Rupaliparda.com
"জানমণি খন আচলতে ৱেব ফিল্ম নাছিল; ইয়াক চিত্ৰগৃহৰ বাবে নিৰ্মাণ কৰা হৈছিল"- বিষ্ণুজ্যোতি সন্দিকৈ 1

“জানমণি খন আচলতে ৱেব ফিল্ম নাছিল; ইয়াক চিত্ৰগৃহৰ বাবে নিৰ্মাণ কৰা হৈছিল”- বিষ্ণুজ্যোতি সন্দিকৈ

বিগত ৬ বছৰৰ অন্তত মুক্তি পালে এন.কে প্ৰডাকচনৰ বেনাৰত এখন ছবি “জানমণি ২০২০”। ছবিগৃহত মুক্তি দিবলগীয়া আছিল যদিও “লক-ডাউন” ৰ প্ৰভাৱৰ ফলত ছবিখনক মুক্তি কৰি দিয়া হ’ল “NK Bigstar” শীৰ্ষক এপটোত। বহু প্ৰত্যাশিত এই ছবিখনক লৈ অপেক্ষাৰত হৈ আছিল বহু চলচিত্ৰ প্ৰেমী দৰ্শক। বিষ্ণুজ্যোতি সন্দিকৈৰ কাহিনী, চিত্ৰনাট্য , সংলাপ আৰু পৰিচালনাৰে নিৰ্মিত ছবিখনৰ আন আন চৰিত্ৰত অভিনয় কৰিছে দিগাংগনা বৰা, দীপাংকৰ মহন্ত, দীপজ্যোতি মহন্ত, অৰুণ হাজৰিকা, দেৱানন্দ শইকীয়া,ভৱানী ভূঞা, উদয় শংকৰ, সূৰ্য শইকীয়া, বৈশালী নৱ মেধি, ৰাজমণি ভূঞা, অপৰ্ণা তামুলী, বাসৱ কুমাৰ দাসৰ লগতে কেইবাগৰাকীও ন-পূৰণি শিল্পীয়ে। প্ৰেম, বিষাদ, সংঘাতৰ কাহিনীৰে নিৰ্মিত এই ছবিখন এপ্ৰিল মাহতেই মুকলি কৰিবলগীয়া আছিল যদিও গুগলত মুক্তি পাবলগীয়া এপটোৰ কিছু কাৰিকৰী সমস্যাৰ ফলত “জানমণি ২০২০” ক মুকলি কৰা হ’ল কিছুদিন পূৰ্বে। ছবিখনৰ পৰিচালক গৰাকীৰ সৈতে হোৱা কথা-বতৰাত যেতিয়া এনে.কে প্ৰডাকচন আকৌ উভতি আহি তেওঁৰ ছবিক নতুনকৈ মুক্তি দিয়াত দৰ্শকৰ সঁহাৰিৰ বিষয়ে সোধা হৈছিল তেতিয়া তেওঁ কয় যে,

"জানমণি খন আচলতে ৱেব ফিল্ম নাছিল; ইয়াক চিত্ৰগৃহৰ বাবে নিৰ্মাণ কৰা হৈছিল"- বিষ্ণুজ্যোতি সন্দিকৈ 2
"জানমণি খন আচলতে ৱেব ফিল্ম নাছিল; ইয়াক চিত্ৰগৃহৰ বাবে নিৰ্মাণ কৰা হৈছিল"- বিষ্ণুজ্যোতি সন্দিকৈ 3

