Rupaliparda.com
আকৌ এটি পূৰণি কাহিনীক সংগীতৰেৰে ৰাইজৰ মাজলৈ অনা চেষ্টাঃ আহি আছে জয় বৰুৱাৰ "উষা-অনিৰুদ্ধ"- 1

আকৌ এটি পূৰণি কাহিনীক সংগীতৰেৰে ৰাইজৰ মাজলৈ অনা চেষ্টাঃ আহি আছে জয় বৰুৱাৰ “উষা-অনিৰুদ্ধ”-

“উষা-অনিৰুদ্ধ” ৰ কাহিনীক লৈ আহি আছে জনপ্ৰিয় কন্ঠশিল্পী জয় বৰুৱা। “তেজীমলা” ৰ বহুল জনপ্ৰিয়তাৰ পিছত এইবাৰ আকৌ পূৰণি কাহিনী এটিক সংগীতৰ আকাৰ দিয়াৰ চেষ্টা কন্ঠশিল্পী গৰাকীৰ। জিন্তু গগৈৰ কথা আৰু পৰিচালনাৰে এই গীতটিৰ সংগীত প্ৰযোজনা দীপকেশ বৰগোঁহাইৰৰ। গীতটিত গীতাৰৰ দায়িত্বত আছে অনিৰুদ্ধ বৰুৱা। চচিয়েল মিডিয়াত বিভিন্ন আপডেট দি ৰখা এই গীতটিক অতি সোনকালে দৰ্শক ও শ্ৰোতাৰ মাজলৈ অনাৰ কথা প্ৰকাশ কৰে কন্ঠশিল্পী গৰাকীয়ে। সংগীত ক্ষেত্ৰৰ এক প্ৰতিষ্ঠিত নাম জয় বৰুৱা; বলীউডৰ সমান্তৰালকৈ তেওঁ অসমীয়া ছবি ক্ষেত্ৰতো জনপ্ৰিয়।

মুম্বাইত প্ৰতিষ্ঠিত এই গৰাকী অসম সন্তানক লৈ গৌৰৱ নকৰি আছলতে নোৱাৰি; টেলেগু ছবিৰ গীততো জয় বৰুৱাই কন্ঠদান কৰিছে। বিজ্ঞাপনত থকা জিংগলত কন্ঠদান কৰাৰ দ্বাৰা নিজৰ কেৰিয়াৰ আৰম্ভ কৰা জয় বৰুৱাই বলীউড ছবি “মুঝসে ফ্ৰেণ্ডছিপ কৰোগে” ৰ পৰা আদি কৰি “জিন্দেগী না মিলেগী দোৱাৰা”, তথা “মুন্না ভাই এম বি বি এছ” ইত্যাদি কেইবাখনো ছবিৰ গীতত কন্ঠদান কৰাৰ উপৰিও অনু মালিক, প্ৰীতম, শংকৰ এহচান লয় আদিৰ সৈতে একেলগে সংগীত পৰিচালক হিচাপেও কাম কৰিছে।

https://www.instagram.com/p/CBUhGZ8H894/?utm_source=ig_web_copy_link


২০১০ চনত তেওঁ অসমীয়া ভাষাত মুঠ ৮ গীতৰ এলবাম “জয়ঃ লুকিং আউট দা উইণ্ডো” নিৰ্মাণ কৰে। এই এলবামটোৰে গীত “জয়মতী” য়ে তাত থকা আঠটা গীতৰ ভিতৰত অধিক শ্ৰোতাক আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ২০১০ চনতেই জয় বৰুৱাই তেওঁৰ উক্ত এলবামটোৰ বাবে বিগ অসমীয়া মিউজিক এৱাৰ্ডত “শ্ৰেষ্ঠ নৱাগত কন্ঠশিল্পী বঁটা” লাভ কৰে। হেঙুল থিয়েটাৰৰ নাট “খিৰিকী” ত জয় বৰুৱাই পোন প্ৰথমবাৰৰ বাবে এটা অসমীয়া গীতত নেপথ্য গায়ক ৰূপে কন্ঠদান কৰে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform