Rupaliparda.com
"অন্‌ লাইন অসমীয়া নাট সমাৰোহ"-নৰ্থ ইষ্ট থিয়েটাৰ একাডেমী,দেৰগাঁৱৰ এক ব্যতিক্ৰমী পদক্ষেপ 1

“অন্‌ লাইন অসমীয়া নাট সমাৰোহ”-নৰ্থ ইষ্ট থিয়েটাৰ একাডেমী,দেৰগাঁৱৰ এক ব্যতিক্ৰমী পদক্ষেপ

অসমৰ অন্যতম অভিনয় শিক্ষা প্ৰতিষ্ঠান নৰ্থ ইষ্ট থিয়েটাৰ একাডেমী, দেৰগাঁৱৰ উদ্যোগত আৰু একাডেমীখনিৰ সঞ্চালক তথা বিশিষ্ট নাট পৰিচালক সীমান্ত ফুকনৰ চিন্তা আৰু একক প্ৰচেষ্টাত গত ১জুনৰ পৰা ১৩জুন,২০২০লৈ “ফেছবুক প্ৰিমিয়াৰ লাইভ”যোগে অনুষ্ঠিত হয় অসমীয়া নাটকৰ এখনি অনন্য অন্‌লাইন নাট সমাৰোহ।পৃথিৱীজোৰা কভিড-১৯ মহামাৰী আৰু লকডাউনৰ ফলত অন্যন্য ক্ষেত্ৰ সমূহৰ লগতে স্থবিৰ হৈ পৰিছে সাংস্কৃতিক ক্ষেত্ৰখনো।নিয়মীত শিল্প সাধনা কৰি সংসাৰ চলোৱা শিল্পী সকলৰ দৈনিক ৰোজগাৰ বন্ধহৈ যোৱাত মানসিকভাৱে ভাগি পৰিছে সকলো।এনে এটা সময়তে নাট্যশিল্পী আৰু নাট্যপ্ৰেমীক মানসিক তৃপ্তি প্ৰদানৰ বাবে সীমান্ত ফুকনৰ সৱল নেতৃত্বত নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীৰ ফেচবুক পৃষ্ঠা যোগে আৰম্ভ হ’ল “অন্‌ লাইন অসমীয়া নাট সমাৰোহ”। অসম আৰু ভাৰতবৰ্ষৰ বহুকেইগৰাকী বিশিষ্ট নাট্যব্যক্তিৰ শুভেচ্ছা বাণীৰে আৰ্শীষ ধন্যহৈ এই পদক্ষেপক সহযোগিতা আগবঢ়ালে অসমৰ বাৰটিকৈ নাট্যদলে।

"অন্‌ লাইন অসমীয়া নাট সমাৰোহ"-নৰ্থ ইষ্ট থিয়েটাৰ একাডেমী,দেৰগাঁৱৰ এক ব্যতিক্ৰমী পদক্ষেপ 2

