ইৰফান খান ও ঋষি কাপুৰৰ মৃত্যৰ পিছত এইবাৰ সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ বাতৰিয়ে কন্দুৱাইছে প্ৰত্যেককে। ৩৪ বছৰ বয়সতে অজান কাৰণত আত্মঘাটি সিদ্ধান্ত ল’লে অভিনেতা গৰাকীয়ে। নিজ বাসগৃহতেই আত্মহনন অভিনেতা সুশান্ত সিং ৰাজপুতৰ; “পবিত্ৰ ৰিষ্টা” ৰ জৰিয়তে জনপ্ৰিয়তা লাভ কৰা সুশান্ত সিঙে পিছলৈ বলীউডতো নিজৰ বলিষ্ঠ অভিনয়েৰে দৰ্শকৰ হৃদয়ত স্থান বনাবলৈ সক্ষম হয়। “এম.এছ ধোনী”, “কেদাৰনাথ”, “কাই পোছে” আদিৰ দৰে কেইবাখনো ছবিত অভিনীত সুশান্ত সিঙৰ মৃত্যুয়ে শোকস্তব্ধ কৰি তুলিছে বলীউডৰ লগতে অসমীয়া শিল্পী ক্ষেত্ৰৰ বিভিন্নজনকো।

মানসিক বিষাদৰ স্বীকাৰ হৈয়ে আত্মহননৰ পথ বাছি লৈছিল বুলি একাংশই মত ব্যক্ত কৰে। এইগৰাকী অভিনেতাৰ মৃত্যত অসমীয়া শিল্পী সকলেও একোটিকৈ পোষ্ট দি তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। চাওঁচোন আহকঃ
Add comment