Rupaliparda.com
বলীউডক কংগনা ৰাণাওঁটৰ "থপ্পড়"- 1

বলীউডক কংগনা ৰাণাওঁটৰ “থপ্পড়”-

মানসিক অশান্তিৰ ফলত বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতে মৃত্যুক সাৱটি লোৱা বুলি মন্তব্য কৰিছে একাংশই। কম বয়সতে অভিনেতা গৰাকীয়ে মৃত্যক বাচি লোৱাত হতবাক হৈ পৰিছে এতিয়া প্ৰত্যেকজন। সকলোৱে মাত্ৰ জানিব বিচাৰিছে যে সুশান্ত সিঙে কিয় মৃত্যুক সাৱটি ল’বলগীয়া হ’ল অথবা কি আছিল অভিনেতা গৰাকীৰ মৃত্যুৰ কাৰণ। সুশান্তৰ মৃত্যুত বিভিন্ন জনে দিয়া বিভিন্ন মন্তব্যক উফৰাই বৰ্তমান বলীউড ক্ষেত্ৰক প্ৰশ্ন উত্থাপন কৰিছে অভিনেত্ৰী কংগনা ৰাণাওঁটে। প্ৰায়ে নেপটিজিমক লৈ খুলি মত ব্যক্ত কৰা অভিনেত্ৰী গৰাকীয়ে এটি পোষ্ট দি কয় যে, “সুশান্ত সিং মৃত্যয়ে সকলোকে হতবাক কৰিছে। কিন্তু এতিয়াও কিছু লোকে কয় আছে যে যিসকল লোক মানসিক ভাৱে দূৰ্বল তেওঁলোকে আত্মহত্যা কৰে। যিজন ব্যক্তি ইঞ্জিনিয়াৰিং ক্ষেত্ৰখনত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছিল তেওঁ মানসিক ভাৱে কেনেদৰে দূৰ্বল হ’ব পাৰে! সুশান্তে নিজৰ কিছু পূৰণি ছবিক লৈ প্ৰায়ে লিখিছিল যে মোৰ ইয়াত কোনো গ’ড ফাডাৰ নাই। মোক ইয়াৰ পৰা উলিয়াই দিব।


অভিনেতা গৰাকীয়ে নিজেই বহুবাৰ সাক্ষাৎকাৰত এই কথা উল্লেখ কৰিছিল যে ইণ্ডাস্ত্ৰীটোৱে তেওঁক আপোন কৰি লোৱা নাই। গতিকে এনেক্ষেত্ৰত আপোনালোকে কেনেদৰে অভিনেতাগৰাকীৰ মৃত্যুক কেৱল মানসিক দূৰ্বলতা বুলি ক’ব পাৰে; তেওঁৰ প্ৰথমখন ছবি “কাই পোছে”; ইমান সুন্দৰ হৈছিল কিন্তু তেওঁক কিয় কোনো এৱাৰ্ড দিয়া নহ’ল? “চিচোৰে” শ্ৰেষ্ঠ ছবি আছিল কিন্তু তাৰ বাবেও কোনো প্ৰশংসা নাই। ইয়াৰ সলনি “গঁলী বয়” ক কিন্তু এৱাৰ্ড দিয়া হ’ল। এইবোৰ কি অশান্তি নহয়?? “

বলীউডক কংগনা ৰাণাওঁটৰ "থপ্পড়"- 2


ইয়াৰ উপৰিও অভিনেত্ৰী গৰাকীয়ে বিভিন্ন কথাৰ মাজেৰে শেষত কয় যে, “এয়া আত্মহত্যা নহয়; পূৰ্ব পৰিকল্পিত হত্যাকাণ্ড। সুশান্তৰ ভুল হ’ল যে মানুহে তেওঁক কাম নোহোৱা বুলি কওঁতে তেওঁ সেইটো বিশ্বাস কৰি ল’লে।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.