কিছুদিনৰ পৰা দেশত সংঘটিত কিছু অমানৱীয় কাৰ্য-কলাপে দুখ দিছে প্ৰত্যেক নাগৰিককে। সেয়া লাগিলে প্ৰকৃতি হওঁক অথবা নিষ্ঠুৰ ব্যক্তিয়ে হওঁক আৰু নাইবা কোনো অসহায় জীৱ-জন্তুয়ে নহওঁক কিয়! এই আটাইবোৰ প্ৰাণী ও প্ৰকৃতিৰ ওপৰত চলা কিছু অমানৱীয় কাৰ্য্যক নিন্দা কৰিছে বৰ্তমান সাধাৰণজনৰ লগতে অসমীয়া শিল্পী সকলেও। কেৰালাত এটা হাতীৰ লগত মনুষ্যই কৰা পাশৱিক কাণ্ডই কন্দুৱাইছে এতিয়া প্ৰত্যেককে; জীৱশ্ৰেষ্ঠ বুলি মনুষ্যক আখ্যা দিয়া হয় যদিও এতিয়া নিজেই নিজৰ শ্ৰেষ্ঠতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে জনসাধাৰণক।

অসমীয়া শিল্পী সকলেও একো একোটা পোষ্ট যোগে নিষ্ঠুৰ হাতীটোৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। আচলতে, কেৰালাৰ পালাকাৰ জিলাত এজনী গৰ্ভৱতী হাতীয়ে খাদ্যৰ সন্ধানত মে’ মাহৰ প্ৰথম ভাগতেই জনবসতি থকা ঠাইলৈ ওলাই আহিছিল; হাতী জনী ওলাই আহিছিল যদিও কোনো লোকৰ অনিষ্ট কৰা নাছিল তাই। কিন্তু, কিছু অমানুহে তেওঁক আনাৰস খাবলৈ দিয়ে আৰু সেই আনাৰসটোৰ সৈতে বান্ধি দিয়ে আতচবাজী অৰ্থাৎ ফটকা।

হাতীজনীয়ে যেতিয়া আনাৰসটো মুখৰ ভিতৰত খাবলৈ সোমাইছিল তাত তাইৰ মুখৰ ভিতৰতে ফটকা ফুটি গৈছিল। তাই কষ্ট সহিব নোৱাৰাত পানীলৈ নামি যায় আৰু তাতেই বিগত ২৭ তাৰিখলৈ থিয় হৈ থাকে। ২০ দিনৰো অধিক থিয় হৈ থকা হাতীজনীক স্থানীয় বিষয়াইও উদ্ধাৰ কৰিব পৰা নাছিল আৰু শেষত তাই মৃত্যুক সাৱটি লয়। তাইৰ মৰণোত্তৰ পৰীক্ষাত তাই গৰ্ভৱতী বুলি ডাক্তৰে সদৰি কৰে। মনুষ্য জাতিৰ এনে পাশৱিক কামত গৰিহণা দিছে প্ৰত্যেকেই। চাওঁক শিল্পী সকলৰ এই পোষ্ট সমূহঃ


Add comment