“দৰ্শকে ছবিখন উপভোগ কৰিছে; যিসকল দৰ্শকে এতিয়ালৈ এই ছবিখন উপভোগ কৰিছে তেওঁলোকৰ পৰা যথেষ্ট ধনাত্মক সঁহাৰিয়ে পাইছো। আশা কৰিছো, আগন্তুক সময়লৈও যিসকল দৰ্শকে ছবিখন উপভোগ কৰা নাই তেওঁলোকে “NK Bigstar” এপটো ফোনত ইনষ্টল কৰি এমাহৰ বাবে ৯৯ টকাৰে তাত অন্তৰ্ভূক্তি কৰক আৰু “জানমণি ২০২০” উপভোগ কৰক। কিয়নো, দৰ্শকে ছবিখন চালেহে আমি উৎসাহী হ’ম আৰু আহিবলগীয়া সময়ত কামবোৰ অধিক ইচ্ছাৰে কৰিব পাৰিম।” ইয়াৰ উপৰিও, ছবিখন ছবিগৃহত মুক্তি লাভ নকৰাৰ ফলত দৰ্শকৰ সঁহাৰি কমি গৈছে নেকি বুলি সোধাত পৰিচালক বিষ্ণুজ্যোতি সন্দিকৈয়ে কয় যে, “জানমণি ২০২০ খন আচলতে ৱেব ফিল্ম নাছিল; এইখন ছবিগৃহৰ বাবে প্ৰস্তুত কৰা হৈছিল। যিসকল কাৰিকৰী দিশৰ ফালৰ পৰা অভ্যস্ত দৰ্শকে ছবিখন ইতিমধ্যে চাইছে তেওঁলোকে নিশ্চয় গম পাব যে আমি ছবিখনৰ দৃশ্যগ্ৰহণ ছবিগৃহৰ বাবেহে কৰা হৈছিল।”

"জানমণি খন আচলতে ৱেব ফিল্ম নাছিল; ইয়াক চিত্ৰগৃহৰ বাবে নিৰ্মাণ কৰা হৈছিল"- বিষ্ণুজ্যোতি সন্দিকৈ 4


লগতে তেওঁ কয় যে, “যিহেটো জানমণি ২০২০” ক ৰূপালীপৰ্দাত মুকলি কৰিবলৈ নিৰ্মাণ কৰা হৈছিল সেইকাৰণে দৰ্শকে বৰ্তমান মোবাইল স্ক্ৰীণত ছবিখন উপভোগ কৰোতে কিছু প্ৰতিকূল মূহুৰ্তৰ সন্মুখীন হ’ব পাৰে; কাৰণ এখন বৃহৎ স্ক্ৰীণৰ বাবে নিৰ্মিত ছবিখনক যেতিয়া সংকীৰ্ণ অৱস্থালৈ অৰ্থাৎ ৬.৫ ইঞ্চিৰ এটা মোবাইল ফোনলৈ লৈ অনা হয় তেতিয়া সপোনটো যথেষ্ট সৰু হৈ পৰে।” “ক’ভিড ১৯” ৰ ফলত পৰিস্থিতিয়ে যিটো কৈছে তাকেই আমি গ্ৰহণ কৰিছো কিন্তু এটা কথা ক’বই লাগিব যে ছবিখন চিত্ৰগৃহত চোৱা হ’লে হয়টো দৰ্শকে প্ৰকৃত উপভোগ্যতাটো লাভ কৰিলেহেঁতেন।” পৰিচালকগৰাকীক আগন্তুক প্ৰকল্পৰ বিষয়ে সোধাত তেওঁৰ আহিবলগীয়া প্ৰজেক্ট সমূহ প্ৰাৰম্ভিক অৱস্থাত আছে বুলি প্ৰকাশ কৰে তেওঁ। আনহাতে তেওঁ ৰূপালীপৰ্দাকো ধন্যবাদ জ্ঞাপন কৰি কয় যে, “অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনক উদ্দেশ্যি নিৰৱিচ্চিন্ন ভাৱে কাম কৰি যোৱা ৰূপালীপৰ্দাৰ বাহিৰে মই আন কাকো দেখা নাই। ৰূপালীপৰ্দাৰ এনে ধাৰাবাহিক প্ৰচেষ্টাক মই শলাগ লৈছো।”

2 comments

Leave a Reply

  • সখী মোৰ সখী,
    তোমাৰ বাবেই মোৰ এই দিন, এই
    ৰাতি…
    তুমি নাহিলে নুফুলে ফুল,
    ফুল যেন জোনাক…

The Ultimate Managed Hosting Platform