“ক’ৰ’ণা ভাইৰাছ” য়ে আতংকিত কৰা সম্প্ৰতি পৰিস্থিতিটোয়ে প্ৰত্যাহ্বান আনিছে ছবি গৃহসমূহলৈ। বিগত মাৰ্চ মাহৰ পৰা স্তব্ধ কৰি ৰখা হৈছে ছবিগৃহ সমূহ। ফলত ছবি ক্ষেত্ৰ সমূহে বেয়া পৰিস্থিতিৰ সন্মুখীন হ’ব পাৰে বুলিও মন্তব্য কৰিছিল একাংশই। কিন্তু মনোৰঞ্জন ক্ষেত্ৰখনত বিৰাম জানো লগাব পাৰিব কোনোবাই? ইয়াৰ অবিৰত যাত্ৰাত কোনোৱে স্তব্ধতা আনিব নোৱাৰে; দৰ্শকক মনোৰঞ্জন কৰোৱাবলৈ ই বিকল্প পথ বাচি লোৱা ইতিমধ্যে দেখিবলৈ পোৱা গৈছে। ডিজিটেল অথবা OTT (over the top) প্লেটফৰ্ম বোৰে ছবিসমূহক মুক্তিৰ গ্ৰহণযোগ্য পথ দিয়া দেখিবলৈ পোৱা গৈছে। কেইবাখনো নতুন ছবিক OTT প্লেটফৰ্মত মুকলি কৰাৰ কথা আপোনালোকে হয়টো শুনিছে; ইয়াৰ আৰম্ভণি ইতিমধ্যে হিন্দী ছবি “গোলাব সিতাবো” ৰ দ্বাৰা কৰা হৈছে। ইয়াৰ পিছতেই আন ছবি সমূহকো OTT প্লেটফৰ্মতেই মুকলি কৰা সিদ্ধান্ত লৈছে একাংশই। যদিও এই ডিজিটেল প্লেটৰ্ফম সমূহৰ কিছু ঋণাত্মক স্থিতি দেখিবলৈ পোৱা যায় তৎস্বত্বেও এনে পৰিস্থিতিত যে একমাত্ৰ ইয়ে দৰ্শকক মনোৰঞ্জন যোগান ধৰাত সহায় কৰিছে তাক নুই কৰিব নোৱাৰি।

হিন্দী ছবি ক্ষেত্ৰত থকা এনে বহু ডিজিটেল প্লেটফৰ্মত আমি এতিয়ালৈ বহু ছবি অথবা ৱেব চিৰিজেই হওঁক উপভোগ কৰিবলৈ সক্ষম হৈছো। কিন্তু, এতিয়া অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনতো এনে কিছু প্লেটফৰ্মৰ আৰম্ভণি হৈছে; এনে এক অসমীয়া OTT প্লেটফৰ্মৰ নাম হৈছে “70mmFlix”। উল্লেখ্য যে, ইয়াত এতিয়ালৈ কেইবাখনো অসমীয়া পূৰণি ছবিক অন্তৰ্ভূক্ত কৰা হৈছে। “দেউতা দিয়া বিদায়” ৰ পৰা আৰম্ভ কৰি “হিয়াৰ দাপোনত তোমাৰেই ছবি”, “কনকলতা” ৰ উপৰিও “ক-য়াদ” আদিৰ দৰেও ছবিক উপলদ্ধ কৰি তোলা হৈছে উক্ত চাইটটোত। অসমীয়া পূৰণি ছবিৰ লগতেই কিছু ন-পূৰণি টিভি চিৰিজকো উপলদ্ধ কৰা হৈছে এই নতুন ডিজিটেল প্লেটফৰ্ম “70mmFlix” ত। ইয়াত কিছু ছবি উপভোগ বিনামূলীয়া কৰি ৰখা হৈছে যদিও কিছু ছবি উপভোগ কৰিবলৈ ইয়াত মাছুল ভৰ্তি কৰিব লাগিব। যিসমূহ হৈছে ক্ৰমে; এমাহৰ বাবে ৯৯ টকা, তিনি মাহৰ বাবে ১৯৯ টকা আৰু ছয়মাহৰ বাবে ২৯৯ টকা।

অসমীয়া পূৰণি ছবি সমূহক পুনৰ এবাৰ দৰ্শকৰ আগত সজীৱ কৰিবলৈ কৰা এই প্ৰয়াসত বৰ্তমান উৎসাহী অসমীয়া চলচিত্ৰ প্ৰেমী দৰ্শকো। অসমীয়া ছবিৰ ক্ৰমশ উঠি অহা ধাৰাটোক উদ্গনি জগোৱাত ই সক্ষম বুলি ক’ব পৰা যায়।
Add comment