Rupaliparda.com
চিত্ৰশিল্পী কন্দৰ্প শৰ্মা আৰু নৃত্যশিল্পী ও অভিনেত্ৰী ঝৰ্ণা শইকীয়ালৈ "বিষ্ণু ৰাভা বঁটা"- 1

চিত্ৰশিল্পী কন্দৰ্প শৰ্মা আৰু নৃত্যশিল্পী ও অভিনেত্ৰী ঝৰ্ণা শইকীয়ালৈ “বিষ্ণু ৰাভা বঁটা”-

ক’ৰ’ণাতংকৰ মাজতেই সাংস্কৃতিক মহললৈ সুখবৰ। অহা কাইলৈ অনুষ্ঠিত কলাগুৰু বিষ্ণু ৰাভা দিৱস উপলক্ষে জনপ্ৰিয় চিত্ৰশিল্পী কন্দৰ্প শৰ্মা আৰু নৃত্যশিল্পী ও অভিনেত্ৰী ঝৰ্ণা শইকীয়াক প্ৰদান কৰা হ’ব ২০২০ বৰ্ষৰ “বিষ্ণু ৰাভা বঁটা”। মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শিল্পী দুগৰাকীক প্ৰদান কৰিব এই বঁটা। মূখ্যমন্ত্ৰীৰ সৈতে এই বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকিব মন্ত্ৰী ৰামেশ্বৰ তেলীকে ধৰি নৱ কুমাৰ দলে, সঞ্জয় কিষান, মূখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামী, বিধায়ক প্ৰশান্ত ফুকন তথা বিধায়ক ঋতুপৰ্ণ বৰুৱা। উল্লেখ্য যে, ১৯৪৮ চনত গুৱাহাটীস্থিত কামাখ্যাত জন্মগ্ৰহণ কৰা চিত্ৰশিল্পী কন্দৰ্প শৰ্মাই গুৱাহাটী চাৰু কাৰু কলা মহাবিদ্যালয়ত শিক্ষকতা কৰাৰ লগতে ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈ মহাবিদ্যালয়ৰ অধ্যক্ষৰ দায়িত্ব ৰূপায়ন কৰাৰ উপৰিও অসমৰ চিত্ৰকলা ক্ষেত্ৰখনলৈও বৰঙণি আগবঢ়ায়। তেওঁ ইতিমধ্যে বিভিন্ন ঠাইত নিজৰ চিত্ৰকলা প্ৰদৰ্শন কৰি কৃতিত্ব অৰ্জন কৰিবলৈও সক্ষম হৈছে।

চিত্ৰশিল্পী কন্দৰ্প শৰ্মা আৰু নৃত্যশিল্পী ও অভিনেত্ৰী ঝৰ্ণা শইকীয়ালৈ "বিষ্ণু ৰাভা বঁটা"- 2
চিত্ৰশিল্পী কন্দৰ্প শৰ্মা আৰু নৃত্যশিল্পী ও অভিনেত্ৰী ঝৰ্ণা শইকীয়ালৈ "বিষ্ণু ৰাভা বঁটা"- 3


আনহাতে অভিনেত্ৰী ও নৃত্যশিল্পী ঝৰ্ণা শইকীয়া অসমীয়া সাংস্কৃতিৰ এক জনপ্ৰিয় নাম। ১৯৭৪ চনত চিনেমা “ৰতনলাল” ত নায়িকাৰ চৰিত্ৰ ৰূপায়ন কৰি দৰ্শকৰ সঁহাৰি লাভ কৰা ঝৰ্ণা শইকীয়াই ১৯৭৫ চনৰ পৰা আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত “বি-হাই” নাট শিল্পীৰূপে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত লোকনৃত্য প্ৰদৰ্শন কৰি দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও,এই শিল্পী গৰাকী বিভিন্ন টেলফিল্মত অভিনয় কৰাৰ লগতে দূৰদৰ্শনৰ সম্প্ৰচাৰিত নাটক আৰু টেলিফিল্ম ও তথ্যচিত্ৰৰ বাবে চিত্ৰনাট্যৰো ৰচনা কৰিছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform