Rupaliparda.com
এক্সক্লুচিভঃ "অসমলৈ কিয় নাযাম? তাতটো মোৰ শহুৰৰ ঘৰ"- টিনা ভাটিয়া (গঁলী বয়, গোলাব সিতাবো) 1

এক্সক্লুচিভঃ “অসমলৈ কিয় নাযাম? তাতটো মোৰ শহুৰৰ ঘৰ”- টিনা ভাটিয়া (গঁলী বয়, গোলাব সিতাবো)

সপোনৰ পম খেদি আগবাঢ়ি অহা একাংশ শিল্পীয়ে এতিয়া নিজ প্ৰতিভাৰ বাবে শিখৰলৈ বগাব সক্ষম হৈছে। আচলতে, যেতিয়া কোনো এজন ব্যক্তি নিজ জীৱনত দৃঢ় প্ৰতিজ্ঞ হৈ পৰে তেতিয়া কোনো বাধাই তেওঁৰ জীৱন বাটত হেঙাৰ হৈ থিয় দিব নোৱাৰে। বলীউডৰ ওপৰত বিভিন্ন প্ৰশ্নৰ উত্থাপন হৈ থকা সময়ছোৱাতে এই ক্ষেত্ৰখনত নিৰৱিচ্চিন্ন ভাৱে কাম কৰি যোৱা কেইগৰাকীমান অভিনেত্ৰীৰ ভিতৰত উল্লেখনীয় হৈছে টিনা ভাটিয়া। এই অভিনেত্ৰী গৰাকীক আপোনালোকে দেখিবলৈ পাইছিল ৰণৱীৰ সিং আৰু আলিয়া ভাটৰ বহু চৰ্চিত ছবি “গঁলী বয়” ত। ৰণৱীৰ সিঙৰ মাতৃৰ চৰিত্ৰ ৰূপায়ন কৰা এই গৰাকী অভিনেত্ৰীক শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে অমিতাভ বচ্চন আৰু আয়ূসমান খুৰানাৰ ছবি “গোলাব সিতাবো” ত। নেশ্বনেল স্কুল অৱ ড্ৰামাত অভিনয়ৰ শিক্ষা গ্ৰহণ কৰা এইগৰাকী অভিনেত্ৰীয়ে টিভি চিৰিয়েলৰ পৰা আৰম্ভ কৰিছিল নিজ অভিনয়ৰ অবিৰত যাত্ৰা। চুটি ছবিৰ সমান্তৰালকৈ প্ৰায় ৭ খনকৈ হিন্দী ছবিত অভিনীত টিনা ভাটিয়া অসমৰ বোৱাৰী। অভিনেতা বলোৰাম দাসৰ পত্নী টিনা ভাটিয়াই ৰূপালীপৰ্দাৰ সৈতে বিভিন্ন মনৰ কথা ব্যক্ত কৰে।

এক্সক্লুচিভঃ "অসমলৈ কিয় নাযাম? তাতটো মোৰ শহুৰৰ ঘৰ"- টিনা ভাটিয়া (গঁলী বয়, গোলাব সিতাবো) 2
এক্সক্লুচিভঃ "অসমলৈ কিয় নাযাম? তাতটো মোৰ শহুৰৰ ঘৰ"- টিনা ভাটিয়া (গঁলী বয়, গোলাব সিতাবো) 3


