Rupaliparda.com
"মই আপোনাক কথা দিছো জীৱনটো আৰু অধিক সুন্দৰ হৈ পৰিব"- দীপলিনা ডেকা 1

“মই আপোনাক কথা দিছো জীৱনটো আৰু অধিক সুন্দৰ হৈ পৰিব”- দীপলিনা ডেকা

“লক-ডাউন” ৰ দীঘলীয়া স্তব্ধতাই বিভিন্ন জনক বিভিন্ন ধৰণে বিভিন্ন ক্ষেত্ৰত পৰিপক্ক কৰি তুলিছে। কোনোৱে যদি পৰিয়ালৰ সৈতে সময় কটাই বহুদিনৰ পৰা কৰিব নোৱাৰা কিছু কাম আৰম্ভ কৰিছে; আনহাতে কোনোৱে ঘৰতেই থাকি নিজৰ মানসিক স্থিতিক মজবুত কৰিছে। মুঠতে, “লক-ডাউন” য়ে কাৰোবাৰ বাবে যদি হতাশা আনিছে তাতকৈ অধিক ই একাংশৰ জীৱনলৈ নিজক বুজিব পৰা ক্ষমতা কঢ়িয়াইছে।

https://www.instagram.com/p/CBImuGKhk0Y/?utm_source=ig_web_copy_link

প্ৰতিভাৰো বিকাশ হোৱা দেখিবলৈ পোৱা গৈছে এতিয়া বহুতৰ, চিলেব্ৰেটী সকলো যে আমাতকৈ বৰ বেছি ব্যতিক্ৰম নহয়; এইকেইটা দিনত তেওঁলোকেও ইয়াৰ উদাহৰণ চচিয়েল মিডিয়া যোগে অনুৰাগীক দিছে। এই সময়ছোৱাত “ডিপ্ৰেছন” ৰ সৈতে যুঁজিবলৈ কেইবাগৰাকীও অসমীয়া শিল্পীয়ে ইতিমধ্যে কিছুমান পজিটিভ বাৰ্তা প্ৰদান কৰি দৰ্শকক আকৰ্ষণ কৰিছে। এইবাৰ পজিটিভ বাৰ্তাৰে অনুৰাগীৰ মাজলৈ পুনৰ বাৰ আহিছে কন্ঠশিল্পী দীপলিনা ডেকা।

"মই আপোনাক কথা দিছো জীৱনটো আৰু অধিক সুন্দৰ হৈ পৰিব"- দীপলিনা ডেকা 2


ইনষ্টাগ্ৰাম যোগে এটি পোষ্ট দি তেওঁ কয় যে, “এই “লক-ডাউনে” মোক অকণমান সময় স্থৱিৰ হৈ ৰৈ পেলাই মূহুৰ্ত সমূহ জীয়াবলৈ শিকাইছে; জীৱনটো দৌৰ অথবা প্ৰতিযোগিতা কোনোদিনেই নহয়। আমি ভাগ্যৱান যে পৃথিৱীত এই জন্ম হৈছো; এনেকৈ ভাৱক চোন, মই আপোনাক কথা দিছো আপোনাৰ জীৱন আৰু অধিক সুন্দৰ হৈ পৰিব।” দীপলিনাৰ পজিটিভিটিয়ে তেওঁৰ অনুৰাগীক সহায় কৰাটো নিশ্চিত; কিয়নো বৰ্তমানলৈ তেওঁৰ এই পোষ্ট টোত সাধাৰণজনে বহুল অংকত কমেন্ট কৰা দেখিবলৈ পোৱা গৈছে।

1 comment

Leave a Reply