১৪ জুন তাৰিখে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত কেইবাটাও নতুন খবৰ ওলাই আহিছে। খবৰনুসৰি, সুশান্তে আত্মহত্যা কৰাৰ পিছতেই বলীউডৰ ভিন্ন জন বলীউড তাৰকাৰ মুখা খোলা দেখিবলৈ পোৱা গৈছে। অভিনেত্ৰী কংগনা ৰাণাওঁটৰ পৰা আৰম্ভ কৰি অভিনেতা সাহিল খান আৰু পৰিচালক অভিনৱ কাশ্যপে নিজ মুখে ব্যক্ত কৰে চুপাৰষ্টাৰ ছলমান খানৰ কিছু ক’লা অধ্যায়।
নিৰ্দেশক অভিনৱ কাশ্যপে ছলমান খানৰ পৰিয়ালৰ ওপৰত কিছু গুৰু-গম্ভীৰ আৰোপ লগাই কয় যে, “মোৰ ক্ষেত্ৰতো এই আটাইবোৰ বস্তুৰ পৰা বৰ বেছি বেলেগ নহয়। মই বহুত শোষণ সহ্য কৰিছো। দহ বছৰ পূৰ্বে “ডবংগ ২” ৰ পৰিচালনাৰ পৰা মোক বাহিৰ উলিয়াই দিয়া হৈছিল কাৰণ অৰৱাজ খান আৰু সোহেল খান আছিল; এওঁলোকে মোৰ কেৰিয়াৰত স্তব্ধতা আনিব খুজিছিলে। মোক ভয় খুৱাই ৰখাও হৈছিল। অৰৱাজ খানে মোৰ দ্বিতীয়টো প্ৰকল্প অষ্টবিনায়কো নষ্ট কৰি পেলাইছিল।” তেওঁ কয় যে, “বেশৰম” ক নষ্ট কৰিবলৈও এওঁলোকে চেষ্টা কৰিছিল কিন্তু ছবিগৃহত ই ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ল।
ইয়াৰ পিছত প্ৰয়াত অভিনেত্ৰী জিয়া খানৰ মাতৃ ৰাবিয়া অমীনেও ছলমান খানৰ ওপৰত কিছু গম্ভীৰ আৰোপ লগায়। কিন্তু এতিয়া টুইটাৰত ছলমান খানৰ সমৰ্থনত আৰম্ভ হৈছে হেছটেগৰ। #WeStandBySalmanKhan ক লৈ প্ৰায় ৩ লাখৰো অধিক টুইট কৰা হৈছে।
Add comment