Rupaliparda.com
হলীউডৰ পৰা "কপি" দিলৱালে দূলহানিয়া লে যায়েংগেৰ এটি ৰোমান্টিক দৃশ্যঃ 1

হলীউডৰ পৰা “কপি” দিলৱালে দূলহানিয়া লে যায়েংগেৰ এটি ৰোমান্টিক দৃশ্যঃ

হলীউডৰ পৰা বিভিন্ন ছবি ও বিভিন্ন দৃশ্য ইতিমধ্যে বলীউডে গ্ৰহণ কৰিছে। “কপি” কৰি লোৱা কিছু হিন্দী ছবিয়ে জনপ্ৰিয়তা লাভ কৰিলেও কিছু ছবিয়ে আকৌ সুন্দৰ প্ৰদৰ্শন কৰিব নোৱাৰাত হলীউডৰ “কপি” হ’লেও ছবিখনক সহাঁৰি জনোৱা নাছিল দৰ্শকে। কিন্তু, হলীউডৰ পৰা কপি হ’লেও বলীউডৰ এখন ৰোমাণ্টিক ছবিৰ এটি দৃশ্যই সেইটো সময়ৰ পৰা বৰ্তমানলৈ দৰ্শকৰ হৃদয়ত খলকনিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। ১৯৯৫ চনত মুক্তিপ্ৰাপ্ত হিন্দী ব্লকব্লাষ্টাৰ ছবি “দিলৱালে দূলহানিয়া লে যায়েংগে” ত থকা এটি দৃশ্যক “কপি” কৰা হৈছিল হলীউডৰ পৰা। ছবিখনত শ্বাহৰুখে যেতিয়া কাজল গৈ থকা অৱস্থাত তেওঁক ঘূৰিবলৈ মনতে কয় থাকে আৰু তেতিয়াই যেতিয়া কাজল ঘূৰি শ্বাহৰুখৰ পিনে চাই দিয়ে; এই সমগ্ৰ দৃশ্য তুলি অনা হৈছিল হলীউডৰ পৰা। এই ৰোমান্টিক ছবিখন বহু দিনলৈ চিত্ৰগৃহত চলাৰ উপৰিও ছবিখনত অন্তৰ্ভূক্ত গান সমূহ এতিয়ালৈ অনুৰাগীৰ মন-মগজুত আছে।


১৯৯৩ চনত মুক্তিপ্ৰাপ্ত হলীউড ছবি “In thr Line of Fire” ৰ পৰা “DDLJ” ৰ উক্ত দৃশ্যটো কপি কৰা হৈছিল। এই দুইটা দৃশ্য বৰ্তমান ভাইৰেল হৈ পৰিছে চচিয়েল মিডিয়াত। Wolfgang Petersen ৰ দ্বাৰা নিৰ্দেশিত এই হলীউড ছবিখনত অভিনয় কৰিছিল Clint Eastwood, John Malkovich আৰু Rene Russo য়ে। তলত চাওঁক এই দুই দৃশ্যঃ

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform