Rupaliparda.com
গৰিমা শইকীয়া গাৰ্গে ৰাইজৰ ওচৰত বিচাৰিছে সুখৰ সংজ্ঞাঃ 1

গৰিমা শইকীয়া গাৰ্গে ৰাইজৰ ওচৰত বিচাৰিছে সুখৰ সংজ্ঞাঃ

বৰ্তমান কেওঁদিশে চৰ্চা লাভ কৰা এটি বিষয় হৈছে বলীউড অভিনেতা সুশান্ত সিঙৰ মৃত্যু। যি সময়ত ক’ভিড ১৯ য়ে এক আতংকয় পৰিস্থিতিৰ সৃষ্টি কৰিছে ঠিক তেনে সময়তে তিনি গৰাকী জনপ্ৰিয় অভিনেতাৰ মৃত্যুয়ে মৰ্মাহত কৰি তুলিছে সকলোকে। কম বয়সতে অভিনেতা গৰাকীয়ে লোৱা আত্মঘাতীৰ সিদ্ধান্তই এতিয়া সকলো জনসাধাৰণকে নিজ নিজ মানসিক স্থিতিক লৈ ভাৱিবলৈ বাধ্য কৰি তুলিছে। চিলেব্ৰেটী সমূহে আহ্বান জনাইছে জীৱনটোক মৰম কৰিবলৈ আৰু ঠিক তেনে সময়তে নিজৰ মত ব্যক্ত কৰিবলৈ আগবাঢ়ি আহিল যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ পত্নী গৰিমা। প্ৰায় বিভিন্ন বিষয়ত খুলি মত ব্যক্ত কৰা গৰিমা শইকীয়া গাৰ্গে সুশান্ত সিঙৰ মৃত্যুতো শোক প্ৰকাশ কৰে আৰু এক সংবাদপত্ৰ যোগে কয় যে যোৱা কেইবছৰমানত তেওঁৰ বাবে আটাইতকৈ ভাল লগা বলীউডৰ অভিনেতা গৰাকীয়ে আছিল সুশান্ত। আগন্তুক সময়ত অভিনেতা গৰাকীয়ে শীৰ্ষস্থান দখল কৰিব পাৰিলহেঁতেন বুলিও মন্তব্য কৰে গৰিমাই।

গৰিমা শইকীয়া গাৰ্গে ৰাইজৰ ওচৰত বিচাৰিছে সুখৰ সংজ্ঞাঃ 2


সুশান্ত সিঙৰ মনৰ নিভৃত কোণত থকা নিসংগতা ও হতাশাই তেওঁক মৃত্যুৰ দুৱাৰ ডলিচালৈ টানি নিয়াত গৰিমাই প্ৰত্যেকৰে ওচৰত এতিয়া বিচাৰিছে সুখ ও শান্তিৰ সংজ্ঞা। জীয়াই থাকিবলৈ কিহে আমাক সহায় কৰে এই বিষয় লৈও জনসাধাৰণৰ ওচৰত প্ৰশ্নৰ উত্থাপন কৰে জুবিন গাৰ্গৰ পত্নীয়ে। দুদিন পূৰ্বে জুবিন গাৰ্গেও নৱপ্ৰজন্মক তৎক্ষণাত এনে কিছু পথ বাছি নোলোৱাৰ আহ্বান জনায় আৰু সোনকালে এই মানসিক অৱসাদৰ পৰা ওলাই আহিবলৈ উপদেশ দিয়ে। জুবিন গাৰ্গ ও পত্নী গৰিমাৰ এনে বোৰ কথাই কিছু ক্ষেত্ৰত হ’লেও দৰ্শকৰ মনত উৎসাহৰ সৃষ্টি কৰিব বুলি ক’ব পৰা যায়।

গৰিমা শইকীয়া গাৰ্গে ৰাইজৰ ওচৰত বিচাৰিছে সুখৰ সংজ্ঞাঃ 3


উল্লেখ্য যে, মুম্বাইৰ পৰা উভতি আহি ক’ভিড ১৯ পৰীক্ষা ঋণাত্মক অহাত জুবিন ও গৰিমাক নিজ বাসগৃহলৈ পঠিয়াই দিয়া হয়। নিজ বাসগৃহতেই ১৪ দিনৰ কোৱাৰেন্টাইনত থাকে এওঁলোক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform