Rupaliparda.com
আকৌ এবাৰ একটিভ হৈ পৰিছে "বেহাৰবাৰী আউটপোষ্ট" ৰ আৰক্ষী চকীঃ 1

আকৌ এবাৰ একটিভ হৈ পৰিছে “বেহাৰবাৰী আউটপোষ্ট” ৰ আৰক্ষী চকীঃ

বহুদিনৰ অন্তত শ্বুটিং ছেটত উপস্থিত “বেহাৰবাৰী আউটপোষ্ট” ৰ সমগ্ৰ শিল্পী ও কলা-কুশলী। বিগত দুমাহতকৈ অধিক দিন ছবি অথবা ধাৰাবাহিকৰ শ্বুটিঙৰ পৰা বিৰত থকাত শিল্পী, কলা-কুশলীয়ে বিভিন্ন পোষ্ট যোগে কৰ্মক মনত পেলাই চচিয়েল মিডিয়াত আপডেট কৰা দেখিবলৈ পোৱা গৈছিল। কিন্তু অৱশেষত, কম-বেছি পৰিমাণে হ’লেও শ্বুটিং সমূহ সম্পূৰ্ণ কৰিবলৈ আগবাঢ়ি আহিছে অভিনেতা-অভিনেত্ৰী সকল। ঠিক তেনেদৰে জনপ্ৰিয় ধাৰাবাহিক “বেহাৰবাৰী আউটপোষ্ট” ৰো সকলো শিল্পী/ কলা-কুশলী আগবাঢ়ি আহিছে ধাৰাবাহিকখনৰ পৰৱৰ্তী সময়ৰ শ্বুটিং সমূহ সম্পূৰ্ণ কৰিবলৈ। নিশিতা গোস্বামীয়ে ইনষ্টাগ্ৰাম যোগে পোষ্ট কৰি শ্বুটিঙৰ কিছু ফটো আপলোড কৰে। উল্লেখ্য যে, অসমীয়া ধাৰাবাহিক সমূহৰ ভিতৰত আটাইতকৈ দীঘল আৰু দৰ্শকৰ বহুল পৰিমাণে সমাদৰ লাভ কৰা প্ৰথমখন ধাৰাবাহিক হৈছে “বেহাৰবাৰী আউটপষ্ট”। ২০১৩ চনৰ ৭ অক্টোবৰ তাৰিখৰ পৰা ৰেঙণি চেনেলত ৰাতি ৮ বজাত প্ৰচাৰিত হয় উক্ত ধাৰাবাহিকখন।

https://www.instagram.com/p/CBC2shdJifb/?igshid=1f9d7vmvp6m35


“বেহাৰবাৰী” নামৰ ঠাইত অৱস্থিত এখন আৰক্ষীথানাৰ পুলিচ আৰু তেওঁলোকৰ জীৱন-দৰ্শন লগতে বহু নীতিমূলক আদৰ্শৰ কথাৰে আৰম্ভ হৈছিল “বেহাৰবাৰী আউটপষ্ট”। ধাৰাবাহিকখনে কিছুদিন বিগত বৰ্ষত ১৫০০ টা খণ্ড অতিক্ৰম কৰিছিল। বৰষা ৰাণী বিষয়াৰ পৰা আৰম্ভ কৰি ধাৰাবাহিকখনৰ সৈতে কিছু সময়ৰ বাবে জড়িত হৈ আছিল অভিনেত্ৰী প্ৰস্তুতি পৰাশৰো।

আকৌ এবাৰ একটিভ হৈ পৰিছে "বেহাৰবাৰী আউটপোষ্ট" ৰ আৰক্ষী চকীঃ 2
আকৌ এবাৰ একটিভ হৈ পৰিছে "বেহাৰবাৰী আউটপোষ্ট" ৰ আৰক্ষী চকীঃ 3


“কে কে” আৰু “মোহন” নামে দুই চৰিত্ৰৰ কথা কোৱাৰ যি ভংগিমা সেয়া সৰুৰ পৰা ডেকা-বুঢ়াৰ মাজতো জনপ্ৰিয়। প্ৰতিযোগিতাৰ এই সময়ছোৱাত হাঁহিবলৈ পাহৰা জনসাধাৰণক সুহুতীয়া কথাৰে হাঁহিবলৈ অৱকাশ দিয়ে “বেহাৰবাৰী আউটপষ্টে”। ধেমালিৰে মানুহক আমোদ প্ৰদান কৰি দেশত সংঘটিত কিছু গুৰু -গম্ভীৰ কথাৰ আলোচনা কৰা ধাৰাবাহিকখনৰ চৰিত্ৰসমূহৰ যি সংলাপ সেয়া খুবেই আকৰ্ষণীয়।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform