Rupaliparda.com
"মোৰ কন্ঠত থকা কেইটামান নিৰ্দ্দিষ্ট উপাদান মই শ্ৰোতাক দিব বিচাৰো……"- অনুভূতি কাকতি গোস্বামী 1

“মোৰ কন্ঠত থকা কেইটামান নিৰ্দ্দিষ্ট উপাদান মই শ্ৰোতাক দিব বিচাৰো……”- অনুভূতি কাকতি গোস্বামী

সংগীত ক্ষেত্ৰখনত এনে বহু সংগীতশিল্পী আছে যাৰ কন্ঠৰ ব্যতিক্ৰমে আকৰ্ষণ কৰে শ্ৰোতাক। তেওঁৰ কন্ঠৰ যাদুই মোহাচ্ছন্ন কৰিব পাৰে শ্ৰোতাক; যাৰ কন্ঠৰ বাবে তেওঁৰ অনুৰাগীৰ সংখ্যাও সৰ্বাধিক। অসমৰ সংগীত শিল্পী সমূহৰ একাংশই এতিয়া এনে কিছুমান সুন্দৰ গীতৰ সৃষ্টি কৰিছে যাৰ গীতে আপ্লুত কৰিছে অসমৰ লগতে বলীউডৰ শিল্পী, কলা-কুশলীকো।সৰুৰে পৰা সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ থকা কন্ঠশিল্পী অনুভূতি কাকতি গোস্বামী বৰ্তমান স্বামী ও পুত্ৰৰ সৈতে মুম্বাইত প্ৰতিস্থিত। যোৰহাটত জন্মগ্ৰহণ কৰা এই গৰাকী কন্ঠশিল্পীয়ে মাতৃ আৰতি কাকতিৰ পৰাই লাভ কৰিছিল শাস্ত্ৰীয় সংগীতৰ বুনিয়াদী শিক্ষা। আনহাতে, তেওঁৰ পিতৃ দ্বিপেন কাকতিয়ে গীতত কথা দিয়ে, গতিকে অনুভূতিয়ে সৰুৰে পৰাই লাভ কৰিছিল সংগীতেৰে পৰিপূৰ্ণ এখন পৰিয়াল। লগতে, তেওঁৰ জেঠায়েক ভাৰতী শৰ্মা এগৰাকী অনাঁতাৰ শিল্পী হোৱা ফলত উক্ত কন্ঠশিল্পী গৰাকীয়ে নিচেই সৰুৰ পৰা গীত পৰিৱেশনৰ সুবিধা অৰ্জন কৰিছিল। গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰতো অনুভূতিয়ে ৫ বছৰ বয়সতে অনুষ্ঠান কৰিবলৈ সুবিধা লাভ কৰে। যোৰহাটত জন্মগ্ৰহণ কৰা এই গৰাকী কন্ঠশিল্পীয়ে প্ৰয়াত ইন্দ্ৰেশ্বৰ শৰ্মাৰ যোৰহাট সংগীত বিদ্যালয়ত সংগীতৰ আদি পাঠ শিকে। ৰূপালীপৰ্দাৰ সৈতে হোৱা কথা-বতৰাত যেতিয়া তেওঁক সোধা হৈছিল যে বৰ্তমান সংগীত ক্ষেত্ৰখনৰ সৈতে মিলি যাবলৈ লগতে শ্ৰোতাক আকৰ্ষণ কৰিব পৰা কি বস্তু তেওঁৰ তাত আছে বুলি প্ৰশ্ন কৰাত কন্ঠশিল্পী গৰাকীয়ে কয় যে,

"মোৰ কন্ঠত থকা কেইটামান নিৰ্দ্দিষ্ট উপাদান মই শ্ৰোতাক দিব বিচাৰো……"- অনুভূতি কাকতি গোস্বামী 2
"মোৰ কন্ঠত থকা কেইটামান নিৰ্দ্দিষ্ট উপাদান মই শ্ৰোতাক দিব বিচাৰো……"- অনুভূতি কাকতি গোস্বামী 3


