ্ব পৰিৱেশ দিৱসলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা। পৰিৱেশৰ ওপৰত মানৱ জাতিৰ নিৰ্মম প্ৰহাৰৰ বিৰুদ্ধে ইতিমধ্যে ভিন্ন জনে ভিন্ন ধৰণে মাত দিছে। এনেক্ষেত্ৰত সাধাৰণজনৰ সৈতে জড়িত হৈ চচিয়েল মিডিয়া যোগে আহ্বান জনোৱা দেখিবলৈ পোৱ যায় চিলেব্ৰেটীসমূহকো।এই পৰিৱেশ দিৱসকে উদ্দেশ্যি “শালিকা এহালি” শীৰ্ষক এটি গীতত কথা দিছে শশাংক সমীৰে আৰু গীতটিত কন্ঠদান কৰিছে কন্ঠশিল্পী ৰূপম ভূঞাই। জুবিন গাৰ্গৰ প্ৰায় গীতত কথা দিয়া শশাংক সমীৰ এগৰাকী অভিনেতাৰ সমান্তৰালকৈ এগৰাকী চিত্ৰকাৰ, গীতিকাৰ আৰু পূৰ্বৰে এগৰাকী ৰেডিঅ’ জকী। “বিধাতা” ধাৰাবাহিক খনৰ “আৰোহণ” ৰ চৰিত্ৰটোত অভিনীত শশাংক সমীৰক দৰ্শকে বৰ্তমান দেখিবলৈ পাইছে আন এখন ধাৰাবাহিক “নিঁয়ৰৰ ফুল” ত।


আনহাতে, উক্ত গীতটিত কন্ঠদান কৰা ৰূপম ভূঞাৰ কিছুদিন পূৰ্বে হোৱা পত্নীৰ মৃত্যুৱে মৰ্মাহত কৰিছিল যদিও পুনৰ এবাৰ তেওঁ আগবাঢ়ি আহিছে তেওঁৰ সংগীতময় যাত্ৰাৰ পিনে। “মমতাজ”, “আকাশ চুবৰ মন”, “অনুৰাধা” আদি ছবিত কন্ঠদান কৰাৰ লগতে এই শিল্পী গৰাকীয়ে নিজাববীয়াকৈ কেইবাটাও গীত তথা গজলো পৰিৱেশন কৰে। ” Indian Fusion Band North East Breeze” শীৰ্ষক সংগীত গোষ্ঠীটোৰ মূল ব্যক্তি ৰূপম ভূঞা সৰুৰ পৰাই সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত আছিল।

"বিশ্ব পৰিৱেশ দিৱস" বিশেষ শশাংক সমীৰৰ কথাৰে "শালিকা এহালি"- 2
"বিশ্ব পৰিৱেশ দিৱস" বিশেষ শশাংক সমীৰৰ কথাৰে "শালিকা এহালি"- 3


“শালিকা এহালি” শীৰ্ষক এই গীতটিত সংগীত পৰিচালনা ৰূপম ভূঞাৰ আৰু ইয়াৰ ব্যৱস্থাপনা ও শব্দ সংমিশ্ৰণ প্ৰিয়াংকু বৰদলৈৰ। সম্পাদনাৰ দায়িত্বত আছে অংশুমান গগৈ আৰু অসীম বৰুৱা।

Add comment

Leave a Reply