Rupaliparda.com
"এমাহ মান কষ্ট পাইছিলো, নিজক কষ্ট দিছিলো"- জুবিন গাৰ্গ 1

“এমাহ মান কষ্ট পাইছিলো, নিজক কষ্ট দিছিলো”- জুবিন গাৰ্গ

বলীউড অভিনেতা সুশান্ত সিঙৰ মৃত্যুৰ পিছত বৰ্তমানৰ উল্লেখনীয় এক বিষয় হৈছে “হতাশগ্ৰস্ততা” অথবা “মানসিক বিষাদ”। প্ৰত্যেকেই এতিয়া নিজৰ মানসিক স্থিতি মজবুত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে; তেনেতেই হাৰ্টথ্ৰৱ জুবিন গাৰ্গে দিয়া মন্তব্যই এতিয়া একাংশৰ মনোবল বৃদ্ধি কৰাত সহায় কৰিছে। এগৰাকী সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ অভিনেতা সুশান্ত সিঙৰ অভিনয়ৰ প্ৰশংসা কৰাৰ লগতে কয় যে,

"এমাহ মান কষ্ট পাইছিলো, নিজক কষ্ট দিছিলো"- জুবিন গাৰ্গ 2

“তেওঁৰ সৈতে ব্যক্তিগত ভাৱে কথা-বতৰা হোৱা নাই যদিও তেওঁক মই বিভিন্ন এৱাৰ্ড ফাঞ্চন বোৰত দেখিছো। তেওঁক খুব ভাল লাগে, তেওঁৰ চিনেমাও মই চাইছো গতিকে তেওঁ এনেদৰে মৃত্যুক সাৱটি লোৱাটো বৰ বেছি আমনিদায়ক। তেওঁ যিহেটো আত্মহত্যা কৰিছে গতিকে ইয়াৰ আঁৰত হয়টো কোনো ডাঙৰ বিষয়ে অন্তৰ্ভূক্ত হৈ আছে। এই আটাইবোৰ কথা এতিয়া আৰক্ষী প্ৰশাসনে কৰা বিচাৰ-খোচাৰৰ পৰা লাভ কৰিব পৰা যাব।”

"এমাহ মান কষ্ট পাইছিলো, নিজক কষ্ট দিছিলো"- জুবিন গাৰ্গ 3


নৱপ্ৰজন্মক এনে কামৰ পৰা বিৰত থাকিবলৈ কোৱাৰ লগতে হাৰ্টথ্ৰৱ গৰাকীয়ে যে, “মই ডিপ্ৰেছনৰ বহু যুগ পাৰ কৰিছো। মোৰ হাততেই মোৰ ভগ্নী, মোৰ মাতৃ আৰু মোৰ বেষ্ট ফ্ৰেণ্ডৰ মৃত্যু হৈছে গতিকে এনেবোৰ কাৰণৰ ফলত মই এমাহমান কষ্ট পাইছিলো; নিজক কষ্ট দিছিলো কিন্তু এমাহৰ পিছত নিজকে নিজে ঠিক কৰি তুলিছিলো। শেহতীয়াকৈ মোৰ কামৰ বাবে হোৱা গা বেয়াৰ ফলত আৰু কেইটামান দিন পাৰ কৰিছো। বৰ্তমান নিজক সময় দিছো; নিজৰ মতে কাম কৰিছো।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.