Rupaliparda.com
শিহৰণকাৰী প্ৰেম কাহিনীৰ চুটি ছবি "Miss Match"- 1

শিহৰণকাৰী প্ৰেম কাহিনীৰ চুটি ছবি “Miss Match”-

সম্প্ৰতি সময়ত চুটি ছবিৰ প্ৰাধান্যতা মন কৰিবলগীয়া। ইখনৰ পিছত সিখন চুটি ছবিয়ে এতিয়া আকৰ্ষণ কৰিছে দৰ্শক ও জনসাধাৰণক। বৰ্তমান পৰিস্থিতিত পূৰ্ণদৈৰ্ঘ্যৰ ছবিসমূহে পিছ হূঁহুকি যোৱা ফলত দৰ্শকক মনোৰঞ্জন কৰোৱাবলৈ একোখন চুটি ছবি মুক্তি লাভ কৰা দেখিবলৈ পোৱা গৈছিল। এই চুটি ছবিসমূহৰ নিৰ্মাণৰ ক্ষেত্ৰত বহুল পৰিমাণে দেখিবলৈ পোৱা গৈছে নৱ প্ৰজন্মৰো উদীয়মান কিছু শিল্পী, কলা-কুশলীক। এওঁলোকৰ চুটি ছবিসমূহত অন্তৰ্ভূক্ত বিষয়বস্তুৰ লগতে তেওঁলোকৰ অভিনয় ও পৰিচালনাও লেখত ল’বলগীয়া। ইতিমধ্য এনে বহু চুটি ছবিৰ উদাহৰণ আপোনালোকে পাইছে অথবা এই সমূহ আপোনালোকে উপভোগো কৰিছে। প্ৰেম, সংঘাত আদিৰ পৰা শিশু ও বিভিন্ন জন জনসাধাৰণৰ মানসিক স্থিতিক লৈও নিৰ্মাণ কৰা হৈছিল এই ছবিসমূহ। এনে এক প্ৰেমৰ কাহিনীক লৈয়ে নিৰ্মাণ কৰা হৈছিল চুটি ছবি “Miss Match”

শিহৰণকাৰী প্ৰেম কাহিনীৰ চুটি ছবি "Miss Match"- 2


বিনীত ঝা’ ৰ কাহিনী আৰু পৰিচালনাৰে নিৰ্মিত এই চুটি ছবিখনত দৰ্শকে সোঁৱাদ লাভ কৰিব শিহৰণকাৰী প্ৰেমৰ। “কিন্নড়” ৰ এক চমু চৰিত্ৰৰ পৰিদৰ্শন দেখিবলৈ পোৱা গৈছিল উক্ত চুটি ছবিখনত। কিছু ক্ষেত্ৰত চুটি ছবিখনত কাল্পনিক ভাৱে দৰ্শকক আঁজুৰিছে যদিও ছবিখনৰ উপস্থাপন মন কৰিবলগীয়া। ছবিখনে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ছবি সমাৰোহ ক্ৰমে Mozimotion Film Festival, Intimalent/intimatelens Film Festival আৰু Las Vegas Global Fest ত মনোনয়ন লাভ কৰাৰ উপৰিও ই Sylhet Film Festival, GIDSAFF ত বঁটা লাভ কৰিবলৈও সক্ষম হয়। মুকুত নাথ, বিনীত ঝা, ৰাহুল বড়োৰ দ্বাৰা প্ৰযোজিত এই ছবিখনত অভিনয় কৰিছে মুকুত নাথ, পিঁয়ূস শৰ্মা, কুহেলিকা ৰয় চৌধুৰী, প্ৰশান্ত তিৱাৰী, দিব্যা চৌধুৰী আৰু সৌৰভ বৰাই।
মুকুত নাথৰ বিষয়বস্তু আৰু চন্দ্ৰ কুমাৰ দাসৰ দৃশ্যগ্ৰহণেৰে এই ছবিখনৰ সম্পাদনা

শিহৰণকাৰী প্ৰেম কাহিনীৰ চুটি ছবি "Miss Match"- 3


মুকুত নাথৰ বিষয়বস্তু আৰু চন্দ্ৰ কুমাৰ দাসৰ দৃশ্যগ্ৰহণেৰে এই ছবিখনৰ সম্পাদনা কৰিছিল অভিজিৎ ৰয়ে; আনহাতে ছবিখনত অন্তৰ্ভূক্ত সংগীত আৰু শব্দ মিশ্ৰণ হিৰু পবনৰ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform