Rupaliparda.com
আন এক সফলতাৰ দিশে "মিডনাইট ছং"- 1

আন এক সফলতাৰ দিশে “মিডনাইট ছং”-

আগন্তুক অসমীয়া ছবি “মিডনাইট ছং” ৰ আন এক সফলতা। বিগত দিন ধৰি বহুকেইখন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ছবি সমাৰোহত মনোনয়নপ্ৰাপ্ত “মিডনাইট ছং” ক পুনৰ বাৰ স্ক্ৰীণিং কৰা হ’ব আন এক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ছবি সমাৰোহত। আগন্তুক ৩১ জুলাই তাৰিখে “Mabel Tainter Center For The Arts” ত সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ’বলগীয়া “Red Cedar Film Festival” স্ক্ৰীণিং কৰা হ’ব এই ছবিখন। নৱাগত পৰিচালক অৰুণজিৎ বৰাৰ দ্বাৰা পৰিচালিত এই ছবিখনৰ বাবে পৰিচালক গৰাকীয়েও ইতিমধ্যে নিউয়’ৰ্ক চিনেমেটো’গ্ৰাফী এৱাৰ্ডচত খিতাপ লাভ কৰে। India International Film Festival of Boston আৰু Nepal International Film Festival তো “মিডনাইট ছং” য়ে লাভ কৰাৰ প্ৰশংসাই দৰ্শকৰ আগত আগতীয়াকৈ ছবিখনৰ ভাল-বেয়া নিৰ্দ্ধাৰণ কৰিছে।

আন এক সফলতাৰ দিশে "মিডনাইট ছং"- 2


“চাচপেন্স থ্ৰীলাৰ” ধৰ্মী এই ছবিখনত তথাকথিত সম্পৰ্কৰ জটিলতা ও বান্ধোনক উপস্থাপন কৰা হৈছে। ৰূপম চেতিয়া, কল্পনা কলিতা তথা মনোজ বৰকটকীৰ অভিনয়েৰে এই ছবিখনৰ কাহিনী লিখিছে সঞ্জীৱ গিৰিৱেৰে। উক্ত ছবিখনৰ প্ৰযোজক অপৰাজিতা ভূঞা লগতে ইয়াৰ সহকাৰী প্ৰযোজক হৈছে মধুমিতা ভূঞা। অৰৱিন্দ য়াদৱৰ চিনেমেটো’গ্ৰাফীৰে ছবিখনৰ সম্পাদনা ৰন্টু চেতিয়াৰ। ৰূপসজ্জা বিশ্ব কলিতাৰ লগতে ইয়াৰ প্ৰডাকচন মেনেজাৰ ৰূপে আছিল হিমেন বৰা। আনহাতে, পৰিচালনা টীমত আছিল নিৰুপম বৰবৰুৱা, দিলীপ দত্ত, সমৰ জ্যোতি সৰকাৰ আৰু য়তিস্মা তিৱাৰী। উল্লেখ্য যে, ছবিখনত এটাই মাত্ৰ গীত আছে; যাক ইংৰাজী আৰু অসমীয়া দুটা সংস্কৰণত ভাগ কৰা হৈছে। গীতটিৰ সুৰ আৰু সংগীত পৰিচালনা কৰাৰ লগতে ইয়াৰ ইংৰাজী ভাগত কন্ঠদান কৰিছে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জনপ্ৰিয় Meghan Scott য়ে আৰু অসমীয়া ভাগত কন্ঠদান কৰিছে জনপ্ৰিয় জুবলী বৰুৱাই। গীতটি লিখিছে ৰাজদ্বীপে আৰু গীতটিত শব্দ সংমিশ্ৰণ কৰিছে যতীন শৰ্মাই।ছবিখনৰ বেকগ্ৰাউণ্ড স্কৰ অম্বৰ দাসৰ লগতে ইয়াত চাউণ্ড ডিজাইন আৰু RR মিস্কাৰ কৰিছে মুম্বাইত প্ৰতিষ্ঠিত অসম সন্তান দেৱজিৎ চাংমাইয়ে।

আন এক সফলতাৰ দিশে "মিডনাইট ছং"- 3


উল্লেখ্য যে, ছবিখনৰ ঘোষণা হোৱা সময়ছোৱাৰ পৰা ছবিখনে লাভ কৰিছিল দৰ্শকৰ বহুল চৰ্চাৰ। অসমীয়া দৰ্শকেও বহু দিনৰ পৰা হয়টক অপেক্ষা কৰিছিল এখন হৃদয়স্পৰ্শী কাহিনীৰে নিৰ্মিত এখন ছবিৰ বাবে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform