Rupaliparda.com
নতুন ৱেব ফিল্মৰ প্ৰস্তুতিত এন.কে প্ৰডাকচনঃ 1

নতুন ৱেব ফিল্মৰ প্ৰস্তুতিত এন.কে প্ৰডাকচনঃ

এন.কে প্ৰডাকচন নিত্য-নতুন বিষয়বস্তুৰে আগবঢ়া দেখিবলৈ পোৱা গৈছে। প্ৰত্যেকদিনাই উক্ত প্ৰডাকচন হাউচটোৰ পৰা আহিছে ন-ন খবৰ। NK Big Star শীৰ্ষক এপৰ মুকলিৰে এওঁলোকে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনতো এক নতুনৰ সঞ্চাৰ বোঁৱাবলৈ হৈ পৰিছে সাজু। এই প্ৰডাকচন হাউচটোৰ বেনাৰত নিৰ্মিত কেইবাখনো ছবিৰ মুক্তিৰ বাবে অপেক্ষা কৰি থকা জনসাধাৰণক আৰু নতুন বিষয়বস্তু কিছু দিবলৈ ইতিমধ্যে সাজু হৈছে NK Big Star। নৱপ্ৰজন্মৰ প্ৰতিভা আৰু কিছু ব্যতিক্ৰমী বিষয়বস্তুৰে আগবঢ়া এই প্ৰডাকচন হাউচটোক লৈ আচলতে উৎসাহী দৰ্শক সকলো। বিগত দিনৰ পৰা এই প্ৰডাকচন হাউচটোৰ বেনাৰত নিৰ্মিত অধিকাংশ সুন্দৰ কাহিনী ও গীতে এতিয়াও জনসাধাৰণৰ হৃদয়ত ঠাই কৰিবলৈ সক্ষম; গতিকে আকৌ ৬ টা বৰ্ষ পিছত ই উভতি অহাত এতিয়া “আৱেগ” ক লৈ পূৰ্ণৰূপত উৎকন্ঠিত ইয়াৰ অনুৰাগী। NK Big Star শীৰ্ষক এপটোত মুক্তিপাবলগীয়া ছবি “জানমণি ২০২০” আৰু “জানমণি- ৱেব ফিল্ম” ৰ ইতিমধ্যে দৰ্শকে দেখিবলৈ পাইছে টিজাৰ ও ট্ৰেইলাৰ।

নতুন ৱেব ফিল্মৰ প্ৰস্তুতিত এন.কে প্ৰডাকচনঃ 2
নতুন ৱেব ফিল্মৰ প্ৰস্তুতিত এন.কে প্ৰডাকচনঃ 3


আকৌ এবাৰ আন এখন ৱেব ফিল্মৰ বাবে প্ৰস্তুতি চলাইছে এন কে প্ৰডাকচনে। ইতিমধ্যে চিনেমাখনৰ শ্বুটিং আৰম্ভ কৰা হৈছে। ক্ৰাইম থ্ৰীলাৰ ধৰ্মী এই ৱেব ফিল্ম খনৰ নাম হৈছে “থ্ৰী মাৰ্ডাৰচ”। শ্বুটিং সময়ছোৱাৰ বিভিন্ন আপডেট ইতিমধ্যে দি থকা দেখিবলৈ পোৱা গৈছে চিনেমাখনৰ সৈতে জড়িত কলা-কুশলীয়ে। এন.কে প্ৰডাকচনৰ বেনাৰত নিৰ্মিত “থ্ৰী মাৰ্ডাৰচ” ৰ পৰিচালনা মনুজিৎ শৰ্মাৰ আৰু দৃশ্যগ্ৰহণ জ্ঞান গৌতমৰ। ছবিখনৰ সহঃ পৰিচালনা অৰিন্দম কাশ্যপৰ আৰু ইয়াৰ ৰূপসজ্জা কামছিৰ। ইয়াত অভিনয় কৰিছে উজ্জ্বল কুমাৰ, অভিনৱ গোস্বামী, ৰচেলিন ভাৰতী, অাটলান্টা শৰ্মা, কুকিল শইকীয়া, সম্ৰাট বৰা আৰু পল্লৱী হাজৰিকাই। ইয়াৰ কাহিনী এম.মনিৰামৰ আৰু চিত্ৰনাট্য ও সংলাপ চিৰন্তন মহন্তৰ।

নতুন ৱেব ফিল্মৰ প্ৰস্তুতিত এন.কে প্ৰডাকচনঃ 4


এই প্ৰডাকচন হাউচটোৰ দ্বাৰা আহিবলগীয়া উক্ত এপটো মুক্তি পোৱাৰ লগে লগেই হয়টো দৰ্শকে বিভিন্ন নতুন কাহিনীৰ লগতে নৱাগত অভিনেতা-অভিনেত্ৰীক দেখিবলৈ পাব ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform