টেলিভিছনত সম্প্ৰচাৰিত ৰিয়েলিটী শ্ব’ সমূহৰ তুলনাত অধিক টি.আৰ.পি আৰু দৰ্শকৰ ধ্যান টানবিলৈ সক্ষম হোৱা শ্ব’টোৱে কালাৰ্ছৰ “বিগ বছ”। বিগত ১৩ নম্বৰ সংস্কৰণটো শেষ হোৱা পিছতো কিন্তু এই সংস্কৰণটোত অন্তৰ্ভূক্ত চিলেব্ৰেটীসমূহৰ ওপৰত বৰ্তমান পৰ্যন্ত দৰ্শকে নিজৰ মনোযোগ ব্যক্ত কৰিছে। এতিয়া ইয়াৰ চতূৰ্দশ সংস্কৰণটোৰ বাবে প্ৰস্তুত হৈ পৰিছে সকলো। শ্ব’টোৰ বাবে বিভিন্নজন চিলেব্ৰেটীকো সুধি থকা হৈছে; কিন্তু এইবাৰ ইয়াৰ বাবে ক’ৰ’ণা ভাইৰাছক মনত ৰাখি সকলো কাম সম্পন্ন কৰাৰ ব্যৱস্থা কৰিছে শ্ব’টোৰ সৈতে জড়িত কলা-কুশলীয়ে। উল্লেখ্য যে, এই শ্ব’টোৰ সৈতে কেমেৰা মেনৰ পৰা আৰম্ভ কৰি কাৰিকৰী ক্ষেত্ৰৰ প্ৰায় ৩০০ গৰাকী লোক জড়িত হৈ থাকে; কিন্তু ক’ৰ’ণাৰ বাবে ইমান খিনি লোকক একত্ৰিত কৰা সম্ভৱ নহয়।

ফলত, ইয়াৰ নিৰ্মাতা ই সামাজিক দূৰত্ব মানি শ্বুটিং কৰাৰ বাবে অপেক্ষা কৰিছে। জানিব পৰা মতে, জুন মাহতেই “বিগ বছ” ৰ প্ৰমো’ মুকলি কৰাৰ কথা আছিল যদিও ক’ৰ’ণা ভাইৰাছৰ বাবে ই স্তব্ধ হৈ পৰিল। এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ ৰিপোৰ্টনুসৰি, যেনেদৰে বিগ বি অমিতাভে নিজৰ ঘৰৰ পৰাই “কে বী সী” আৰম্ভ কৰিছে; ঠিক তেনেদৰেই ছলমান খানেও নিজ ঘৰৰ পৰাই শ্বুট কৰিব “বিগ বছ ১৪” ৰ প্ৰমো।” অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া এই শ্ব’টোৰ এইবাৰ প্ৰধান কথা হ’ব সামাজিক দূৰত্ব।
Add comment