Rupaliparda.com
বাবু, ভৃগু, নেকিব, ৰিংকু এইবাৰ একেলগেঃ ২৭ তাৰিখে মুক্তি পাব এওঁলোকৰ গীতৰ "Mashup"- 1

বাবু, ভৃগু, নেকিব, ৰিংকু এইবাৰ একেলগেঃ ২৭ তাৰিখে মুক্তি পাব এওঁলোকৰ গীতৰ “Mashup”-

অসমীয়া সংগীত জগতৰ চাৰিজনীয়া জনপ্ৰিয় কন্ঠশিল্পীৰ যুঁটিৰে আহি আছে এটি অসমীয়া গীতৰ “Mashup”। চাৰিগৰাকী কন্ঠশিল্পীৰ কেইটামান মনপৰশা গীতক একত্ৰিত কৰি নিৰ্মাণ কৰি উলিওৱা হৈছে “Hits Of Four”। বাবুবৰুৱা, ভৃগু কাশ্যপ, নেকিব আৰু ৰিংকু প্ৰিয়মৰ চাৰিটা গীত ক্ৰমে “পেডেল মাৰি মাৰি”, “টেক্সি গাড়ী, “অটোৱালা মই”, “আমেৰিকা জাপানত”, “বাৰিষাৰে বানত” আৰু “ABCD” ক লগ কৰি প্ৰস্তুত কৰা এই নতুন গীতটি মুক্তি লাভ কৰিব চলিত মাহৰ ২৭ তাৰিখে। উক্ত গীত কেইটিক আকৌ এবাৰ নতুন ৰূপত সজাই দৰ্শকৰ মাজত উলিয়াই দিয়াৰ প্ৰস্তুতি চলাইছে বৰ্তমান এওঁলোকে। উক্ত গীত কেইটিৰ জনপ্ৰিয়তা আচলতে নুই কৰিব নোৱাৰি; ইউটিউবত মুক্তি লাভ কৰা পিছৰে পৰাই গীত সমূহে লক্ষাধিক ভিউৱাৰচ গোটাবলৈ সক্ষম হয়।

বাবু, ভৃগু, নেকিব, ৰিংকু এইবাৰ একেলগেঃ ২৭ তাৰিখে মুক্তি পাব এওঁলোকৰ গীতৰ "Mashup"- 2


অহা ২৭ জুন তাৰিখে আহিবলগীয়া “Mashup” টোৰ ভিতৰত অন্তৰ্ভূক্ত গীতকেইটিৰ পৰিচালনা আছিল ক্ৰমে শেখৰ গোস্বামী, দ্বীপকেশ বৰগোঁহাই, পলাশ গগৈ, অৰূপ দত্ত আৰু পিংকল প্ৰত্যুেষে। গীত কেইটিৰ ব্যৱস্থাপনাৰ দায়িত্বত আছিল বাবু, ৰেকিনুল, চন্দন কাকতি, ভগৱান আৰু ভৃগু। বিগত কেইবাদিনো চাৰিওগৰাকী কন্ঠশিল্পীকে এই “Mashup” ৰ শ্বুটিঙৰ কামত ব্যস্ত থকা দেখিবলৈ পোৱা গৈছিল। আটাইকেইজন কন্ঠশিল্পীয়েই গীতটিক উদ্দেশ্যি ষ্টেটাচ দি আকৰ্ষণ কৰি ৰাখিছিল দৰ্শকক।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.