Rupaliparda.com
সাম্প্ৰদায়িক মতভেদক লৈ সৃষ্টি হ'ব ছলমান খানৰ "কভি ঈদ কভি দিৱালী"- 1

সাম্প্ৰদায়িক মতভেদক লৈ সৃষ্টি হ’ব ছলমান খানৰ “কভি ঈদ কভি দিৱালী”-

ছলমান খানৰ আগন্তুক ছবি “কভি ঈদ কভি দিৱালী” প্ৰায়ে চৰ্চা লাভ কৰা দেখিবলৈ পোৱা যায়। বৰ্তমান ছবিখনক উদ্দেশ্যি এক ডাঙৰ খবৰ পোহৰলৈ অহা দেখা গৈছে। জানিব পৰা মতে, বহু প্ৰত্যাশিত ছলমান খানৰ এই ছবিখনত সাম্প্ৰদায়িক মতভেদৰ কিছু কাহিনীক সন্নিৱিষ্ট কৰা হ’ব। ছবিখনৰ নামটোৱেও আচলতে এই কথাকেই আঙুলিয়াইছে বুলি ক’ব পৰা যায়। ৰাষ্ট্ৰীয় মনোৰঞ্জনধৰ্মী এখন ৱেব পৰ্টেলত দিয়া ৰিপোৰ্টনুসৰি,”ছলমান খানৰ পিতৃ মুছলমান আৰু মাতৃ হিন্দু আছিল; তাতেই আকৌ তেওঁৰ সম্পৰ্কীয় হেলেন এগৰাকী খ্ৰীষ্টান মহিলাা আছিল। গতিকে অভিনেতা গৰাকীৰ ঘৰতেই ভিন্ন সাম্প্ৰদায়িকৰ মাজত থকা একতাক দেখা যায়। “কভি ঈদ কভি দিৱালী” ও এনে এক বিষয়বস্তুক লৈয়ে নিৰ্মিত।”

সাম্প্ৰদায়িক মতভেদক লৈ সৃষ্টি হ'ব ছলমান খানৰ "কভি ঈদ কভি দিৱালী"- 2
সাম্প্ৰদায়িক মতভেদক লৈ সৃষ্টি হ'ব ছলমান খানৰ "কভি ঈদ কভি দিৱালী"- 3


উক্ত ছবিখনত এটা পৰিয়ালৰ উঠা-নমাক দেখুওৱা হ’ব। যি পৰিয়ালৰ সদস্যই ঈদো উদযাপন কৰে তথা দিপাৱলী এই দুয়োটা উৎসৱকেই বহু উৎসাহেৰে উদযাপন কৰে। দেশত চলা মতভেদ বোৰৰ সাম কাটিবলৈ নিশ্চয়কৈ এই ছবিখনে সহায় কৰিব। উল্লেখ্য যে, “লক-ডাউন” শেষ হোৱা পিছতেই এই ছবিখনৰ শ্বুটিং আৰম্ভ কৰিব অভিনেতা ছলমান খানে। ২০২১ চনত মুক্তি পাবলগীয়া এই ছবিখনৰ নিৰ্দেশনা কৰিব ফৰহাদ সমজীয়ে আৰু ইয়াত ছলমান খানৰ সৈতে দেখিবলৈ পোৱা যাব পূজা হেগড়েক।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.