২০০৯ চনত নেশ্বনেল স্কুল অৱ ড্ৰামাৰ পৰা পাছ কৰি অহা অভিনেতা বলোৰাম দাস বৰ্তমান সময়ৰ এজন জনপ্ৰিয় ও চিনাকী অভিনেতা। গুৱাহাটীস্থিত উজান বজাৰত ডাঙৰ-দীঘল হোৱা এইগৰাকী অভিনেতাই প্ৰায় ২৫ খনৰো অধিক নাটত নিজ বলিষ্ঠ অভিনয়েৰে দৰ্শকক আপ্লুত কৰিছে। বৰ্তমান মায়ানগৰী মুম্বাইত প্ৰতিষ্ঠিত বলোৰামে এতিয়ালৈ কেইবাখনো হিন্দী ছবিত অভিনয় কৰিছে। ছবি কেইখন আছিল ক্ৰমে “গব্বৰ ইজ বেক”, “বদলাপুৰ বয়জ”, “হেইডাৰ”, “অকে জানু, “তু হি মেৰা চানডে’, “হাইজেক”, “কাৰৱা”, “ব্লেংক” ৰ লগতে আন বহুতো। আনহাতে, অভিনেতা গৰাকী কেৱলমাত্ৰ হিন্দী ছবিয়ে বুলিয়ে নহয়; অসমীয়া ছবিৰ লগতো জড়িত। অন্তৰীণ, বিউটিফুল লাইভচ আদিৰ ছবিৰ সৈতে জড়িত বলোৰামক ২০১৫-১৬ বৰ্ষত তেওঁক Assam State Award ৰ “বেষ্ট চাপৰ্টিং এক্টৰ” ৰ খিতাপ প্ৰদান কৰা হয়। ৰূপালীপৰ্দাৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয় যে, “এতিয়াটো লক-ডাউন; ফলত এতিয়া নিজ ঘৰতেই আৱদ্ধ হৈ আছো।”


ইয়াৰ উপৰিও তেওঁ নিজৰ আহিবলগীয়া চাৰিখন ছবিৰ বিষয়ে জনাই কয় যে, “বৰ্তমানটো একো প্ৰকল্পতেই হাত দিব পৰা নাই কিয়নো দেশৰ এই পৰিস্থিতিত বৰ্তমান নিজ বাসগৃহতেই আৱদ্ধ হৈ আছো। কিন্তু মোৰ আগন্তুক সময়ত চাৰিখন মান ছবি অহা কথা আছিল; ইয়াৰে ভিতৰত এখন এই চলিত মাহৰ ১৭ তাৰিখেই মুক্তি পাবলগীয়া হৈ আছিল যদিও “কভিড ১৯” ৰ আতংকৰ ফলত ই ৰৈ গ’ল। এই ছবিখনৰ নাম আছিল “মেডামজী ছিফমিনিষ্টাৰ”; ছবিখন পৰিচালনা কৰিছিল সুভাষ কাপুৰে আৰু ইয়াত গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰিছে অভিনেত্ৰী ঋষা চড্ডাই। ছবিখন “মায়াবতী” ৰ জীৱন কাহিনীক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে; কিন্তু ছবিখন এতিয়া OTT ত মুকলি কৰিবনে ছবিগৃহ খুলি যোৱালৈ ৰ’ব সেয়া এতিয়াও গম মই পোৱা নাই। আনহাতে, আনখন ছবি হৈছে “পেপাৰ চিকেন”; যাৰ পৰিচালনা “মাৰ্কশ্বীট” ছবিখনৰ পৰিচালক ৰতনশীল শৰ্মাই কৰিছে। ইয়াত মোৰ লগতে অভিনয় কৰিছে বাহাৰুল ইছলাম, ৰৱি শৰ্মা,দীপান্বিতা শৰ্মা আৰু মনোজ বৰকটকীয়ে। এই ছবিখনটো বিশেষকৈ OTT ৰ বাবেই নিৰ্মাণ কৰা হৈছিল; বিভিন্ন OTT প্লেটফৰ্মৰ সৈতে এতিয়া কথা-বতৰাও চলি থকা হৈছে গতিকে দৰ্শকে হয়টো সোনকালেই এই ছবিখন উপভোগ কৰিব পাৰিব।


ইয়াৰ পিছত, আকৌ নৱাগত পৰিচালক পুস্কৰ মহাবলৰ পৰিচালনাৰে নিৰ্মিত এখন ছবিত অভিনয় কৰিছো; ছবিখন OTT প্লেটফৰ্মৰ বাবেই নিৰ্মাণ কৰা হৈছে যদিও ইয়াৰ নাম বৰ্তমানলৈ নিৰ্দ্ধাৰণ কৰা হোৱা নাই। চতূৰ্থতে, চৰতাজ সিং পান্নুৰ দ্বাৰা নিৰ্মিত “ঔঁম” নামে ছবিখনত অভিনয় কৰিছো। এই পৰিচালকগৰাকীৰে দ্বাৰা নিৰ্মিত ছবি “Nanak Shah Fakir” য়ে ইতিমধ্যে লাভ কৰিছে ৰাষ্ট্ৰীয় বঁটা। এই ছবিখন অলপতে মুক্তি দিয়া কথা আছিল যদিও এই পৰিস্থিতিৰ ফলত এই ছবিখনৰো মুক্তি তাৰিখ বৰ্তমান পিছুৱাই দিয়া হৈছে। উক্ত আটাইকেইখন ছবিতেই আচলতে মই কেইটামান গুৰুত্বপূৰ্ণ ভূমিকা ৰূপায়ন কৰিছো।” অভিনেতা বলোৰাম দাসক অসমলৈ ঘূৰি অহা কথা সোধাত তেওঁ কয়, “আহিবলৈটো মন যায়; মা হঁতেও মাতি আছে কিন্তু ইয়াৰ পৰা যোৱা পিছত আকৌ ১৪ দিনৰ কোৱাৰেন্টাইন লগতে নিজ পৰিয়ালটোক মিছাতেই হাৰাশাস্তি কৰা ইচ্ছা নাই। পৰিস্থিতি ভাল হ’লেই গুৱাহাটীলৈ উভতিম।” উল্লেখ্য যে, এই অভিনেতাগৰাকী ছবি সমূহৰ বাদেও বিভিন্ন বিজ্ঞাপনৰ সৈতে জড়িত এখন চিনাকী।
Add comment