Rupaliparda.com
মেছেজ দি উত্তৰ বিচৰাৰ বাবে কৰণ জহৰে ব্লক কৰিলে এইগৰাকী অভিনেতাকঃ 1

মেছেজ দি উত্তৰ বিচৰাৰ বাবে কৰণ জহৰে ব্লক কৰিলে এইগৰাকী অভিনেতাকঃ

বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুত এতিয়া হাঁহাকাৰৰ সৃষ্টি হৈছে। এফালৰ পৰা “নেপটিজিম” ক শেষ কৰা বাবে ধ্বনি দিছে একাংশই। চচিয়েল মিডিয়াত ট্ৰেণ্ডিঙত চলিছে এতিয়া #BoycottKaranJohar অথবা #BoycottNepotism। এনেক্ষেত্ৰতে এইবাৰ এজন নৱপ্ৰজন্মৰ অভিনেতাই কৰণ জহৰলৈ দিলে মেছেজ। পংকজ শৰ্মা নামৰ অভিনেতাগৰাকীয়ে ৱাটচআপ যোগে কৰণ জহৰলৈ মেছেজ কৰি বিভিন্ন প্ৰশ্নৰ উত্থাপন কৰাৰ উপৰিও “নেপটিজিম” ক প্ৰশ্ৰয় দিয়াক লৈও উত্তৰ বিচাৰে অভিনেতাগৰাকীয়ে। উক্ত মেছেজৰ আটাইবোৰ স্ক্ৰীণছট লৈ অভিনেতাগৰাকীয়ে পোষ্ট কৰে চচিয়েল মিডিয়াত। উল্লেখ্য যে, চচিয়েল মিডিয়াত এতিয়া বহুল ৰূপত ভাইৰেল হৈ পৰিছে অভিনেতা পংকজ শৰ্মাৰ এই দুই মেছেজ। চাওঁক এই মেছেজঃ

মেছেজ দি উত্তৰ বিচৰাৰ বাবে কৰণ জহৰে ব্লক কৰিলে এইগৰাকী অভিনেতাকঃ 2
মেছেজ দি উত্তৰ বিচৰাৰ বাবে কৰণ জহৰে ব্লক কৰিলে এইগৰাকী অভিনেতাকঃ 3


মেছেজ দুটাক বিভিন্ন জনে ভূৱা মন্তব্য কৰাৰ বাবে পুনৰ বাৰ এটি পোষ্ট যোগে অভিনেতাগৰাকীয়ে দিয়া মেছেজক লৈ স্পষ্টীকৰণ দিয়ে। তেওঁ কয় যে, “মই এজন শিল্পী; কাৰোবাৰ মৃত্যুক লৈ মই ভূৱা বাতৰি প্ৰস্তুত নকৰো। কাৰোবাৰ বিশ্বাস কৰিবলৈ মন কৰক নহ’লে যাওঁক।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.