Rupaliparda.com
অনুপম খেৰে ভাঙিব বিচৰা নাই নসীৰুদ্দিন শ্বাহৰ সৈতে সম্পৰ্কঃ 1

অনুপম খেৰে ভাঙিব বিচৰা নাই নসীৰুদ্দিন শ্বাহৰ সৈতে সম্পৰ্কঃ

বলীউডৰ জনপ্ৰিয় অভিনেতা ক্ৰমে নসীৰুদ্দিন শ্বাহ আৰু অনুপম খেৰ বিগত বহু দিনৰ পৰাই বন্ধুসুলভ সম্পৰ্কত আছে আৰু বহু সংঘৰ্ষৰ পিছত দুয়ো অভিনেতাই এই ক্ষেত্ৰখনত নাম কৰিবলৈ সক্ষম হৈছে। দুয়ো নেশ্বনেল স্কুল অৱ ড্ৰামাত অধ্যয়নৰত ছাত্ৰ আছিল। বিগত কিছু সময়ৰ পৰা দুয়ো অভিনেতাৰ মাজত ৰাজনৈতিক বিচাৰৰ সমূহৰ বাবে কিছু মলোমালিন্যৰ সৃষ্টি হোৱাত দুয়ো দুয়োকে উদ্দেশ্যি চচিয়েল মিডিয়াত কিছু পোষ্ট দিবলৈ আৰম্ভ কৰিছিল। অনুপম খেৰে চৰকাৰৰ “কা” ক সমৰ্থন কৰাত নসীৰুদ্দিনে তেওঁক কটু কথা শুনাইছিল আনহাতে অনুপম খেৰেও নসীৰুদ্দিনক বিভিন্ন বেয়া বাক্যৰে কথা শুনাইছিল। কিন্তু বৰ্তমান অনুপম খেৰ দুঃখিত নিজ বন্ধুত্বক হেৰুওৱাক লৈ।

অনুপম খেৰে ভাঙিব বিচৰা নাই নসীৰুদ্দিন শ্বাহৰ সৈতে সম্পৰ্কঃ 2
অনুপম খেৰে ভাঙিব বিচৰা নাই নসীৰুদ্দিন শ্বাহৰ সৈতে সম্পৰ্কঃ 3


এক সাক্ষাৎকাৰ যোগে অনুপম খেৰে কয় যে, “ইমান সময় লগত অতিবাহিত কৰা পিছত যেতিয়া সম্বন্ধ বেয়া হৈ পৰে তেতিয়া দুখ লাগে। দুজন ব্যক্তি লগত অভিনয় কৰিলে তেওঁলোক কেৱল কলাকাৰেই নহয়; তেওঁলোক বন্ধুৰ পৰা আৰম্ভ কৰি পৰিয়ালো হৈ পৰে। আমাৰ মতামত ভিন্ন হ’ব পাৰে সেয়া বেলেগ কথা।” অনুপম খেৰে বৰ্তমান নসীৰুদ্দিন শ্বাহৰ সৈতে নিজৰ সম্পৰ্ক ভাল কৰিবলৈ বিচাৰে। জীৱনটো বহু সৰু ফলত এইবোৰ কথা ধৰি থকা ইচ্ছা এতিয়া অনুপম খেৰৰ নাই।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.