ইতিপূৰ্বে অসমৰ উপৰিও ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত বহুকেইখন আগশাৰীৰ নাট সমাৰোহত পৰিবেশিত হৈ দৰ্শক-সমালোচকৰ দ্বাৰা ভূয়শী প্ৰসংশা অৰ্জন কৰা এই অন্‌ লাইন নাট সমাৰোহত পৰিবেশিত নাটক কেইখন হ’ল- ইমৰান হোছেইনৰ গল্পৰ আধাৰত মৃনাল কুমাৰ বৰাৰ ৰচিত-পৰিচালিত নগাওঁ পুৰনিগুদামৰ ৰঙ্গালয় নিবেদিত “হুদুমদেউ”, বিপ্লৱজ্যোতি ভূঞা ৰচিত, অসীম কুমাৰ নাথ পৰিচালিত চৰ্চ্চা,চিপাঝাৰৰ “হেভেন টু হে’ল”, ড°পৰমানন্দ ৰাজবংশী ৰচিত সীমান্ত ফুকন পৰিচালিত নৰ্থ ইষ্ট থিয়েটাৰ একাডেমী,দেৰগাঁৱৰ “কমলা কুঁৱৰীৰ সাধু”,হেমন্ত বৰাৰ ৰচনা চাহিদুল হকৰ পৰিচালনাৰে অৰ্কিড থিয়েটাৰ, নগাঁৱৰ “বাৱলচ্‌ ইন দা ৰিভাৰ”,ৰজীৱ লোচন বৰা ৰচিত গুণমনি বৰুৱা পৰিচালিত ডিব্ৰুগড় ৰংডুলি সাংস্কৃতিক কেন্দ্ৰৰ “ঢুলীয়া ওজা”,ৰণহাং চৌধুৰী ৰচিত-পৰিচালিত অভিজ্ঞানম ,গুৱাহাটীৰ “তৃতীয়”,ডিব্ৰুগড় আখৰা ঘৰ নিবেদিত,অসীম শৰ্মা পৰিচালিত ৰবীন্দ্ৰ নাথ ঠাকুৰৰ “ডাকঘৰ”,দীপক মহন্ত ৰচিত,কৃষ্ণ ভূঞা পৰিচালিত ৰঙ্গভূমি,বিহপুৰীয়াৰ “ধনীৰামৰ থিয়ট্টাৰ”(থিয়েটাৰ),প্ৰাঞ্জল কে’ শইকীয়া ৰচিত-পৰিচালিত টীম ইণ্ডিপিটি,গুৱাহাটীৰ “চেংপুং বৰ্ডাৰ”,পংকজ জ্যোতি ভূঞা ৰচিত,কুশল ডেকা পৰিচালিত বৰ্ণম,বিশ্বনাথ চাৰিআলিৰ “অপৰাজিত”,কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ কাহিনীৰ আধাৰত ৰবিজিতা গগৈ ৰচিত-পৰিচালিত জিৰছং থিয়েটাৰ,গুৱাহাটীৰ “ইতি মৃণালিনী”,অৰুণ নাথ ৰচিত,ৰনাল হোছেইন পৰিচালিত যোৰহাট নকছাৰীৰ থিয়েটাৰ স্পেচৰ “প্ৰেম” আৰু সমাৰোহৰ অন্তিম নাটক নৰ্থ ইষ্ট থিয়েটাৰ একাডেমী,দেৰগাওঁ নিবেদিত সীমান্ত ফুকন পৰিচালিত ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাদেৱৰ কালজয়ী নাট “লভিতা”।

"অন্‌ লাইন অসমীয়া নাট সমাৰোহ"-নৰ্থ ইষ্ট থিয়েটাৰ একাডেমী,দেৰগাঁৱৰ এক ব্যতিক্ৰমী পদক্ষেপ 3

উল্লেখযোগ্য কথা যে প্ৰতিদিনেই ৰাতি ৮ বজাৰ লগে লগে আৰম্ভ হোৱা এই অন্‌ লাইন নাট সমাৰোহৰ নাটক সমূহ কেৱল অসমৰ নাট্যপ্ৰিয় দৰ্শকৰ মাজতে সীমাবদ্ধ হৈ নাথাকি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ দৰ্শকৰ লগতে আমেৰিকা,নিউ জাৰ্ছি,কনাডা আদি দেশৰ প্ৰবাসী অসমীয়া সকলৰ মাজতো বেছ জনপ্ৰিয় হৈ উঠিছে আৰু বিভিন্নজনে এই প্ৰচেষ্টাৰ শলাগ লৈ মন্তব্য আগবঢ়াইছে।পৃথিৱীৰ অসুখৰ সময়ত এই সুন্দৰ পদক্ষেপৰ বাবে সীমান্ত ফুকন আৰু নৰ্থ ইষ্ট থিয়েটাৰ একাডেমী,দেৰগাঁৱলৈ ধন্যবাদ জ্ঞাপন কৰিলো।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform