Rupaliparda.com
জুবিন গাৰ্গৰ পত্নী গৰিমাৰ চচিয়েল মিডিয়া পেজলৈ সকীয়নিঃ 1

জুবিন গাৰ্গৰ পত্নী গৰিমাৰ চচিয়েল মিডিয়া পেজলৈ সকীয়নিঃ

আকৌ এবাৰ চচিয়েল মিডিয়াক পেজৰ ওপৰত ক্ষোভিত হৈ পৰিছে হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। “Assamese World” শীৰ্ষক চচিয়েল মিডিয়া পেজখনৰ ওপৰত চুৰি কৰাৰ আৰোপ লগাই শিল্পী গৰাকীৰ পত্নীয়ে। বিগত কিছুদিনৰ পৰা চলি থকা একাংশ পেজৰ কু-কীৰ্তিত ইতিমধ্যে ক্ষোভ প্ৰকাশ কৰিছিল একাংশ শিল্পী/কলা-কুশলীয়ে।

জুবিন গাৰ্গৰ পত্নী গৰিমাৰ চচিয়েল মিডিয়া পেজলৈ সকীয়নিঃ 2

কন্ঠশিল্পী বৰ্ণালীয়ে একাংশ পেজৰ এডমিনৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰিছিল আৰক্ষী চকীত; তৎস্বত্বেও যেন গা লৰা নাই এই পেজ সমূহৰ। উক্ত “Assamese World” নামৰ পেজটোৱে কোনো অনুমতি নোলোৱাকৈ “Its Me” শীৰ্ষক ইউটিউব চেনেলত থকা জুবিনৰ এক্সক্লুচিভ কথা-বাৰ্তাৰ কিছু ভিডিঅ’ ৰ সৰু সৰু ক্লিপ চুৰ কৰি নিজ পেজত আপলোড কৰে। “Its Me” ত জুবিনে তেওঁৰ মুম্বাইৰ পৰা গুৱাহাটীলৈ অহা যাত্ৰাকে আৰম্ভ কৰি বিভিন্ন ধৰণৰ কথা-বতৰাক তাত আপলোড কৰা হৈছিল।


কিন্তু এই ভিডিঅ’ সমূহ বিনা অনুমতিত অইন পেজত আপলোড কৰাত খঙত গৰিমাই চচিয়েল মিডিয়াত পোষ্ট কৰে আৰু কয় যে, “কিছুমানে কেৱল চুৰ বৃত্তি লৈয়ে জীৱনটো চলি যাম বুলি ভাবি পৃথিৱীলৈ আহিছে নেকি বাৰু! এনে কাণ্ডবোৰৰ বাবেই পেজবোৰে সকলোৰে বিশ্বাস হেৰুৱাইছে।” আনহাতে গৰিমাই পেজ খনৰ পৰা ভিডিঅ’ সমূহ আঁতৰোৱাৰো সকীয়নি প্ৰদান দিয়ে।


Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.