Rupaliparda.com
১৭ আগষ্টৰ পৰা আৰম্ভ হ'ব অভিনেতা বাহাৰুল ইছলামৰ দ্বাৰা অভিনয়ৰ শিক্ষাঃ 1

১৭ আগষ্টৰ পৰা আৰম্ভ হ’ব অভিনেতা বাহাৰুল ইছলামৰ দ্বাৰা অভিনয়ৰ শিক্ষাঃ

বিগত ৩০ বছৰ ধৰি অসমত প্ৰতিষ্ঠা লাভ কৰা এটি থিয়েটাৰ গোষ্ঠীৰ সৌজন্যত আৰম্ভ হোৱা নাটকত কৰা অভিনয়ৰ শিক্ষাৰ প্ৰতি আকৰ্ষিত হৈ পৰিছে বৰ্তমান নৱপ্ৰজন্মৰ একাংশ যুৱক-যুৱতী। এইবাৰো “ছিগাল থিয়েটাৰ একাডেমী” য়ে চলিত বৰ্ষৰ ১৭ আগষ্ট তাৰিখৰ পৰা আৰম্ভ কৰিব নতুন বৰ্ষৰ অভিনয়ৰ শিক্ষা। এই অভিনয়ৰ শিক্ষা যে কেৱল সুস্থ-সবল ছাত্ৰ-ছাত্ৰীকহে প্ৰদান কৰা হৈছে তেনে নহয়; যোৱা ১৮ বছৰ বয়সৰ পৰাই বিকলাংগ কিছু ছাত্ৰ-ছাত্ৰীকো এই শিক্ষানুষ্ঠান খনে অভিনয়ৰ শিক্ষা প্ৰদান কৰি আহিছে। ছিগাল থিয়েটাৰৰ প্ৰতিষ্ঠাপক বাহাৰুল ইছলামে কেইবাবছৰো ধৰি ইয়াত অভিনয়ৰ শিক্ষা প্ৰদান কৰি আহিছে।

১৭ আগষ্টৰ পৰা আৰম্ভ হ'ব অভিনেতা বাহাৰুল ইছলামৰ দ্বাৰা অভিনয়ৰ শিক্ষাঃ 2

অভিনয়ৰ শিক্ষা ছাত্ৰ-ছাত্ৰী সকলক প্ৰদান কৰাৰ সমান্তৰালকৈ তেওঁ ইয়াৰ বাবে প্ৰায় ৩০ খনৰো অধিক নাটক ৰচনা কৰিছে। অহা ১৭ আগষ্টৰ পৰা হ’বলগীয়া এই নাটক অভিনয়ৰ শিক্ষা প্ৰদানত বাহাৰুল ইছলামৰ সৈতে সহযোগ কৰিব তেওঁ পত্নী ভাগীৰথীয়েও। ইয়াৰ উপৰিও, প্ৰতিষ্ঠানটোত শিক্ষা প্ৰদানৰ বাবে বাহিৰৰ পৰাও অভিনয়ত পাৰ্গত বিভিন্নজন শিল্পী ও কলা-কুশলীৰ সমাৱেশ ঘটে।


১৯৯৬ চনৰ পৰা এই প্ৰতিষ্ঠান খনৰ শিক্ষাৰ্থীয়ে একোখনকৈ উল্লেখনীয় নাট প্ৰদৰ্শনেৰে দৰ্শকক আপ্লুত কৰা দেখিবলৈ পোৱা গৈছে। উল্লেখ্য যে, এই থিয়েটাৰ গোটৰ প্ৰতিষ্ঠাপক বাহাৰুল ইছলামে অসমীয়া, হিন্দী আৰু ইংৰাজীকে ধৰি প্ৰায় ৮০ খনতকৈও অধিক ছবিত অভিনয় কৰিছে। গুৱাহাটীৰ জু-ৰোডস্থিত সাৰ্বজনীন দূৰ্গা পূজা মণ্ডপত ক্ষীৰোদ চৌধুৰীৰ দ্বাৰা পৰিচালিত “পানীমলাৰ বিয়া” নাটকত কৰা অভিনয়েৰে অভিনয় জীৱনৰ পাতনি মেলা এই গৰাকী অভিনেতা বলীউডতো নাম উজ্বলাবলৈ সক্ষম হৈছে।বাহাৰুল ইছলামে বৰ্তমানলৈ কেইবাটাও বঁটাত নিজ নাম সন্নিৱিষ্ট কৰিছে। সেইকেইটা হ’ল ক্ৰমে-

বাদল চৰকাৰৰ ৰং ৰতন বঁটা, বিহাৰ চৰকাৰ, ২০১৫ (অসমীয়া থিয়েটাৰত নিজৰ অভিনৱ – মৌলিক কৰ্মৰে ভাৰতীয় থিয়েটাৰ জগতলৈ যোগোৱা অৱদানৰ বাবে)
বিষ্ণু বসু স্মৃতি সন্মান, ব্ৰাট্যাজন থিয়েটাৰ ২০১২,কলকাতা
– নাট্যপ্ৰবৰ বঁটা ২০১১, শাৰদাকান্ত বৰদলৈ স্মৃতি কমিটি, নগাঁও
– মনোহৰ সিং স্মৃতি পুৰস্কাৰ ২০০৫, এন এচ ডি, সাংস্কৃতিক মন্ত্ৰালয়, ভাৰত চৰকাৰ
– সংস্কৃতি সন্মান, একা এবং কয়েকজন প্ৰকাশণ, গুৱাহাটী

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform