Rupaliparda.com
সংস্কৃতিক লৈ থকা একাংশৰ লেতেৰা মানসিকতাক প্ৰশ্ন বৰ্ণালী কলিতাৰঃ 1

সংস্কৃতিক লৈ থকা একাংশৰ লেতেৰা মানসিকতাক প্ৰশ্ন বৰ্ণালী কলিতাৰঃ

বলীউড অভিনেতা সুশান্ত সিঙৰ মৃত্যুৰ পিছত এতিয়া মনোৰঞ্জন ক্ষেত্ৰখনক লৈ বিভিন্ন প্ৰশ্নৰ সৃষ্টি হৈছে। বহু শিল্পীয়ে এতিয়া মুখ খুলি নিজৰ মতামত ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে। সংস্কৃতিক লৈ একাংশই হেতাঁলি খেলাত এতিয়া প্ৰশ্ন উত্থাপন কৰিছে কন্ঠশিল্পী বৰ্ণালী কলিতাই। সংস্কৃতিৰ নামত একাংশৰ লেতেৰা মানসিকতাক ধিক্কাৰ যাঁচে কন্ঠশিল্পী গৰাকীয়ে। বিভিন্ন সময়ত চচিয়েল মিডিয়াক অস্ত্ৰৰ দৰে ব্যৱহাৰ কৰাত বৰ্ণালী কলিতাই এতিয়া নিজ ক্ষোভ উজাৰিছে একাংশৰ ওপৰত । কিছুদিন পূৰ্বে বৰ্ণালী কলিতাকো মানসিক ভাৱে আক্ৰমণ কৰাৰ লগতে শিল্পী গৰাকীয়ে সন্মুখীন হোৱা কিছু ঘটনাৰ কথা ভাৱিয়ে তেওঁ এটি পোষ্টৰ জৰিয়তে নিজৰ সমষ্ট কথা ব্যক্ত কৰে। উল্লেখ্য যে, কিছু দিন পূৰ্বে বৰ্ণালী কলিতাক প্ৰায় ৫৭ খন ফেচবুক পেজৰ পৰা লাইভ আহিবলৈ অনুৰোধ কৰিছিল যদিও কন্ঠশিল্পী গৰাকী অমান্ত হৈছিল।

সংস্কৃতিক লৈ থকা একাংশৰ লেতেৰা মানসিকতাক প্ৰশ্ন বৰ্ণালী কলিতাৰঃ 2
সংস্কৃতিক লৈ থকা একাংশৰ লেতেৰা মানসিকতাক প্ৰশ্ন বৰ্ণালী কলিতাৰঃ 3


কিন্তু কালক্ৰমত, এই আটাইবোৰ কথাৰ প্ৰসংগ তুলি একাংশ ফেচবুক পেজৰ প্ৰকাশকে বৰ্ণালী কলিতাৰ মিম প্ৰস্তুত কৰি ভাইৰেল কৰিবলৈ প্ৰস্তুতি হোৱা বুলি কথা শুনিবলৈ পোৱা যায়। আচলতে, বেয়াৰ মাজতো যে ভাল থাকে ইয়াৰ প্ৰমাণ সদায় সৰু বৰ কথাত পাব পৰা যায়। বৰ্ণালী কলিতাৰ কিছু শুভাকাংক্ষীৰ তৎপৰতাত কন্ঠশিল্পী গৰাকী এই আটাইবোৰ তথ্য পাবলৈ সক্ষয় হয় আৰু তেওঁ আইনৰ কাষ চাপে। বৰ্ণালী কলিতাই দিয়া উক্ত পোষ্টটোত এতিয়া বিভিন্নজন অনুৰাগীৰ কমেন্ট দেখিবলৈ পোৱা গৈছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.