Rupaliparda.com
"ইয়াক মায়ানগৰী" বোলা হয়"- শেখৰ কাপুৰৰ পোষ্টত কমেন্ট কবি কুমাৰ বিশ্বাসৰঃ 1

“ইয়াক মায়ানগৰী” বোলা হয়”- শেখৰ কাপুৰৰ পোষ্টত কমেন্ট কবি কুমাৰ বিশ্বাসৰঃ

বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত বলীউড ক্ষেত্ৰত নানানটা প্ৰশ্নৰ উত্থাপন হৈ পৰিছে। তথাকথিত বলীউডত হোৱা ভিন্ন কথাত এতিয়া প্ৰশ্ন কৰিছে একাংশই। সুশান্ত সিঙৰ মৃত্যুৰ পিছত এতিয়া কেইবাটাও বিস্ফোৰক তথ্য ফাদিল কৰা হৈছে সংবাদ মাধ্যমত। পৰিচালক শেখৰ কাপুৰেও এটি পোষ্ট যোগে অভিনেতাগৰাকীৰ মৃত্যত শোক ব্যক্ত কৰি তেওঁৰ মৃত্যুৰ বাবে কোন দায়ী শেখৰ কাপুৰে জানে বুলি মন্তব্য কৰে। শেখৰ কাপুৰৰ এই পোষ্টটোৱে বৰ্তমান খলকনি লগাইছে চচিয়লে মিডিয়াত। শেখৰ কাপুৰে কয় যে, “তুমি যিটো দুখৰ সৈতে মুখা-মুখি হৈছা; যিসকল লোকে তোমাক অসহায় কৰিছিল আৰু যাৰ বাবে তুমি মোৰ কান্ধত মূৰ থৈ কান্দিছিলা, এই আটাইবোৰ কাহিনী মই জানো। মই যদি পাৰিলোহেঁতেন তোমাৰ সৈতে এই ৬ মাহ থাকিবলৈ; যদি তুমি মোক খুলি কলাহেঁতেন। এই যিবোৰ হ’ল এয়া অইনৰ কৰ্ম, তোমাৰ নহয়।”

https://twitter.com/DrKumarVishwas/status/1272489150516563970


শেখৰৰ এই পোষ্টটো এতিয়া ভাইৰেল কৰি তুলিছে সকলোৱে। এই পোষ্টটোত জনপ্ৰিয় কবি কুমাৰ বিশ্বাসেও কমেন্ট কৰি কয় যে, “আমি তেওঁলোকক জানো। তেওঁলোক আছিল, আছে আৰু সদায় থাকিব। ইয়াক মায়ানগৰী আখ্যা দিয়া হয়।” পৰিচালক শেখৰ কাপুৰে আগন্তুক সময়ত সুশান্তৰ সৈতে “পানী” ছবিখন কৰিলেহেঁনে। য়শৰাজৰ বেনাৰত নিৰ্মিত ছবিখনৰ শ্বুটিঙৰ মাজতেই উক্ত প্ৰডাকচোন হাউচটো পিছ হুঁহূকি যায়। সুশান্ত এই ছবিখনৰ বাবে উৎসাহিত হৈ থকাৰ উপৰিও ছবিখনৰ চৰিত্ৰটোৰ বাবে তেওঁ নিজক প্ৰস্তুত কৰি লৈছিল কিন্তু হঠাৎ ছবিখন বন্ধ হোৱাত সুশান্তে বহুত কান্দিছিল বুলিও মন্তব্য কৰে শেখৰ কাপুৰে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.