Rupaliparda.com
"Nandy Sisters" আৰু মেঘৰঞ্জনীৰ যুগলবন্দীঃ 1

“Nandy Sisters” আৰু মেঘৰঞ্জনীৰ যুগলবন্দীঃ

“Nandy Sisters” ৰ কন্ঠ আৰু মেঘৰঞ্জনীৰ নৃত্যই আপ্লুত কৰিছে অসমীয়া দৰ্শকক। বিগত সময়ছোৱাত “Nandy Sisters” ৰ কন্ঠৰে বিভিন্ন গীত ইতিমধ্যে উপভোগ কৰিবলৈ সক্ষম হৈছে জনসাধাৰণে। অন্তৰা নন্দীক সমগ্ৰ ভাৰতবৰ্ষই টেলিভিছন পৰ্দাত অথবা তেওঁৰ কন্ঠই পূৰ্বতেই লাভ কৰিছিল চিনাকী কিন্তু সম্প্ৰতি নিজ কনিষ্ঠ ভগ্নী অংকিতা নন্দীৰ সৈতে লগ হৈ কিছু “যুগলবন্দী” ৰে দৰ্শক ও শ্ৰোতাক আকৌ এবাৰ মোহাচ্ছন্ন কৰি তুলিছে এওঁলোকে। এই দুই ভগ্নী বৰ্তমান থাকে মহাৰাষ্ট্ৰত। “লক-ডাউন” ৰ সময়ছোৱাত ৰঙালী বিহুক লৈ এওঁলোকে কন্ঠদান কৰি উলিওৱা এটি বিহু গীতক চচিয়েল মিডিয়াত বহুল হাৰত শ্বেয়াৰ কৰা হৈছিল। সাধাৰণ জনৰ লগতে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও শ্বেয়াৰ কৰিছিল তেওঁলোকে কন্ঠদান কৰা গীতটিক। ক্ষন্তেকতে তেওঁলোকে নাম পাইছিল “ভাইৰেল গাৰ্লছ” ৰূপে। এইবাৰ কিছু ব্যতিক্ৰম; এইবাৰ তেওঁলোকে কন্ঠদান কৰা “ৰাভা গীত” টিত কেৱলমাত্ৰ তেওঁলোককেই নহয়, দেখিবলৈ পোৱা গৈছে অসমৰ জনপ্ৰিয় নৃত্যশিল্পী মেঘৰঞ্জনীকো।


ৰাভা সংগীত “বিশ্বৰে চন্দে চন্দে” ক নতুনকৈ প্ৰস্তুত কৰি কন্ঠদান কৰিছে উক্ত “নন্দী চিষ্টাৰচ” য়ে আৰু ইয়াক নিজ নৃত্যৰে সোণত সুৱগা কৰিছে মেঘৰঞ্জনীয়ে। এই শিল্পী কেই গৰাকীৰ এনে প্ৰচেষ্টাত সঁহাৰিও জনাইছে জনসাধাৰণে। ভিডিঅ’টোৱে খলকনি লগাবলৈ সক্ষম হৈছে এতিয়া চচিয়েল মিডিয়াত।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.