“মই ইয়াৰ উত্তৰ তিনিটা ভিন্ন ভাগত দিবলৈ চেষ্টা কৰিম। প্ৰথমতে, মোৰ সংগীতত কেইটামান নিৰ্দ্দিষ্ট উপাদান মই শ্ৰোতা ও দৰ্শকক দিবলৈ বিচাৰো। যাৰ ভিতৰত এটা হৈছে “মোৰ কন্ঠ”। অইন কন্ঠশিল্পীৰ তুলনাত মোৰ কন্ঠৰ গঠনটো সামান্য ব্যতিক্ৰম; এই গঠনটোক মই মোৰ সংগীতত ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰো। সাধাৰণতে এই কন্ঠক ব্যৱহাৰ কৰিয়েই মই মোৰ শ্ৰোতাৰ মন মুহিবলৈ চেষ্টা কৰো। “মোতিচ্চুৰ চকনাচ্চুৰ” ৰ এটি গীতৰ যেতিয়া মই কভাৰটো প্ৰস্তুত কৰিছিলো তেতিয়া এই গীতটোৰেই পৰিচালক গৰাকীয়ে মোৰ কন্ঠত গীতটোক পচন্দ কৰিছিল। দ্বিতীয়তে, এটি গীতৰ কথাক আমি বহু বেছি গুৰুত্ব প্ৰদান কৰো। আচলতে, কথা প্ৰধান গীত আমাৰ ইয়াত যথেষ্ট খিনিয়ে আছে; আৰু আমাৰ যিটো গ্ৰুপ আছে সিহঁতবোৰৰ লগতেই একেলগে মিলি এনেধৰণৰ কথাপ্ৰধান গীত ৰচনা কৰিছো। দু্টা ইউটিউব চেনেল ক্ৰমে “Team Ashawari” আৰু “Viral Democracy” ত আমি কেইবাটাও হৃদয়স্পৰ্শী বিষয়বস্তুক লৈ ইয়াত গানৰ সৃষ্টি কৰি আপলোড কৰিছো।

"মোৰ কন্ঠত থকা কেইটামান নিৰ্দ্দিষ্ট উপাদান মই শ্ৰোতাক দিব বিচাৰো……"- অনুভূতি কাকতি গোস্বামী 4


ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আৰু ধৰ্ষণকাৰীৰ মানসিকতাৰ ওপৰত ভিত্তি কৰিও আমি কথাৰ মহত্ব থকা গীতৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছো আৰু আগন্তুক সময়লৈ চেষ্টা কৰি যাম বুলি ঠিৰাং কৰিছিলো। তৃতীয়তে,যিহেটো আমি শাস্ত্ৰীয় সংগীত শিকিয়ে ডাঙৰ হৈছো আৰু তাৰ সমান্তৰালকৈ লোকসংগীতৰ সৈতেও আমাৰ ঘনিষ্ঠতা আছে; আমি বিহুও নাচো। গতিকে লোকসংগীত মোৰ গীতৰ আন এক উপাদান যিহেতো লোকসংগীত গোৱাৰ লগে লগেই আমাক সকলোৱে প্ৰশংসাও কৰে ফলত এয়া মোৰ সংগীতত অন্তৰ্ভূক্ত। এতিয়ালৈ বিভিন্ন ভাষাৰ লোকসংগীত গাবলৈ মই চেষ্টা কৰিছো যেনে ধৰক বঙালী লোকসংগীত, উৰিয়া লোকসংগীত, কানাডা লোকসংগীত, মাৰাঠী লোকসংগীত আদি। এই আটাইবোৰ ভিন্নতাই আচলতে দৰ্শকৰ ওচৰত অনুভূতি কাকতি গোস্বামীক এগৰাকী সংগীতশিল্পী ৰূপে প্ৰতিষ্ঠিত কৰিছে।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.