Rupaliparda.com
ড° ভূপেন হাজৰিকাক সুঁৱৰি নিৰ্মাণ "যাযাবৰ"- 1

ড° ভূপেন হাজৰিকাক সুঁৱৰি নিৰ্মাণ “যাযাবৰ”-

ড° ভূপেন হাজৰিকা; সংস্কৃতি ক্ষেত্ৰৰ এক জনপ্ৰিয় ও উল্লেখনীয় নাম; যি গৰাকী শিল্পীয়ে অসমীয়া সংস্কৃতিৰ ভঁৰাল চহকী কৰি থৈ যোৱাৰ সমান্তৰালকৈ তেওঁৰ গীত ও প্ৰত্যেকটো সৃষ্টি বৰ্তমানেও সোমাই আছে জনসাধাৰণৰ মন গহ্বৰত। তেওঁৰ সৃষ্টৰাজি আগত ৰাখিয়ে একান্ত উদীয়মান সংগীত শিল্পীয়ে আৰম্ভ কৰিছে নিজ সংগীতময় যাত্ৰা; কেৱল মাত্ৰ অসমৰ চুকে-কোণে নহয় ড° ভূপেন হাজৰিকা বিৰাজমান হৈছিল ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰৰ সাংস্কৃতিক ক্ষেত্ৰখনতো। এখন শুদ্ধ আৰু নিকা সমাজ গঢ়াৰ স্বাৰ্থত গীত গাইছিল ড° ভূপেন হাজৰিকাই; ৰচিছিল সেইবোৰ গীত য’ত নাছিল কোনো ধৰণৰ শোষণকাৰীৰ পৰ্যালোচনা লগতে নাছিল কোনো জাতিভেদ। অসম ৰত্ন, সংগীত সূৰ্য্য আদি অনেক বিভূষণেৰে সন্মানিত, অসম সাহিত্য সভাৰ সভাপতি, ভাৰতীয় চলচিত্ৰৰ সৰ্বোচ্ছ সন্মান দাদা চাহেব ফাল্কে বঁটা বিজয়ী ড° ভূপেন হাজৰিকালৈ একাংশ শিল্পী, কলা-কুশলীয়ে যাঁচিলে শ্ৰদ্ধাঞ্জলি।


বৰলুইত প্ৰডাকচন নিবেদিত “যাযাবৰ” শীৰ্ষক এটি গীতৰ জৰিয়তে বিশ্ববিশ্ৰুত শিল্পী গৰাকীলৈ যঁচা হ’ল শ্ৰদ্ধাঞ্জলি। উক্ত গীতটিত কন্ঠদান কৰিছে মুম্বাইত প্ৰতিষ্ঠিত কন্ঠশিল্পী শান লগতে জিতুল সোণোৱাল, অনুপম শইকীয়া, গায়ত্ৰী হাজৰিকা, ৰূপালী কাশ্যপ, বৰণ বিকাশ, হিয়া মেধি আৰু ৰিতু বিকাশে। নেকিবৰ কথাৰে ৰচিত এই গীতটিত সংগীত পৰিচালনা জেকিবৰ লগতে শব্দ সংমিশ্ৰণ অভিজিৎ বৰ্মণৰ। গীতটিৰ ভিডিঅ’ত যোগদান কৰিছে যতীন বৰাই আৰু ইয়াৰ ভিডিঅ’ পৰিচালনা সুৰেশ মেধিৰ। গীতটিৰ চিনেমেটো’গ্ৰাফীৰ দায়িত্বত আছে বিকাশ চৌধুৰী লগতে ইয়াৰ সম্পাদনা বিজিত ডেকা। গীতটিত আবৃত্তি কৰিছে মুনিন্দ্ৰ ভৰালীয়ে।


উল্লেখ্য যে, ড° ভূপেন হাজৰিকাৰ জীৱন কাহিনীক কেন্দ্ৰ কৰি নিৰ্মাণ কৰি উলিওৱা হৈছে এখন ছবি “যাযাবৰ-দা লিজেণ্ড”। ছবিখনৰ চিত্ৰনাট্য, সংলাপৰ লগতে ইয়াৰ পৰিচালনাৰ দায়িত্বত আছে কন্ঠশিল্পী ও নিৰ্মাতা সদানন্দ গগৈ। এ.এম টেলিভিছনৰ বেনাৰত নিৰ্মিত ছবিখনৰ প্ৰযোজনা সঞ্জীৱ নাৰায়ণৰ। এই ছবিখনত অভিনয় কৰিছে চেতনা দাস, আইমী বৰুৱা, কিশোৰ চৌধুৰী, মনোজ কুমাৰ দাস, এনিশা শৰ্মা, নন্দিনী কাশ্যপ, ৰূপম বৰুৱা, দেৱজিৎ হাজৰিকা, ৰাজশ্ৰী আগৰৱাল, সমীৰণ পোদ্দাৰ, কবিতা দুৱৰা, ৰূপম অনুৰাগ, ৰূপজ্যোতি দাস, জুলী লহকৰ, প্ৰশান্ত দাস, গৌতম পাঠক, অঞ্জন জ্যোতি বওজ, স্পেইনী, শ্ৰেয়াছ মল্ল বুজৰবৰুৱা আৰু ৰাজদ্বীপে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform