অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত এতিয়া মুম্বাই পুলিচে বহুল হাৰত তেওঁৰ সৈতে জড়িত লোকসকলৰ সৈতে কথা-বতৰা আৰম্ভ কৰিছে; য’ত এতিয়া অভিনেতা গৰাকীৰ ঘৰত কৰ্মৰত লোকজনে কিছু কথা খুলি কোৱা দেখিবলৈ পোৱা গৈছে। তেওঁ কয় যে, অভিনেতা গৰাকীয়ে আত্মহত্যাৰ তিনিটা দিনৰ আগত তেওঁলোকৰ সমগ্ৰ দৰমহা দি দিয়াৰ লগতে অভিনেতা গৰাকীয়ে বিত্তীয় সমস্যাৰ ফলত তেওঁৰ ঘৰত কাম কৰা লোক সকলক দৰমহা দিব পৰা নাছিল বুলিও ব্যক্ত কৰে। ঠিক একে নিচিনা মন্তব্যই কৰে সুশান্তৰ মেনেজাৰে গৰাকীয়েও; তেওঁ কয় যে মেনেজাৰগৰাকীৰ বাকী থকা সমগ্ৰ টকাক কিছুদিন পূৰ্বে উভতাই দিছিল অভিনেতাগৰাকীয়ে। উল্লেখ্য, সুশান্তৰ মৃত্যুৰ ১০ দিন আগলৈ তেওঁৰ সৈতে সংস্পৰ্শত থকা আটাইকেইজন লোকৰ সৈতে আৰক্ষীয়ে নিজৰ সোধ-পোছ আৰম্ভ কৰিছে।


ইয়াৰ ভিতৰত অন্তৰ্ভূক্ত আছিল অভিনেতা গৰাকীৰ পৰিয়াল ও তেওঁৰ প্ৰেয়সী। এক সূত্ৰনুসৰি গম পোৱা গৈছে অভিনেতা গৰাকীয়ে পূৰ্ব মেনেজাৰ দিশা সলিয়নৰ সহায়ৰ ফলত এখন ৱেব চিৰিজৰ ১৪ কোটি টকাৰ অফাৰ পাবলগীয়া আছিল; কিন্তু মেনেজাৰ গৰাকীৰ মৃত্যুয়ে অভিনেতাগৰাকীক আন এক কৰ্মৰ প্ৰত্যাহ্বানৰ সন্মুখীন কৰোৱাইছিল। এজন আৰক্ষী বিষয়াই জনোৱা মতে, সুশান্তে কিছু প্ৰকল্পক লৈ ২ তাৰিখে পূৰ্ব মেনেজাৰ গৰাকীৰ সৈতে কথা পাতিছিল। কিন্তু ৪ তাৰিখে হোৱা মেনেজাৰ গৰাকীৰ মৃত্যুয়ে অভিনেতাগৰাকীক হতাশাৰ মাজলৈ ঠেলি পঠিয়াইছিল।
1 comment