Rupaliparda.com
দেৱৰাজ বৰা ও ৰাকেশ ৰিয়ানে ৰাভা গীতেৰে ৰাভাদেৱেলৈ জনাইছে শ্ৰদ্ধাঞ্জলিঃ 1

দেৱৰাজ বৰা ও ৰাকেশ ৰিয়ানে ৰাভা গীতেৰে ৰাভাদেৱেলৈ জনাইছে শ্ৰদ্ধাঞ্জলিঃ

আজি বিষ্ণু ৰাভা দিৱস। অসমীয়া সংস্কৃতিৰ ভঁৰাল চহকী কৰা বিষ্ণুপ্ৰসাদ ৰাভালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁৰেই একোটি গীতৰ জৰিয়তে শিল্পীগৰাকীলৈ প্ৰণাম জনাইছে নৱপ্ৰজন্মৰ দুই কন্ঠশিল্পীয়ে। দেৱৰাজ বৰা আৰু ৰাকেশ ৰিয়ানৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত ৰাভাদেৱৰ দুই পূৰণি গীতে পুনৰ বাৰ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে দৰ্শক ও শ্ৰোতাক। প্ৰতিটো ক্ষেত্ৰতেই আগবাঢ়ি থকা আজিৰ নৱপ্ৰজন্মই পূৰণি কিছু ধাৰাক নতুন ৰূপত সজাই ৰাইজৰ মাজলৈ লৈ অনাত তেওঁলোক একপ্ৰকাৰ সফল বুলিয়ে ক’ব পৰা যায়। বৰ বেছি নহ’লেও কন্ঠদান কৰা দুই-তিনিটা গীতেৰেই শ্ৰোতাৰ হৃদয়ত স্থান বনোৱা কন্ঠশিল্পী দেৱৰাজে মুক্তি দিছে ৰাভা সংগীত “ফুলকুঁৱৰী”। ইয়াৰ নতুন সংস্কৰণটোত কন্ঠদান কৰিছে তেওঁ; গীতটিত সংগীত দিছে অনুপম কোঁৱৰে। তেজপুৰত জন্মগ্ৰহণ কৰা এই শিল্পী গৰাকীয়ে হৈছে দেৱৰাজ বৰা। বিশিষ্ট শাস্ত্ৰীয় সংগীতৰ গুৰু প্ৰয়াত পূণ্যব্ৰত দেৱগোস্বামীৰ ওচৰত শিক্ষা গ্ৰহণ কৰা দেৱৰাজৰ গীতসমূহত শাস্ত্ৰীয় সংগীতৰ লগতে অসমীয়া থলুৱা সুৰৰো অনুভৱ কৰিব পৰা যায়।


আনহাতে, জনপ্ৰিয় কন্ঠশিল্পী ৰাকেশ ৰিয়ানেও নিজ কন্ঠৰে এটি ৰাভা গীত গাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শিল্পী গৰাকীক। “পৰজনমৰ শুভলগনত” শীৰ্ষক গীতটিত কন্ঠদান কৰে কন্ঠশিল্পী গৰাকীয়ে। কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত তেওঁৰ গীত “অস্ত বেলি” য়ে ইতিমধ্যে লাভ কৰিবলৈ সক্ষম হৈছে জনপ্ৰিয়তা। “লক-ডাউন” ৰ পৰিস্থিতিটোক লৈ নিৰ্মিত এই গীতটোত অসমীয়া শিল্পী সকলেও যোগদান কৰা দেখিবলৈ পোৱা গৈছিল।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.