Rupaliparda.com
উত্তৰ-পূৰ্বাঞ্চলৰ পৰিচালক ও শিল্পীৰে নিৰ্মিত "Axone" ৰ মুক্তি নেটফ্লিক্সতঃ 1

উত্তৰ-পূৰ্বাঞ্চলৰ পৰিচালক ও শিল্পীৰে নিৰ্মিত “Axone” ৰ মুক্তি নেটফ্লিক্সতঃ

ৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতনামা উত্তৰ-পূৰ্বাঞ্চলৰ এগৰাকী পৰিচালক Nicholas Kharkongor ৰ ছবি “Axone” (আক্ষুৰী) আগন্তুক ১২ জুন তাৰিখৰ পৰা উপলদ্ধ হ’ব জনপ্ৰিয় OTT প্লেটফৰ্ম নেটফ্লিক্স যোগে। ছবিখনত অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী চায়ানী গুপ্তা, লিন লাইশ্ৰাম, ডলী আহ্লুৱালিয়া তিৱাৰী, বিনয় পাঠক, তেনজিন ডাল্হা, লানুৱাকাম এ.অ, ৰোহন যশী আৰু আন কেইবাগৰাকীও ন-পূৰণি অভিনেতা অভিনেত্ৰীয়ে। ছবিখন পোন-প্ৰথমবাৰৰ বাবে প্ৰিমিয়াৰ কৰা হৈছিল BFI London Film Festival ত আৰু আনহাতে বিগত বৰ্ষত Mumbai Film Festival ত প্ৰদৰ্শিত এই ছবিখনক দৰ্শকে থিয় হৈ হাত চাপৰি বজাই প্ৰশংসা হৈ কৰা বুলি শুনিবলৈ পোৱা গৈছিল। ছবিখনৰ পৰিচালক গৰাকীয়ে যে কেৱল উত্তৰ-পূৰ্বাঞ্চলৰ, তেনে নহয়; ইয়াত ছবিখনৰ দৃশ্যগ্ৰহণকাৰী গৰাকীও হৈছে অসম সন্তান পৰাশৰ বৰুৱা।

উত্তৰ-পূৰ্বাঞ্চলৰ পৰিচালক ও শিল্পীৰে নিৰ্মিত "Axone" ৰ মুক্তি নেটফ্লিক্সতঃ 2


চাৰিগৰাকী বান্ধৱী আৰু তেওঁলোকৰ পূৰ্বৰ কিছু কাহিনীক লৈয়ে নিৰ্মিত কৰা হৈছে এই ছবিখনৰ কাহিনীভাগ। “Axone” ত গাহৰি মাংসকো প্ৰাধান্য দিয়া হৈছে। ছবিখনৰ মুক্তিক লৈ বৰ্তমান উৎসাহী হৈ পৰিছে জনসাধাৰণ। ছবিখনৰ ফাৰ্ষ্ট লুক পোষ্টাৰ ভাইৰেল হৈ পৰিছে বৰ্তমান চচিয়েল মিডিয়াত। ছবিখন চাবলৈ অপেক্ষাৰত এতিয়া সকলো।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform