অসমীয়া সংগীত ক্ষেত্ৰখনত বৰ্তমান প্ৰায়ে শুনিবলৈ পোৱা নামটো হৈছে সংগীত পৰিচালক পল্লৱ তালুকদাৰৰ। শেহতীয়াকৈ মুক্তি লাভ কৰা তেওঁৰ দুটি গীত ক্ৰমে “ব’হাগ” ও “মধুলগন” য়ে বহুল ৰূপত লাভ কৰিছিল জনপ্ৰিয়তা। আন কেইবাটাও গীতৰ সফলতাৰ আঁৰত থকা পল্লৱ আচলতে বহু দিনৰ পৰাই এই ক্ষেত্ৰখনৰ সৈতে জড়িত। “সাত ঘাতৰ চেঙেলী”, “অঁকুৱা পঁকুৱা” আদি গীতৰ সৈতে জড়িত পল্লৱ তালুকদাৰ বৰ্তমান সংগীত ক্ষেত্ৰখনৰ এক চিনাকী নাম। অসমীয়া কেইবাটিও গীতৰ লগতে তেওঁৰ পৰিচালনাৰে নিৰ্মিত নেপালী গীতেও লাভ কৰিছিল শ্ৰোতা ও দৰ্শকৰ সমাদৰ। সৰুৰ পৰাই ঘৰত সংগীতৰ পৰিৱেশ লাভ কৰা পল্লৱে পোনপ্ৰথমে মাতৃৰ তত্ত্বাৱধানত সংগ্ৰহ কৰিছিল সংগীতৰ শিক্ষা। পিছলৈ তেওঁ আন আন বহু কেইজন শিক্ষা গুৰুৰ ওচৰলৈ গৈ সংগীতত কন্ঠদান কৰাৰ লগতে সংগীত পৰিচালনাৰ শিক্ষা গ্ৰহণ কৰে।

প্ৰফেচনেলি বিগত ৪-৫ বছৰৰ পৰা ছবি ও সংগীত জগতখনৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত উক্ত শিল্পী গৰাকীৰ পোন প্ৰথমবাৰৰ বাবে জনপ্ৰিয়তা লাভ কৰা গীতটি আছিল “সাত ঘাতৰ চেঙেলী”; য’ত বৰ্তমান ভিউৱাৰচৰ সংখ্যা হৈছে ২ মিলিয়নতকৈও অধিক। উক্ত গীতটিৰ পৰা আৰম্ভ হয় শিল্পী গৰাকীৰ সংগীতময় সফল যাত্ৰাৰ। মাতৃৰ পৰাই ক্লাচিকেল গীতৰ শিক্ষা লোৱা পল্লৱে পৰৱৰ্তী সময়ত পাশ্চাত্য সংগীতৰ শিক্ষা গ্ৰহণ কৰে ৰূপম জ্যোতি বৰাৰ পৰা লগতে মিউজিক প্ৰডাকচন তেওঁ নিজেই শিকিছিল। ইয়াৰ উপৰিও, শব্দ মিশ্ৰণৰ শিক্ষা তেওঁ গ্ৰহণ কৰিছিল ইবছন লাল বৰুৱাৰ পৰা।

সম্প্ৰতি মুম্বাইত প্ৰতিষ্ঠিত অসম সন্তান পল্লৱ তালুকদাৰে তাতেই থাকি কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত ছবি “অস্তিত্ব” ৰ মিউজিক প্ৰডাকচনৰ দায়িত্বত থাকে। আনহাতে, পল্লৱ এখন হিন্দী ছবি “Rhoya” টো সংগীত পৰিচালক ৰূপে কাম কৰে।
Add comment