অমিতাভ বচ্চন, ৰণৱীৰ সিং আৰু আয়ূসমান খুৰানাৰ সৈতে একেলগে কাম কৰাৰ পিছত অভিনেত্ৰী টিনা ভাটিয়াৰ অনুভৱৰ বিষয়ে সোধাত তেওঁ কৈছিল যে, “মই প্ৰথম যিজন চিলেব্ৰেটীৰ সৈতে কাম কৰিছিলো; সেইজন আছিল ৰণৱীৰ সিং। আৰু, মই “গঁলী বয়” ৰ বাবে গৈয়ে মোৰ প্ৰথমটো শ্ব’ট তেওঁৰ সৈতেই আছিল; মানে ছবিখনৰ শ্বুটিঙৰ প্ৰথমটো দিনাই মোৰ শ্বুট তেওঁৰ সৈতে হৈছিল। প্ৰথমৱস্থাত, মই অকণমান অবাক হৈ পৰিছিলো যদিও পিছলৈ মই সহজ হৈছিলো কাৰণ মই ৰণৱীৰৰ বিষয়ে অলপ হ’লেও জানিছিলো যে তেওঁ শান্ত প্ৰকৃতিৰ লোক। সহঃ অভিনেতা-অভিনেত্ৰীক তেওঁ “কমফৰ্ট জ’ন” লৈ যায়। পিছলৈ তেনেকৈ কৰি গ’লো আৰু সঁচাকৈ তেওঁ এজন মাটিৰ মানুহ; তেওঁৰ সৈতে কাম কৰি সাংঘাতিক ভাল লাগিল। আনহাতে, আয়ূসমান খুৰানাক মই ব্যক্তিগত ভাৱে পচন্দ কৰো। বৰ্তমান সময়ৰ “হিৰো” শব্দটোৰ যি সংজ্ঞা; তাক তেওঁ সম্পূৰ্ণ বেলেগ কৰি দিছে। তেওঁ ছবিসমূহৰ বাবে লোৱা প্ৰত্যাহ্বান সমূহ লেখত ল’বলগীয়া, যেনে ধৰা “বালা” ত তেওঁ তপা হৈছিল আৰু শেহতীয়াকৈ তেওঁ “গোলাব সিতাবো” ত দোকানীৰ যিটো চৰিত্ৰ ৰূপায়ন কৰিছে তাৰ দ্বাৰাই দৰ্শকৰ মনতো “হিৰো” এনেকুৱাও হ’ব পাৰে বুলি তেওঁ এক নতুন মানসিকতাৰ সৃষ্টি কৰিছে।”

এক্সক্লুচিভঃ "অসমলৈ কিয় নাযাম? তাতটো মোৰ শহুৰৰ ঘৰ"- টিনা ভাটিয়া (গঁলী বয়, গোলাব সিতাবো) 4
এক্সক্লুচিভঃ "অসমলৈ কিয় নাযাম? তাতটো মোৰ শহুৰৰ ঘৰ"- টিনা ভাটিয়া (গঁলী বয়, গোলাব সিতাবো) 5


আনহাতে, অমিতাভ বচ্চনৰ সৈতে অভিনয় কৰাক লৈ অভিনেত্ৰী গৰাকীয়ে কয় যে, “সৰুৰ পৰা অমিতাভ বচ্চন ছাৰক আমি তেনেদৰে দেখিছো গতিকে এটা সময়ত তেওঁৰ সৈতে থিয় হৈ এখন স্ক্ৰীণত থকাটোৱে নিজৰ মাজত এক ডাঙৰ কথা। ৩০-৪০ চেকেণ্ডলৈটো সুখ, অবাক আদিৰ মিশ্ৰিত অনুভৱ মই মোৰ লগত ৰাখিছিলো কিন্তু তেওঁৰ সৈতে যেতিয়া এবাৰ অভিনয়ৰ আৰম্ভণি হৈ গ’ল তেতিয়া তেওঁ আপোনাৰ এগৰাকী সহঃ অভিনেতালৈ ৰূপান্তৰিত হৈ পৰিল। অমিতাভ বচ্চন ছাৰো নিজৰ সংগী খিনিৰ সৈতে খুবেই ভালকৈ থাকে।” টিনা ভাটিয়াক অসমলৈ কেতিয়াবা আহিছে নেকি সোধাত তেওঁ কয় যে, “আৰে, মই কিয় নাযাম। বহুবাৰ গৈছো; তাতটো মোৰ শহুৰৰ ঘৰ।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform