Rupaliparda.com
হোম কোৱাৰেন্টাইনৰ পৰা বাহিৰ হ'ল ঋতৃষা শৰ্মাঃ 1

হোম কোৱাৰেন্টাইনৰ পৰা বাহিৰ হ’ল ঋতৃষা শৰ্মাঃ

মুম্বাইৰ পৰা উভতি আহি বিগত ১৩ টা দিনৰ বাবে হোম কোৱাৰেন্টাইনত আছিল কন্ঠশিল্পী ঋতৃষা শৰ্মা। তেওঁৰ সৈতে বাসগৃহত আৱদ্ধ হৈ পৰিছিল তেওঁৰ সমষ্ট পৰিয়ালো। আজি কোৱাৰেন্টাইনৰ পৰা ওলাই আহি কন্ঠশিল্পী গৰাকীয়ে এটি পোষ্ট যোগে এই কথা ব্যক্ত কৰে। “লকডাউন ১.০” ৰ ঘোষণা হোৱাৰ পিছতেই মুম্বাইৰ বাসগৃহত আৱদ্ধ হৈ পৰিছিল অসম জীয়ৰী ও কন্ঠশিল্পী ঋতৃষা।

https://www.instagram.com/p/CApGBdPAmUp/?utm_source=ig_web_copy_link

ৰঙালী বিহুৰ সময়ছোৱাতো অসমলৈ উভতি আহিব পৰা নাছিল উক্ত কন্ঠশিল্পী গৰাকী; ফলত বাপতি সাহোন বিহুটিতো তেওঁ চচিয়েল মিডিয়াত হোৱা বিভিন্ন লাইভ অনুষ্ঠানৰ যোগেৰেই অনুৰাগীৰ কাষ চাপিছিল। নিজ কন্ঠৰ যাদুৰে শ্ৰোতাক মোহাচ্ছন্ন কৰি ৰখা এই শিল্পী গৰাকীৰ “লক-ডাউন” সময়তে এটি হিন্দী গীতৰ লগতে মুক্তি লাভ কৰিছিল আন কেইবাটাও গীতৰ কভাৰ। নিজ ব্যক্তিগত ইউটিউব চেনেলটোৰ জৰিয়তে বহুল সংখ্যাত দৰ্শকক টানিবলৈ এই প্ৰচেষ্টা হাতত লৈছিল ঋতৃষাই।

হোম কোৱাৰেন্টাইনৰ পৰা বাহিৰ হ'ল ঋতৃষা শৰ্মাঃ 2


শেহতীয়া মুক্তি লাভ কৰা ঋতৃষাৰ কন্ঠৰ হিন্দী গীত “Gustakhiyaan” য়ে ইউটিউবত কেইবাটাও সপ্তাহৰ বাবে দখল কৰি লৈছিল ট্ৰেণ্ডিঙৰ শাৰী। গীতটিৰ পৰিচালক অনুৰাগ শইকীয়াৰ লগতে বাণীবন্ধন, সুৰ আদি দিয়া ক্ষেত্ৰতো গীতটিৰ সৈতে জড়িত হৈ আছিল কেইবাগৰাকীও অসম সন্তান। উক্ত গীতটিৰ বাহিৰেও ঋতৃষা শৰ্মাৰ আন এক উল্লেখনীয় প্ৰকল্প মুক্তিৰ কথা ৰূপালীপৰ্দাৰ এক সাক্ষাৎকাৰ যোগে তেওঁ ব্যক্ত কৰিছিল। আগন্তুক সময়ত তেওঁৰ এই প্ৰকল্পৰ বিষয়ে দৰ্শকে জানিবলৈ পাব।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform