Rupaliparda.com
মনোৰঞ্জনৰ সমান্তৰালকৈ আত্মৰক্ষাৰ ক্ষেত্ৰতো দিছে বিশেষ মনোযোগঃ JRU Entertainment ৰ আন তিনি শ্ব'- 1

মনোৰঞ্জনৰ সমান্তৰালকৈ আত্মৰক্ষাৰ ক্ষেত্ৰতো দিছে বিশেষ মনোযোগঃ JRU Entertainment ৰ আন তিনি শ্ব’-

UD Talks ৰ সফলতাৰ পিছত JRU Entertainment ৰ সৌজন্যত আহি আছে আন তিনিটা নতুন অনুষ্ঠান। মনোৰঞ্জনৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়ছোৱাত আটাইতকৈ প্ৰয়োজনীয় হৈ পৰা শৰীৰ আৰু আত্মৰক্ষাৰ ক্ষেত্ৰতো এওঁলোকে আৰম্ভ কৰিছে বিভিন্ন অনুষ্ঠানৰ। ইতিমধ্যে UD Talksৰ পৰা দৰ্শকে বহুল হাৰত সমাদৰ লাভ কৰাত উক্ত JRU Entertainment ৰ এই আহিবলগীয়া অনুষ্ঠান কেইটিও যে দৰ্শকক আমোদ প্ৰদান কৰিব সেয়া একাষাৰে কয় দিলেও হয়টো ভুল কোৱা নহ’ব। বৰ্তমান এনে কৰ্মব্যস্ততাৰ সময়ত এটা প্ৰতিষ্ঠানলৈ ওলাই গৈ এটি আত্মৰক্ষাৰ ক্লাছ লোৱাটো সম্ভৱপৰ নহয় ফলত একাংশৰ ইয়াৰ প্ৰতি ইচ্ছা থকা স্বত্বেও সেই ইচ্ছাক আধাতে সামৰি থ’বলগীয়াত পৰে। গতিকে, এনেক্ষেত্ৰত আহিবলগীয়া তিনিটা শ্ব’য়ে দৰ্শকক আমোদ দিয়াৰ সমান্তৰালকৈ যে দৈনন্দিন জীৱনত চলাত সহায় কৰিব সেয়া নিশ্চিত। আনহাতে, চুটি ছবিক লৈও JRU Entertainment য়ে আৰম্ভ কৰিছে এক অনুষ্ঠান।

মনোৰঞ্জনৰ সমান্তৰালকৈ আত্মৰক্ষাৰ ক্ষেত্ৰতো দিছে বিশেষ মনোযোগঃ JRU Entertainment ৰ আন তিনি শ্ব'- 2


“লক-ডাউন” সময়ছোৱাত বিভিন্ন খন চুটি ছবি আপোনালোকে নিশ্চয় উপভোগ কৰিছে। পূৰ্বতে নিৰ্মিত চুটি ছবিকো “লক-ডাউন” ৰ সময়ছোৱাত মুকলি কৰি দিয়া হৈছিল গতিকে অসমত থকা প্ৰতিভা ও পৰিচালনা আৰু বিষয়বস্তুৰ ক্ষেত্ৰত থকা পুংখানুপুংখতা আমি নুই কৰিব নোৱাৰো। ফলত JRU Entertainment য়ে আৰম্ভ কৰা এটি শ্ব’ যোগে আকৌ কিছু ন-ন বিষয়বস্তুৰে নিৰ্মিত চুটি ছবি উপভোগ কৰিবলৈ সক্ষম হ’ব জনসাধাৰণে। ইয়াত মুক্তি পাবলগীয়া তিনি শ্ব’ হৈছে ক্ৰমে “Swagat Yoga”, “Pankz Kickz” আৰু শেষত হৈছে “Jru Shorts”

মনোৰঞ্জনৰ সমান্তৰালকৈ আত্মৰক্ষাৰ ক্ষেত্ৰতো দিছে বিশেষ মনোযোগঃ JRU Entertainment ৰ আন তিনি শ্ব'- 3
মনোৰঞ্জনৰ সমান্তৰালকৈ আত্মৰক্ষাৰ ক্ষেত্ৰতো দিছে বিশেষ মনোযোগঃ JRU Entertainment ৰ আন তিনি শ্ব'- 4


উল্লেখ্য যে, JRU Entertainment ৰ সৌজন্যত মুক্তি পোৱা উদয়ন দুৱৰা টক শ্ব’ ত বিভিন্ন জন অসমীয়া ও হিন্দী ছবিৰ চিলেব্ৰেটীক কথা পতা দেখিবলৈ পোৱা গৈছিল। শ্ব’টো যোগেৰে বিভিন্ন জনে নিজ নিজ মনৰ কথাও ব্যক্ত কৰিছিল।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform